সমললৈ যাওক

অন্তৰ্দাহী ইঞ্জিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ওভাৰহেড কেম ৪-ষ্ট্ৰ'ক গেছ’লিন ইঞ্জিনত পোৱা এটা চিলিণ্ডাৰৰ ৰূপৰেখা:

অন্তৰ্দাহী ইঞ্জিন (ICE বা IC ইঞ্জিন) হৈছে এটা তাপ ইঞ্জিন, য’ত জ্বালানীদাহ অক্সিডাইজাৰৰ (সাধাৰণতে বায়ু) সৈতে দাহন কক্ষত হয়, যি কাৰ্য্য তৰলৰ প্ৰবাহ চক্ৰৰ এটা অঙ্গভূত অংশ। অন্তৰ্দাহী ইঞ্জিনত, দাহৰ ফলত উৎপন্ন হোৱা উচ্চ-তাপমাত্ৰা আৰু উচ্চ-চাপৰ গেছবোৰে ইঞ্জিনৰ কোনো উপাদানত পোনপটীয়াকৈ বল প্ৰয়োগ কৰে। সাধাৰণতে এই বল পিষ্টন (পিষ্টন ইঞ্জিন), টাৰবাইন ব্লেড (গেছ টাৰবাইন), এটা ৰোটৰ (ৱাংকেল ইঞ্জিন) বা এটা নজল (জেট ইঞ্জিন)-ত প্ৰয়োগ কৰা হয়। এই উপাদানবোৰে এক দূৰত্ব অতিক্ৰম কৰে, যাৰ ফলত ৰাসায়নিক শক্তি গতিশক্তিলৈ ৰূপান্তৰ হয় আৰু সেই শক্তি ইঞ্জিনটো য’ত সংলগ্ন থাকে তাক চলোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।

মধ্য ১৯শ শতিকাত প্ৰথমবাৰলৈ বাণিজ্যিকভাৱে সফল অন্তৰ্দাহী ইঞ্জিনবোৰ উদ্ভাৱন কৰা হয়। আধুনিক অন্তৰ্দাহী ইঞ্জিনৰ প্ৰথম সংস্কৰণটো আছিল অটো ইঞ্জিন, যি ১৮৭৬ চনত জাৰ্মান অভিযন্তা নিকলাউছ অটো-এ আৱিষ্কাৰ কৰিছিল।[1] "অন্তৰ্দাহী ইঞ্জিন" শব্দটোৱে সাধাৰণতে এনে ইঞ্জিনক বুজায় য'ত দাহ বিচ্ছিন্নভাৱে হয়, যেনে পৰিচিত দুই-ষ্ট্ৰ'ক আৰু চাৰি-ষ্ট্ৰ'ক পিষ্টন ইঞ্জিন, লগতে ছয়-ষ্ট্ৰ'ক ইঞ্জিন আৰু ৱাংকেল ৰোটৰী ইঞ্জিনৰ দৰে ভিন্ন ৰূপ। অন্তৰ্দাহী ইঞ্জিনৰ এটা দ্বিতীয় শ্ৰেণী হৈছে য'ত দাহ অবিৰতভাৱে চলে: গেছ টাৰবাইন, জেট ইঞ্জিন আৰু প্ৰায় সকলো ৰকেট ইঞ্জিন এই শ্ৰেণীত পৰে।[1][2] ইয়াৰ বিপৰীতে, বাহ্যিক দাহ ইঞ্জিনবোৰত, যেনে ৱাষ্প ইঞ্জিন বা ষ্টাৰ্লিং ইঞ্জিনত, শক্তি এনে এটা কাৰ্য্য তৰললৈ প্ৰেৰণ কৰা হয় যি দাহৰ ফলত উৎপন্ন পদাৰ্থৰে মিশ্ৰিত বা প্ৰদূষিত নহয়। বাহ্যিক দাহ ইঞ্জিনৰ কাৰ্য্য তৰল হিচাপে বায়ু, গৰম পানী, চাপযুক্ত পানী বা বয়লাৰত গৰম কৰা তৰল সোডিয়াম ব্যৱহাৰ কৰা হয়।

যদিও বহুবিধ স্থিৰ ব্যৱহাৰ আছে, অধিকাংশ অন্তৰ্দাহী ইঞ্জিন গাড়ী, বিমান আৰু নাও আদিৰ দৰে চলন্ত যানবাহনত মূল শক্তি উৎস হিচাপে ব্যৱহাৰ কৰা হয়। ICE সাধাৰণতে হাইড্ৰকাৰ্বন ভিত্তিক জ্বালানী যেনে প্ৰাকৃতিক গেছ, গেছ’লিন, ডিজেল, বা ইথেনলৰ দ্বাৰা চলাই হয়। পুনৰ্নৱীকৰণযোগ্য জ্বালানী যেনে বায়'ডিজেল কম্প্ৰেছন ইগ্নিচন (CI) ইঞ্জিনত আৰু বায়'ইথেনল বা ETBE (ইথাইল টাৰ্ট-বিউটাইল ইথাৰ) স্পাৰ্ক ইগ্নিচন (SI) ইঞ্জিনত ব্যৱহাৰ কৰা হয়। ১৯০০ চনতেই ডিজেল ইঞ্জিনৰ উদ্ভাৱক ৰুডল্ফ ডিজেল-এ তেওঁৰ ইঞ্জিন চাৰি চলাবলৈ চিনাবাটাৰ তেল ব্যৱহাৰ কৰিছিল।[3] পুনৰ্নৱীকৰণযোগ্য জ্বালানী সাধাৰণতে জীৱাশ্ম জ্বালানীৰ সৈতে মিহলাই ব্যৱহাৰ কৰা হয়। হাইড্ৰ’জেনো এটা বিকল্প, যদিও ইয়াৰ ব্যৱহাৰ বেছি প্ৰচলিত নহয়, আৰু এইটো জীৱাশ্ম জ্বালানী বা পুনৰ্নৱীকৰণযোগ্য উৎসৰ পৰা লাভ কৰা যায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "History of Technology: Internal Combustion engines". Encyclopædia Britannica. Britannica.com. Retrieved 2012-03-20. 
  2. Pulkrabek, Willard W. (1997). Engineering Fundamentals of the Internal Combustion Engine. Prentice Hall. পৃষ্ঠা. 2. ISBN 978-0-13-570854-5. https://archive.org/details/engineeringfunda00pulk. 
  3. Shay, E.Griffin (January 1993). "Diesel fuel from vegetable oils: Status and opportunities". Biomass and Bioenergy খণ্ড 4 (4): 227–242. doi:10.1016/0961-9534(93)90080-N.