অনুৰাগ কাশ্যপ
| অনুৰাগ কাশ্যপ | |
|---|---|
২০২২ চনত অনুৰাগ কাশ্যপ | |
| জন্ম | ৰিংকু সিং [1] ১০ ছেপ্টেম্বৰ, ১৯৭২ (৫৩ বছৰ)[2] গোৰখপুৰ, উত্তৰ প্ৰদেশ, ভাৰত |
| শিক্ষানুষ্ঠান | হংসৰাজ মহাবিদ্যালয় (জীৱবিজ্ঞান) ছিন্দিয়া স্কুল, গোৱালিয়ৰ হিলগ্ৰেঞ্জ প্ৰিপেয়াটৰী স্কুল (দেহৰাদুন) |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৯৭–বৰ্তমানলৈকে |
| দাম্পত্যসঙ্গী |
|
| সন্তান | 1[3][4] |
| আত্মীয়-স্বজন |
|
| বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
অনুৰাগ কাশ্যপ (ইংৰাজী: Anurag Kashyap) (জন্ম ১০ ছেপ্টেম্বৰ ১৯৭২) হিন্দী চিনেমাজগতৰ এজন পৰিচিত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। তেওঁ চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ফৰাচী চৰকাৰে ২০১৩ চনত তেওঁক নাইট অৱ দ্য অৰ্ডাৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছ হিচাপে নিৰ্বাচিত কৰে।
ৰাম গোপাল বাৰ্মাৰ অপৰাধমূলক ড্ৰামা সত্যা (১৯৯৮)ত সহ-লেখক হিচাপে কাশ্যপে উল্লেখনীয় পৰিচিতি লাভ কৰিছিল৷ পাঞ্চ নামৰ ছবিখনৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে যদিও ছবিখনে চেঞ্চৰশ্বিপৰ সমস্যাৰ বাবে কেতিয়াও থিয়েটাৰত মুক্তি নাপালে৷ ইয়াৰ পিছত তেওঁ ১৯৯৩ চনৰ মুম্বাইত সংঘটিত বোমা বিস্ফোৰণৰ আধাৰত নিৰ্মিত ছবি ব্লেক ফ্ৰাইডে (২০০৪) পৰিচালনা কৰে। সেই সময়ত গোচৰটোৰ ৰায়দান বাকী থকাৰ বাবে জিলা চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডে ইয়াৰ মুক্তি দুবছৰ ধৰি ৰখাই থৈছিল৷ ২০০৭ চনত ছবিখনে মুক্তিলাভ কৰে আৰু সমালোচকৰ প্ৰশংসা আদায় কৰে। কাশ্যপৰ পৰৱৰ্তী ছবি ন’ স্ম'কিং (২০০৭)-এ মিশ্ৰিত সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচতো ছবিখনৰ প্ৰদৰ্শন বেয়া। তেওঁৰ পৰৱৰ্তী ছবিকেইখন হৈছে দেৱদি (২০০৯), গুলাল (২০০৯), আৰু থ্ৰিলাৰছবি ডেট গাৰ্ল ইন ইয়েলো বুটছ (২০১১)।
তেওঁঁ অধিক চৰ্চা লাভ কৰে দুটা খণ্ডৰ অপৰাধমূলক ড্ৰামা গেংছ অৱ ৱাছেপুৰ (২০১২)ৰ জৰিয়তে৷ ইয়াৰ পিছত কাশ্যপে সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি দ্য লাঞ্চবক্স (২০১৩), আৰু জীৱনীমূলক নাটক শ্বাহিদ (২০১২) সহ-প্ৰযোজনা কৰে৷ প্ৰথমখন ছবিৰ জৰিয়তে তেওঁ BAFTA Award for Best Film Not in the English Language লাভ কৰে। তেওঁৰ পৰৱৰ্তী প্ৰশংসিত ছবিসমূহ আছিল বম্বে টকীজ (২০১৩), আগলী (২০১৪), ছিৰিয়েল কিলাৰ ৰমন ৰাঘৱৰ পৰা অনুপ্ৰাণিত ৰমন ৰাঘৱ ২.০ (২০১৬) আৰু মুক্কাবাজ (২০১৮)। বিক্ৰম চন্দ্ৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত ভাৰতৰ প্ৰথমখন নেটফ্লিক্স অৰিজিনেল ছিৰিজ ক্ৰাইম থ্ৰিলাৰ ছেক্ৰেড গেমছৰ তেওঁ সহ-পৰিচালক।
তেওঁক বহুলভাৱে জীৱিত ভাৰতীয় পৰিচালকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।[5]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৭২ চনৰ ১০ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ গোৰখপুৰত গহৰৱাৰ ৰাজপুত[6] পৰিয়ালত অনুৰাগ কাশ্যপৰ জন্ম হয়।[7][8][9]তেওঁৰ পিতৃ প্ৰকাশ সিং উত্তৰ প্ৰদেশ ৰাজ্য বিদ্যুৎ উৎপাদন নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা আৰু বাৰাণসীৰ ওচৰৰ সোণভদ্ৰ জিলাৰ ওব্ৰা তাপ বিদ্যুৎ কেন্দ্ৰত তেওঁক নিযুক্তি দিয়া হৈছিল।[10]
ডেৰাডুনৰ হিলগ্ৰেঞ্জ প্ৰিপেৰেটৰী স্কুলৰ পৰা অনুৰাগ কাশ্যপে প্ৰাথমিক বিদ্যালয়, আৰু সপ্তম শ্ৰেণীৰ পৰা গোৱালিয়ৰৰ সিন্ধিয়া স্কুলত অধ্যয়ন কৰে৷
তেওঁৰ বহুলচৰ্চিত ছবি গেংছ অৱ ৱাছেপুৰত ব্যৱহৃত কিছুমান স্থান তেওঁৰ নিজৰ পুৰণি ঘৰৰ পৰা প্ৰভাৱিত হৈছে য'ত তেওঁ নিজেই পিতৃ-মাতৃ, ভগ্নী অনুভূতি কাশ্যপ আৰু ভাতৃ অভিনৱ কাশ্যপৰ সৈতে বাস কৰিছিল।[11][12] ভ্ৰাতৃ অভিনৱ এজন চলচ্চিত্ৰ নিৰ্মাতা, যিয়ে ব্লকবাষ্টাৰ ছবি দাবাংগ (২০১০)ৰ জৰিয়তে পৰিচালনাৰ জগতত আত্মপ্ৰকাশ কৰে। অনুভূতিয়ে তেওঁৰ বেছিভাগ ছবিতে তেওঁৰ সহযোগী হিচাপে কাম কৰি আহিছে।[13] আয়ুষ্মান খুৰানা, ৰাকুল প্ৰীত সিং, শ্বেফালী শ্বাহ আৰু শ্বীবা চাদ্ধা অভিনীত মেডিকেল কেম্পাছ কমেডী ডক্টৰ জি (২০২২) ছবিৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে৷
বিজ্ঞানী হোৱাৰ ইচ্ছাৰ বাবেই কাশ্যপে উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গৈ হন্সৰাজ কলেজ (দিল্লী বিশ্ববিদ্যালয়)ত প্ৰাণীবিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে৷ আৰু ১৯৯৩ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।[14][15][16] ইয়াৰ পিছত অৱশেষত তেওঁ ষ্ট্ৰীট থিয়েটাৰ গ্ৰুপ জননাট্য মঞ্চত যোগদান কৰে; আৰু বহুতো বাটৰ নাটক কৰিছিল।[12][16][17] সেই বছৰতে তেওঁৰ বন্ধু দুজনমানে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত "তেওঁক ডি চিকা ৰেট্ৰ'স্পেকটিভ চাবলৈ আহ্বান জনায়"।[11][12][18] তেওঁ দহ দিনত তেওঁ এই মহোৎসৱত ৫৫খন ছবি চালে৷ ছবিসমূহৰ ভিতৰত ভিট্টোৰিয়া ডি চিকাৰ চাইকেল থিভছ ছবিখনেই তেওঁক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছিল।[16][19]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "बॉलीवुड का रिंकू सिंह, भारत में लगे आपातकाल के बाद अनुराग कश्यप का नाम क्यों बदला गया था?". TV9 Hindi. 10 September 2025. https://www.tv9hindi.com/photo-gallery/entertainment-photos/anurag-kashyap-birthday-special-know-director-real-name-rinku-singh-3475146.html/amp.
- ↑ "Anurag Kashyap". British Film Institute. http://www.bfi.org.uk/films-tv-people/4ce2bc0e8e8a8.
- ↑ The Indian Express (10 September 2021). "Anurag Kashyap's deep bond with daughter Aaliyah Kashyap: 'Making me pose like a teenager'" (en ভাষাত). https://indianexpress.com/article/entertainment/bollywood/anurag-kashyap-birthday-photos-videos-with-daughter-aaliyah-kashyap-7499019/.
- ↑ "Bollywood shows up to Aaliyah Kashyap and Shane Gregoire's wedding reception: Sobhita Dhulipala and Naga Chaitanya make first appearance as newlyweds" (en-IN ভাষাত). The Hindu. 12 December 2024. https://www.thehindu.com/entertainment/movies/bollywood-shows-up-to-aaliyah-kashyap-and-shane-gregoires-wedding-reception-sobhita-dhulipala-and-naga-chaitanya-make-first-appearance-as-newlyweds/article68976137.ece.
- ↑ "10 essential modern Indian film directors" (en ভাষাত). BFI. 2017-05-11. https://www.bfi.org.uk/lists/10-essential-modern-indian-film-directors। আহৰণ কৰা হৈছে: 2025-11-05.
- ↑ "रिंकू सिंह कैसे बने अनुराग कश्यप, किस जाति के हैं ब्राह्मणों पर टिप्पणी करने वाले फिल्म मेकर?". Nav Bharat. 21 April 2024. https://navbharatlive.com/entertainment/anurag-kashyap-belong-to-kshatriya-varna-know-how-rinku-singh-of-up-became-anurag-kashyap-1194647.html.
- ↑ Sonar, Mamta (10 September 2017). "Anurag Kashyap birthday special: The unlucky love life of the renowned filmmaker". The Free Press Journal. http://www.freepressjournal.in/entertainment/anurag-kashyap-birthday-special-the-unlucky-love-life-of-the-renowned-filmmaker/1134615.
- ↑ "Anurag Kashyap turns 41; finds birthday wishes awkward". Daily News and Analysis. 10 September 2013. http://www.dnaindia.com/entertainment/report-anurag-kashyap-turns-41-finds-birthday-wishes-awkward-1886989। আহৰণ কৰা হৈছে: 10 July 2016.
- ↑ Parul Khanna (5 July 2013). "Anurag Kashyap, the Godfather". Hindustan Times. https://www.hindustantimes.com/brunch/anurag-kashyap-the-godfather/story-SW0CUzKTN8ElmqC7WKjPxL.html.
- ↑ "Clear light of day". Tehelka. 27 November 2004. http://archive.tehelka.com/story_main8.asp?filename=hub112704clear_light.asp.
- ↑ 11.0 11.1 "Moving beyond art". The Telegraph. 25 January 2009. http://www.telegraphindia.com/1090125/jsp/graphiti/story_10436021.jsp.
- ↑ 12.0 12.1 12.2 Shoma Chaudhury (7 October 2006). "Catcher in the Rye". Tehelka. http://archive.tehelka.com/story_main20.asp?filename=hub100706Catcher.asp.
- ↑ Suhani singh (31 May 2013). "Sister Act". India Today. https://www.indiatoday.in/magazine/glossary/story/20130610-anurag-kashyap-sister-anubhuti-to-venture-into-filmmaking-763933-1999-11-29.
- ↑ Akbar, Irena (14 June 2008). "Why Sica Moved Patna". The Indian Express. http://www.indianexpress.com/news/%3Cb%3EWHY-SICA-MOVED-PATNA%3C/b%3E/322391/.
- ↑ "Black Friday is based on facts!". Rediff.com. 5 April 2005. http://www.rediff.com/movies/2005/apr/05anurag.htm। আহৰণ কৰা হৈছে: 4 May 2015.
- ↑ 16.0 16.1 16.2 Saakshi Juneja (3 January 2007). "Interview Anurag Kashyap (Part 1) : A Man with a Vision". sakhijuneja.com. Archived from the original on 12 November 2014. https://web.archive.org/web/20141112054000/http://sakshijuneja.com/blog/2007/01/03/interview-anurag-kashyap-part-1-a-man-with-a-vision/। আহৰণ কৰা হৈছে: 4 May 2015.
- ↑ The 'Pahli Seedi' Anurag Kashyap Interview Archived 20 March 2009 at the Wayback Machine, excerpts from the interview (in Hindi) conducted by Pravesh Bhardwaj and Ajay Brahmatmaj
- ↑ "Anurag Kashyap's Biography". Koimoi. http://www.koimoi.com/director/anurag-kashyap/। আহৰণ কৰা হৈছে: 7 May 2015.
- ↑ Aniruddha Guha (1 February 2009). "Anurag Kashyap is jinxed no more". Daily News and Analysis. http://www.dnaindia.com/report.asp?newsid=1226649.