সমললৈ যাওক

অন্তৰা দেৱ সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অন্তৰা দেৱ সেন

২০১৩ চনৰ কলকাতা সাহিত্য সভাত সেন
জন্ম ১৯৬৩ (বয়স ৬২৬৩)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা লেখিকা, সাংবাদিক
দাম্পত্যসঙ্গী প্ৰতীক কাঞ্জিলাল
পিতৃ-মাতৃ অমৰ্ত্য সেন
নৱনীতা দেৱ সেন

অন্তৰা দেৱ সেন (জন্ম ১৯৬৩) এগৰাকী ব্ৰিটিছ-ভাৰতীয় সাংবাদিক।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেন আৰু লেখিকা নবনীতা দেৱ সেনৰ কন্যা আৰু প্ৰথম সন্তান অন্তৰা দেৱ সেনৰ জন্ম হৈছিল ইংলেণ্ডৰ কেম্ব্ৰিজত। তেওঁ দিল্লী আৰু কলিকতাত স্কুলীয়া শিক্ষা আৰু ভাৰত (কলিকতা) আৰু আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰে। কলিকতাৰ জাদৱপুৰ বিশ্ববিদ্যালয়, মেছাচুচেটছৰ স্মিথ কলেজ আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল৷

কেৰিয়াৰ

[সম্পাদনা কৰক]

শিক্ষা সমাপ্ত কৰি হিন্দুস্তান টাইমছত যোগদান কৰে৷ তাৰ পৰা জ্যেষ্ঠ সম্পাদক হিচাপে তেওঁক ৰয়টাৰ্ছ ফাউণ্ডেশ্যনৰ ফেল’শ্বিপত অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ পঠিওৱা হয়। কলকাতাআনন্দবাজাৰ পত্ৰিকা গ্ৰুপ আৰু দিল্লীৰ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাবেও তেওঁ কাম কৰি আহিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]