সমললৈ যাওক

অনুসূয়া সেনগুপ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুসূয়া সেনগুপ্তা

২০১৩ চনত সেনগুপ্তা
জন্ম ১৯৭৪ (বয়স ৫০–৫১)
বাংগালুৰু
নাগৰিকত্ব ভাৰতীয়
জনা যায় 'Whose Knowledge'-ৰ প্ৰতিষ্ঠাপক


অনুসূয়া সেনগুপ্তা (ইংৰাজী: Anasuya Sengupta)এগৰাকী ভাৰতীয় কবি, লেখিকা, কৰ্মী, আৰু ইণ্টাৰনেটত প্ৰান্তীয় কণ্ঠৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰৰ বিশেষজ্ঞ।[1][2]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৭৪ চনত ভাৰতৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া অভিজিত সেনগুপ্তা আৰু অভিনেত্ৰী, শিশু সাহিত্যৰ লেখিকা আৰু নাট্যকাৰ মাতৃ পলি সেনগুপ্তা (জন্ম অম্বিকা গোপালকৃষ্ণন)ৰ ঘৰত জন্মগ্ৰহণ কৰে।[3] শৈশৱৰ বেছিভাগ সময় তেওঁ দক্ষিণ ভাৰতৰ এটা অঞ্চল উত্তৰ কৰ্ণাটকত কটায়।

লালন-পালনৰ বিষয়ে সেনগুপ্তাই মন্তব্য কৰিছিল, "মই সামাজিক ন্যায়ৰ প্ৰতি দায়বদ্ধ পৰিয়ালত ডাঙৰ হৈছো।"[3] তেওঁ ইংৰাজী, হিন্দী, কানাড়া, বাংলা, তামিল আৰু মালয়ালম কয়।[4]

১৯৯২ চনত ইন্দিৰা নগৰৰ নেচনেল পাব্লিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণী সমাপ্ত কৰে। সেনগুপ্তাই ভাৰতৰ নতুন দিল্লীৰ দিল্লী বিশ্ববিদ্যালয়লেডী শ্ৰী ৰাম কলেজ ফৰ উইমেনৰ পৰা অৰ্থনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৯৫ চনত সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰে।[5][6][7]লেডী শ্ৰী ৰাম কলেজ ফৰ ৱমেনৰ এগৰাকী বিশিষ্ট প্ৰাক্তন ছাত্ৰী সেনগুপ্তাক ২০১৪ চনৰ লিংগজ্ঞান একাডেমিক কংগ্ৰেছত তেওঁৰ কবিতা "মৌনতা"ৰ এটা অংশ আবৃত্তি কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল৷[8]

১৯৯৮ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কুইন এলিজাবেথ হাউছৰ পৰা ৰোডছ স্কোলাৰ হিচাপে অধ্যয়ন কৰি তেওঁ উন্নয়ন অধ্যয়নত দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3][9] পিছলৈ তেওঁ অক্সফৰ্ডত ৰাজনীতিত ডক্টৰেট ডিগ্ৰীৰ কাম কৰে আৰু কৰ্ণাটকৰ আৰক্ষীৰ ভিতৰত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক গাঁথনি আৰু প্ৰথাৰ বিষয়ে অধ্যয়ন কৰে।[10] পল অমৰৰ নিউ ৰেচিয়াল মিছনছ অৱ পুলিচিং: ইণ্টাৰনেশ্যনেল পাৰ্চপেক্টিভছ অন ইভলভিং ল' নামৰ গ্ৰন্থ অনুসৰি অক্সফৰ্ডত তেওঁৰ গৱেষণাৰ শিৰোনাম আছিল "এম্বেডেড অৰ ষ্টাক: দ্য ষ্টাডি অৱ দ্য ইণ্ডিয়ান ষ্টেট, ইয়াৰ এম্বেডনেছ ইন ছ'চিয়েল ইনষ্টিটিউচনছ এণ্ড ষ্টেট কেপাচিটি।"[11] এই গ্ৰন্থখনত সেনগুপ্তাই এটা অধ্যায় লিখিছিল-যাৰ শিৰোনাম আছিল, "কনচেপ্ট, কেটেগৰী, এণ্ড ক্লেইম: ইনচাইটছ অন কাষ্ট এণ্ড এথনিচিটি'৷ ইয়াৰ উপৰিও সেনগুপ্তা ২০০৭ চনৰ পৰা ২০০৯ চনলৈকে বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত অতিথি পণ্ডিত আছিল।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Graham, Mark; Sengupta, Anasuya (2017-10-05). "We're all connected now, so why is the internet so white and western? | Mark Graham and Anasuya Sengupta" (en ভাষাত). The Guardian. https://www.theguardian.com/commentisfree/2017/oct/05/internet-white-western-google-wikipedia-skewed. 
  2. "Who edits Wikipedia?, Newshour - BBC World Service" (en-GB ভাষাত). BBC. 22 July 2018. https://www.bbc.co.uk/programmes/p06fdxyx। আহৰণ কৰা হৈছে: 2018-09-19. 
  3. 3.0 3.1 3.2 Beary, Habib (27 June 2003). "Indian's silence speaks to Hillary". BBC News. http://news.bbc.co.uk/2/hi/south_asia/3020008.stm. 
  4. 4.0 4.1 "Anasuya Sengupta - SheSource Expert - Women's Media Center" (en ভাষাত). www.womensmediacenter.com. https://www.womensmediacenter.com/shesource/expert/anasuya-sengupta। আহৰণ কৰা হৈছে: 2018-10-24. 
  5. Staff writers (20 July 2009). "DU passout's poem inspired chapter in Clinton's autobiography" (en ভাষাত). Hindustan Times. Archived from the original on 26 November 2017. https://web.archive.org/web/20171126065615/http://www.hindustantimes.com/delhi-news/du-passout-s-poem-inspired-chapter-in-clinton-s-autobiography/story-81j9laztOZpOiF8JWYN3hO.html. 
  6. Purdum, Todd S. (30 March 1995). "Hillary Clinton Finding a New Voice". The New York Times. https://www.nytimes.com/1995/03/30/world/hillary-clinton-finding-a-new-voice.html. 
  7. Melanne Verveer; Kim K. Azzarelli (6 October 2015). Fast Forward: How Women Can Achieve Power and Purpose. Houghton Mifflin Harcourt. পৃষ্ঠা. 4. ISBN 978-0-544-52800-0. https://archive.org/details/fastforwardhowwo0000verv। আহৰণ কৰা হৈছে: 25 November 2017. 
  8. Bains, Bani (2014-03-06). "Kamla Bhasin, Nivedita Menon and Vrinda Grover lead day one at LSR Genderknowledge" (en-US ভাষাত). DU Beat. http://dubeat.com/2014/03/lsr-genderknowledge-day-1-sun-lo-ab-sab-baat-humari-ab-din-hai-humara-raat-humaari/। আহৰণ কৰা হৈছে: 2018-12-15. 
  9. "Anasuya Sengupta – gladly beyond any distance". sanmathi.org. http://sanmathi.org/anasuya/। আহৰণ কৰা হৈছে: 1 December 2017. 
  10. "Speakers | Institute for South Asia Studies" (en ভাষাত). southasia.berkeley.edu. 2016-05-24. Archived from the original on 2018-10-25. https://web.archive.org/web/20181025071138/https://southasia.berkeley.edu/speakers-8। আহৰণ কৰা হৈছে: 2018-10-24. 
  11. Amar, Paul (2010). New racial issues [missions] of policing : international perspectives on evolving law-enforcement politics. Routledge. পৃষ্ঠা. iix. OCLC 730006171.