অনুৰাধা কৃষ্ণমূৰ্তি
| অনুৰাধা কৃষ্ণমূৰ্তি | |
|---|---|
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | চীজ নিৰ্মাতা আৰু কৌশল পৰামৰ্শদাতা |
| জনা যায় | নাৰী শক্তি পুৰস্কাৰ |
অনুৰাধা কৃষ্ণমূৰ্তি এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী আৰু চীজ নিৰ্মাতা ৷ সতীৰ্থ নম্ৰতা সুন্দৰেসনৰ সৈতে তেওঁ ২০১৭ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে ৷
কেৰিয়াৰ
[সম্পাদনা কৰক]অনুৰাধা কৃষ্ণমূৰ্তিয়ে বিশেষভাৱে সক্ষম লোকসকলৰ সৈতে কাম কৰাৰ লক্ষ্যৰে এটা সংস্থা স্থাপন কৰিছিল আৰু তেওঁলোকক কাম বিচাৰি উলিওৱাত সহায় কৰিছিল। [1] ২০১৬ চনত কৃষ্ণমূৰ্তিয়ে চেন্নাইত চেফ নম্ৰতা সুন্দৰেসনৰ সৈতে ''কেচে চীজ'' প্ৰতিষ্ঠা কৰে। [2] প্ৰায় দহ বছৰ ধৰি দুয়োগৰাকীৰ এগৰাকীয়ে আনগৰাকীক চিনি পাইছিল আৰু তেওঁৰ এইগৰাকী নতুন বিজনেছ পাৰ্টনাৰৰ চাকৰিটো আছিল ষ্ট্ৰেটেজি কনচালটেন্সীত। তেওঁলোকৰ ব্যৱসায়ৰ প্ৰথমটো উৎপাদন আছিল এক প্ৰকাৰৰ কোৱাৰ্ক ৷ [3] স্থানীয় উপাদান যোগ কৰি পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰি অন্যান্য প্ৰাকৃতিক চীজ তৈয়াৰ কৰে, যেনে মিলাগাই পডি ব্যৱহাৰ কৰি "অ'ড টু চেন্নাই" নামৰ চেডাৰ চীজ তৈয়াৰ কৰে। কৃষ্ণমূৰ্তিৰ সামাজিক উদ্যোগীকৰণৰ পটভূমিৰ বাবেই তেওঁ বিশেষভাৱে সক্ষম মহিলাসকলক নিয়োগ আৰু প্ৰশিক্ষণ দিছিল। ২০২০ চনলৈকে কেছে ৩০ টাতকৈও অধিক প্ৰকাৰৰ চীজ উৎপাদন কৰি আছিল। [2]

কৃষ্ণমূৰ্তি আৰু সুন্দৰেসন দুয়োগৰাকীয়ে উদ্যোগীকৰণৰ বাবে ২০১৭ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে। [4] ২০১৮ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ হৈ [5] ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে। এই বঁটা ভাৰতৰ ভিতৰতে মহিলাৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ সন্মান। [6]
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ (en ভাষাত). 10 April 2018. Archived from the original on 10 February 2021. https://web.archive.org/web/20210210181358/https://thelogicalindian.com/exclusive/meet-the-nari-shakti-puruskar-receipents-who-are-empowering-disabled-women/.
- 1 2 (en ভাষাত). 6 January 2020. Archived from the original on 10 February 2021. https://web.archive.org/web/20210210181125/https://www.deccanchronicle.com/lifestyle/viral-and-trending/060120/cheese-with-a-cause.html.
- ↑ Anna (2017-03-15). "The Käse Of Making Cheese In Chennai: An Interview With The Founders Of Käse Cheese" (en-US ভাষাত). HungryForever Food Blog. https://www.hungryforever.com/kase-making-cheese-chennai-interview-founders-kase-cheese/। আহৰণ কৰা হৈছে: 2021-02-14.
- ↑ . 19 March 2018. Archived from the original on 10 February 2021. https://web.archive.org/web/20210210181101/https://www.newindianexpress.com/lifestyle/food/2018/mar/19/a-cheesy-effort-to-give-women-wings-1789111.html.
- ↑ "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. Archived from the original on 2021-01-14. https://web.archive.org/web/20210114170431/http://narishaktipuraskar.wcd.gov.in/gallery। আহৰণ কৰা হৈছে: 2021-01-16.
- ↑ (en-IN ভাষাত). 2018-03-07. https://www.thehindu.com/news/national/kerala/charity-home-maker-gets-her-due-on-womens-day/article22971013.ece.