সমললৈ যাওক

অনুৰাধা ৰামানন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুৰাধা ৰামানন
জন্ম ২৯ জুন, ১৯৪৭
থাঞ্জাভুৰ
মৃত্যু ১৬ মে', ২০১০ (৬২ বছৰ)
চেন্নাই
পেচা লেখক, ঔপন্যাসিকা, সমাজকৰ্মী
সময় ১৯৭৭-২০১০
বিষয় সামাজিক
দাম্পত্যসংগী ৰামানন নীলকান্ত আয়াৰ (বি. ১৯৬৫)

অনুৰাধা ৰামানন (২৯ জুন ১৯৪৭ – ১৬ মে' ২০১০)[1] এগৰাকী তামিল লেখিকা, শিল্পী আৰু সমাজ কৰ্মী।

অনুৰাধা ৰামাননৰ ১৯৪৭ চনত তামিলনাডুৰ থাঞ্জাভুৰত জন্ম হৈছিল। তেওঁৰ ককাক আৰ বালাসুব্ৰমণিয়াম আছিল এজন অভিনেতা যিয়ে অনুৰাধাক লেখক হ'বলৈ প্ৰেৰণা দিছিল।[2]অনুৰাধাই জনপ্ৰিয় আলোচনীসমূহৰ সৈতে চাকৰি লাভৰ কেইবাবাৰো বিফল প্ৰচেষ্টা চলোৱাৰ পূৰ্বে শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।[2] ইয়াৰ ফলত সম্পাদকে তেওঁৰ লেখাবোৰ অতি আকৰ্ষণীয় বুলি বিবেচনা কৰাৰ পিছত তামিল আলোচনী মাংগাইত যোগদান কৰে। ১৯৭৭ চনত আলোচনীখনৰ বাবে কাম কৰি থকাৰ সময়তে অনুৰাধাৰ সাহিত্য জীৱন আৰম্ভ হয়। সাহিত্যিক অৱদানৰ উপৰিও তেওঁ "বিবাহ বিচ্ছেদ বিৰোধী পৰামৰ্শ"ৰ বাবে সুপৰিচিত আছিল।[3] ৩০ বছৰতকৈও অধিক সময়ৰ সৃষ্টিশীল জীৱনত অনুৰাধাই প্ৰায় ৮০০খন উপন্যাস আৰু ১২৩০ খন চুটিগল্প লিখিছিল। তেওঁৰ ৰচনাসমূহ মূলতঃ পৰিয়াল আৰু দৈনন্দিন পৰিঘটনাক কেন্দ্ৰ কৰি আছিল। তেওঁৰ প্ৰাৰম্ভিক ৰচনাসমূহৰ ভিতৰত ছিৰাইয়ে আনন্দ বিকাটনৰ পৰা শ্ৰেষ্ঠ চুটিগল্পৰ বাবে সোণৰ পদক লাভ কৰে।[4] ইয়াক একে নামৰ এখন ছবিলৈ ৰূপান্তৰিত কৰা হৈছিল।ইয়াৰ পিছত তেওঁৰ আন উপন্যাস কুট্টু পুজুক্কল, অৰু মালাৰিন পায়ানম আৰু অৰু বীদু ইৰুভাছাল তামিল, তেলুগু আৰু কানাড়া আদি বিভিন্ন ভাষাৰ ছবিলৈ ৰূপান্তৰিত কৰা হয়।[2] বালাচন্দৰৰ পৰিচালনাত নিৰ্মিত অৰু ভিডু ইৰু ভাছালে ১৯৯১ চনত অন্যান্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১৯৮৮ চনত তেওঁৰ কৰ্মৰাজিৰ আধাৰত নিৰ্মিত তেলুগু ছবি ওকা বৰিয়া কথাই পাঁচটা নন্দী বঁটা লাভ কৰে।[5]চলচ্চিত্ৰৰ উপৰিও তেওঁৰ বহুতো গল্প যেনে-অৰ্চনাই পূকাল, পাছম আৰু কনকান্দেন থোজি টেলিভিছনৰ ধাৰাবাহিকলৈ ৰূপান্তৰিত কৰা হৈছে। তামিলনাডুৰ তেতিয়াৰ মুখ্যমন্ত্ৰী এম জি ৰামচন্দ্ৰনে তেওঁক স্বৰ্ণ পদক প্ৰদান কৰে।

২০১০ চনৰ ১৬ মে'ত চেন্নাইত ৬২ বছৰ বয়সত অনুৰাধা ৰামাননৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। ৰামাননৰ সৈতে তেওঁৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ দুগৰাকী কন্যা আছে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Noted writer Anuradha Ramanan passes away". Zee News. 1 May 2010. http://zeenews.india.com/news/tamil-nadu/noted-writer-anuradha-ramanan-passes-away_627217.html। আহৰণ কৰা হৈছে: 17 August 2013. 
  2. 2.0 2.1 2.2 "Popular Tamil writer Anuradha Ramanan dead". The New Indian Express. 17 May 2010. https://www.newindianexpress.com/?commentId=103962. 
  3. "Saadhanai Penn – Anuradha Ramanan". The Hindu. 21 November 2003. Archived from the original on 26 November 2003. https://web.archive.org/web/20031126201738/http://www.hindu.com/fr/2003/11/21/stories/2003112101060800.htm। আহৰণ কৰা হৈছে: 17 August 2013. 
  4. 4.0 4.1 "Anuradha Ramanan dead". The Hindu. 17 May 2010. Archived from the original on 20 May 2010. https://web.archive.org/web/20100520013745/http://www.hindu.com/2010/05/17/stories/2010051756100500.htm। আহৰণ কৰা হৈছে: 17 August 2013. 
  5. "Noted writer dead". Hindustan Times. 16 May 2010. Archived from the original on 17 August 2013. https://archive.today/20130817190543/http://www.hindustantimes.com/India-news/Chennai/Noted-writer-dead/Article1-544558.aspx। আহৰণ কৰা হৈছে: 17 August 2013.