অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং
| অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিন্টিং | |
|---|---|
সংগ্ৰহালয় ভৱনৰ সন্মুখভাগ | |
| প্ৰতিষ্ঠা | ২০০৫ |
| অৱস্থিতি | অম্বৰ, ৰাজস্থান, ভাৰত |
| ৱেবছাইট | www |
অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং (ইংৰাজী: Anokhi Museum of Hand Printing) হৈছে ৰাজস্থানৰ অম্বৰত অৱস্থিত হেণ্ড-ব্লক প্ৰিন্টিঙৰ কলাৰ প্ৰতি উৎসৰ্গিত এক ব্যক্তিগত সংগ্ৰহালয়। ২০০৫ চনত মুকলি কৰা এই সংগ্ৰহালয়টো অনোখীৰ প্ৰতিষ্ঠাপকসকলৰ পদক্ষেপ, যি ব্লক-প্ৰিণ্টেড কাপোৰৰ এটা ভাৰতীয় খুচুৰা ব্ৰেণ্ড । [1]
ৰেচেল ব্ৰেকেন-সিং আৰু তেওঁৰ স্বামী প্ৰীতম সিঙে এই সংগ্ৰহালয়টোৰ পৰিকল্পনা কৰিছিল।[2] ইয়াৰ উদ্দেশ্য হৈছে পৰম্পৰাগত শিল্পকৰ্মসমূহ সংৰক্ষণ কৰা, ব্লক-প্ৰিণ্টিং শিল্পকলাৰ কৌশল আৰু ইয়াৰ চহকী ইতিহাসৰ বিষয়ে জানিবলৈ এক স্পৰ্শনীয় অনুভৱ প্ৰদান কৰা। সংগ্ৰহালয়টোত বস্ত্ৰ আৰু সা-সঁজুলিৰ এক বিস্তৃত সংগ্ৰহ প্ৰদৰ্শিত কৰা হৈছে। [3]
সংগ্ৰহ
[সম্পাদনা কৰক]সংগ্ৰহালয়টোত বিভিন্ন ধৰণৰ সংগ্ৰহ আছে, যিবোৰ শিল্পৰ ইতিহাসৰ সৈতে সংপৃক্ত। ইয়াৰ উপৰিও ইয়াত বিৰল পৰম্পৰাগত সাজ-পোছাকৰ পৰা আৰম্ভ কৰি শিল্পীসকলে সৃষ্টি কৰা উদ্ভাৱনীমূলক চানেকিলৈকে বিভিন্ন ধৰণৰ সমসাময়িক কাপোৰৰ সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। অনোখী আৰ্কাইভত ১৯৭০ দশকৰ পৰা আৰম্ভ হোৱা কাপোৰ আৰু ঘৰুৱা সামগ্ৰীৰ সংগ্ৰহ আছে।[4] ইয়াত প্ৰদৰ্শিত বস্ত্ৰ পৰম্পৰাসমূহৰ ভিতৰত ৰাজস্থানৰ বলোটাৰ গ্ৰামীণ পৰিধানৰ পৰা লৈ গুজৰাটৰ ‘অজৰক’ ৰংকৰণ (dying) কৌশললৈকে অন্তৰ্ভুক্ত কৰা হৈছে।[3] কোট আৰু জেকেট, বিচাউনি বা বেডকভাৰ, আৰু ব্লক প্ৰিণ্টিং শিল্পত ব্যৱহৃত সঁজুলি, যেনে কাঠ আৰু লোহাৰ ব্লক, চিজেল, ড্ৰিল আদিও এই সংগ্ৰহৰ এক গুৰুত্বপূৰ্ণ অংশ।[4]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Needleman, Deborah (2018-05-18). "The Ancient Art of Jaipur Block Printing, and What It Means to India" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2018/05/18/t-magazine/block-print-jaipur-india.html.
- ↑ "About AMHP – Anokhi Museum" (en-GB ভাষাত). https://www.anokhimuseum.com/about-amhp/। আহৰণ কৰা হৈছে: 2023-06-03.
- ↑ 3.0 3.1 "Anokhi: One of its kind" (en ভাষাত). Deccan Herald. 2011-06-25. https://www.deccanherald.com/content/171580/anokhi-one-its-kind.html। আহৰণ কৰা হৈছে: 2023-06-03.
- ↑ 4.0 4.1 "Our Collection – Anokhi Museum" (en-GB ভাষাত). https://www.anokhimuseum.com/our-collection/। আহৰণ কৰা হৈছে: 2023-06-03.