সমললৈ যাওক

অন্ধ্ৰপ্ৰদেশ মহিলা আয়োগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক মহিলা আয়োগ
Andhra Pradesh State Commission for Women
আয়োগৰ ৰূপৰেখা
গঠন অৱশিষ্ট অন্ধ্ৰ প্ৰদেশত ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত
ক্ষেত্ৰাধিকাৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰ
মুখ্য কাৰ্যালয় ৪ৰ্থ মহলা, এম জি এম কেপিটেল, চিনাকাকানি, ৰাষ্ট্ৰীয় ঘাইপথ, মংগলাগিৰি, গুন্টুৰ জিলা, পিন : ৫২২৫০৩।[1]
আয়োগৰ কাৰ্যবাহী খালী
ৱেবছাইট আধিকাৰিক ৱেবছাইট

অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ (ইংৰাজী: Andhra Pradesh Women Commission) হৈছে অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহ মোকাবিলা কৰিবলৈ ২০২৩ চনৰ আইন নং ৯ দ্বাৰা সংশোধিত অন্ধ্ৰপ্ৰদেশ মহিলা আয়োগ আইন-১৯৯৮ অনুসৰি গঠন কৰা এক বিধিগত সংস্থা। অন্ধ্ৰপ্ৰদেশ চৰকাৰে অৰ্ধন্যায়িক সংস্থা হিচাপে ৰাজ্যৰ মহিলা কল্যাণৰ আয়োগ গঠন কৰিছিল।

ইতিহাস আৰু উদ্দেশ্য

[সম্পাদনা কৰক]

মহিলা সম্পৰ্কীয় নিৰ্দিষ্ট সমস্যাসমূহৰ তদন্তৰ বাবে আৰু ৰাজ্যৰ পৰা মহিলা সম্পৰ্কীয় বিষয়সমূহ অধ্যয়ন কৰিবলৈ অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ গঠন কৰা হৈছিল।[2] আয়োগ মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষমতাৰে সজ্জিত আৰু পৰিয়াল-সমাজত সন্মুখীন হোৱা যিকোনো ধৰণৰ হাৰাশাস্তি আৰু সমস্যাৰ বিৰুদ্ধে তেওঁলোকৰ সুৰক্ষা আৰু সমতা নিশ্চিত কৰাৰ দায়িত্বৰে সমৃদ্ধ।

তলত উল্লেখ কৰা উদ্দেশ্যেৰে আয়োগ গঠন কৰা হৈছিল-

১. মহিলাৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰা।

২. প্ৰাসংগিক আইন উলংঘা বা সুযোগ অস্বীকাৰ বা মহিলাসকলক কোনো অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ক্ষেত্ৰত সময়মতে লিংগভিত্তিক বিষয়সমূহ চম্ভালিব লাগে।[3]

৩. মহিলা ভিত্তিক বিষয়ত ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া।

৪. ৰাজ্যৰ মহিলা ভিত্তিক আইন সন্দৰ্ভত ৰাজহুৱা স্থানত সজাগতা সৃষ্টিৰ বাবে আয়োগে মাজে মাজে পদক্ষেপ গ্ৰহণ কৰে।

মহিলা আয়োগ অধ্যক্ষ আৰু ৰাজ্যত বাস কৰা ৬ জনতকৈ অধিক সদস্যৰে গঠিত হ’ব। এই বিধিখনত আয়োগৰ অধ্যক্ষ আৰু সদস্য নিযুক্তিৰ বাবে অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে।

ক) এগৰাকী অধ্যক্ষ৷ তেওঁ মহিলাৰ কল্যাণৰ কামত দায়বদ্ধ বিশিষ্ট মহিলা হ’ব৷

খ) ৰাজ্যই মনোনীত কৰিব লাগিব ছয়গৰাকী সদস্য৷অন্ততঃ এজনকৈ সদস্য ক্ৰমে অনুসূচিত জাতি, অনুসূচিত জনজাতি, পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিৰ মাজৰ পৰা হ’ব লাগিব৷

কাৰ্যাৱলী

[সম্পাদনা কৰক]

তলত দিয়া কাম-কাজসমূহ সম্পন্ন কৰিবলৈ অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ গঠন কৰা হৈছিল:

১. আয়োগে নিশ্চিত কৰিব লাগে যে ভাৰতৰ সংবিধান আৰু মহিলা সম্পৰ্কীয় আইনসমূহৰ অধীনত মহিলাসকলৰ বাবে নিশ্চিত কৰা ব্যৱস্থা আৰু সুৰক্ষাৰ ব্যৱস্থা মানি চলে।[4]

২. ৰাজ্যৰ কোনো সংস্থাই যদি মহিলাৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থা ৰূপায়ণ কৰাত ব্যৰ্থ হয়, তেন্তে চৰকাৰৰ জাননীত একেখিনি ব্যৱস্থা লাভ কৰা।

৩. ৰাজ্যৰ মহিলাসকলক ন্যায় প্ৰদানৰ ক্ষেত্ৰত যিকোনো আইন বিফল হ’লে সংশোধনীৰ বাবে পৰামৰ্শ দিয়া।

৪. মহিলাৰ অধিকাৰ খৰ্বৰ যিকোনো বিষয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে গ্ৰহণ কৰা আৰু তেওঁলোকক অনুসৰণমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া।

৫. ৰাজ্যত অত্যাচাৰ আৰু বৈষম্যৰ বলি হোৱা মহিলাসকলক পৰামৰ্শ আৰু সহায় কৰা।

৬. মহিলাৰ গণ গোটৰ সৈতে জড়িত যিকোনো বিষয়ৰ বাবে মোকৰ্দমাৰ খৰচৰ বিত্তীয় সাহায্য আৰু মাজে মাজে সেইবোৰৰ সৈতে জড়িত ৰাজ্য চৰকাৰক প্ৰতিবেদন দিয়া।

৭. মহিলা বন্দীক দাখিল কৰা যিকোনো চৌহদ, কাৰাগাৰ বা অন্যান্য ৰিমাণ্ড হোম বা আন যিকোনো গোচৰ পৰিদৰ্শন কৰি প্ৰয়োজন হ'লে নিজ নিজ কৰ্তৃপক্ষৰ জাননীলৈ অনা।

৮. মহিলা ভিত্তিক যিকোনো নিৰ্দিষ্ট বিষয়ৰ সোধা-পোছা, অধ্যয়ন আৰু অনুসন্ধান কৰা।

৯. শৈক্ষিক গৱেষণা আৰম্ভ কৰা বা যিকোনো প্ৰচাৰ পদ্ধতি গ্ৰহণ কৰা আৰু সকলো ক্ষেত্ৰতে মহিলাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ উপায়ৰ পৰামৰ্শ দিয়া আৰু তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কাৰণ চিনাক্ত কৰা।

১০. মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কোনো বিষয় বা মহিলা সুৰক্ষা আইন কাৰ্যকৰী নোহোৱা বা তেওঁলোকৰ সৈতে জড়িত কোনো নীতি অমান্য কৰা বা মহিলাৰ কল্যাণ আৰু সকাহৰ সৈতে জড়িত নিৰ্দেশনা মানি চলাত ব্যৰ্থ হোৱাৰ বিষয়ে suo-moto বা কোনো অভিযোগৰ সোধা-পোছা কৰা৷

সম্পৰ্কিত প্ৰবন্ধ

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় মহিলা আয়োগ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]