সমললৈ যাওক

অনুৰাধা কাপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুৰাধা কাপুৰ

২০১২ চনত অনুৰাধা কাপুৰ
জন্ম ১৯৫১
নৈনিতাল, ভাৰত
শিক্ষানুষ্ঠান মিৰাণ্ডা হাউচ, দিল্লী বিশ্ববিদ্যালয়
লীডছ্ বিশ্ববিদ্যালয়
পেচা নাট পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৭৩- বৰ্তমান
জনা যায় ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সঞ্চালক
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা (২০০৪);
জে বসন্তন লাইফটাইম এছিভমেণ্ট বঁটা (২০১৬)

অনুৰাধা কাপুৰ (ইংৰাজী: Anuradha Kapur ) এগৰাকী ভাৰতীয় নাট পৰিচালক আৰু নাটকৰ অধ্যাপক। তিনি দশকৰো অধিক সময় তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (NSD) অধ্যাপনা কৰিছিল আৰু ছয় বছৰ (২০০৭–২০১৩) এই প্ৰতিষ্ঠানখনৰ সঞ্চালক আছিল। নাট্য পৰিচালক হিচাপে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত তেওঁক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়।[1] ২০১৬ চনত নাট্যক্ষেত্ৰত দেখুওৱা উৎকৃষ্টতাৰ বাবে জে বসন্তন লাইফটাইম এছিভমেণ্ট বঁটা লাভ কৰে।[2] পৰিচালক হিচাপে তেওঁৰ কাম মুক্ত আৰু পাৰস্পৰিক ক্ৰিয়াশীল প্ৰকৃতিৰ বাবে বিখ্যাত।

কাপুৰে দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতী মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰিছিল। কিন্তু তেওঁ সদায় নিশ্চিত আছিল যে নাটক পেছা হিচাপে ল'ব বিচাৰে।[4] পঢ়াশলীয়া দিনত তেওঁ ওম শিৱপুৰীৰ নেতৃত্বধীন নাট্যগোষ্ঠী দিশান্তৰৰ সদস্য আছিল আৰু মোহন ৰাকেশৰ আধে-আধুৰেকে ধৰি কেইবাখনো নাটকত অভিনয় কৰিছিল। কলেজৰ পৰা ছুটী লৈ তেওঁ ব্ৰিটেইনৰ লিডছ বিশ্ববিদ্যালয়ত নাটক আৰু নাট্যকলাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু অৱশেষত পি এইচ ডি সম্পূৰ্ণ কৰে।

১৯৮১ চনত কাপুৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে। পিছলৈ তেওঁ অধ্যাপক হয়, আৰু অৱসৰ লোৱালৈকে NSDৰ সৈতে থাকে। এই সময়ছোৱাত তেওঁ বহু ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাইছিল, যিসকলে থিয়েটাৰ আৰু চলচ্চিত্ৰত নাম উজলাইছিল। ইয়াৰে কেইজনমান হ'ল- সীমা বিশ্বাস, ইৰফান খান, ৰাজপাল যাদৱ, নৱাজুদ্দিন ছিদ্দিকী আৰু আদিল হুছেইন।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]