সমললৈ যাওক

অন্নপূৰ্ণাৰ মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অন্নপূৰ্ণাৰ মন্দিৰ
পৰিচালক নৰেশ মিত্ৰ
ৰচনা নিৰুপমা দেৱী
চিত্ৰনাট্য নৰেশ মিত্ৰ
ভিত্তি নিৰুপমা দেৱাৰ উপন্যাস অন্নপূৰ্ণাৰ মন্দিৰr
প্ৰযোজক নৰেশ মিত্ৰ, গোবিন্দ ৰায়
অভিনয়ত সুচিত্ৰা সেন
উত্তম কুমাৰ
চিত্ৰগ্ৰহণকাৰী বিষ্ণু চক্ৰৱৰতী
সম্পাদনা ৰবিন দাস
প্ৰযোজনা
কোম্পানী
চিত্ৰ মন্দিৰ
পৰিবেশক কল্পনা মুভীজ লিমিটেড
মুক্তি
৬ আগষ্ট ১৯৫৪ (1954-08-06)
দৈৰ্ঘ্য
১৩৬ মিনিট
দেশ ভাৰত
ভাষা বঙালী

অন্নপূৰ্ণাৰ মন্দিৰ (ইংৰাজী: Annapurnar Mandir ) নৰেশ মিত্ৰ[1] পৰিচালিত এখন বঙালী সামাজিক নাট্যধৰ্মী ছবি। নিৰুপমা দেৱীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[2][3] ১৯৫৪ চনৰ ৬ আগষ্টত চিত্ৰ মন্দিৰৰ বেনাৰত মুক্তি পোৱা এই ছবিখনে ১৯৫৪ চনত দ্বিতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তৃতীয় শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে। ইয়াত উত্তম কুমাৰ আৰু সাবিত্ৰী চেটাৰ্জীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে সুচিত্ৰা সেনে।[4] এই ছবিখনত কোনো সংগীত নাছিল আৰু এইখনেই আছিল উত্তম কুমাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথমখন ছবি।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

ৰামশংকৰ এজন দৰিদ্ৰ লোক। তেওঁ নিজৰ দুই কন্যাৰ সৈতে বাস থাকে। ডাঙৰ জীয়েকে এজন যুৱকক ভাল পাইছিল যদিও বহুতো টকা-পইচা দিয়াত তেওঁৰ বিয়া বুঢ়া এজনৰ লগত বন্দোৱস্ত কৰা হয়। কম দিনৰ ভিতৰতে তেওঁ বিধৱা হৈ ঘৰলৈ উভতি আহে। সমাজৰ অভিসম্পাতৰ বলি হৈ তেওঁ অৱশেষত আত্মহত্যা কৰে।

এইখনেই একমাত্ৰ ছবি য'ত উত্তম কুমাৰ আৰু সাবিত্ৰী চেটাৰ্জীয়ে মুখ্য চৰিত্ৰত আৰু সুচিত্ৰা সেনে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।[4] ছবিখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে ব্যৱসায়িক সফলতাও পাইছিল। অন্নপূৰ্ণাৰ মন্দিৰ ছবিগৃহত ৯১ দিন ধৰি চলিছিল।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৫)
  • তৃতীয় শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবি (চাৰ্টিফিকেট অফ মেৰিট)

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Annapurnar Mandir". indiancine.ma. https://indiancine.ma/HBP/info। আহৰণ কৰা হৈছে: 26 September 2018. 
  2. "Annapurnar Mandir ( 1954)". archive.org. https://archive.org/details/AnnapurnarMandir1954। আহৰণ কৰা হৈছে: 26 September 2018. 
  3. K. M. George (1992). Modern Indian Literature, an Anthology: Surveys and poems. Sahitya Akademi. ISBN 9788172013240. https://books.google.com/books?id=m1R2Pa3f7r0C&q=annapurnar+mandir+plot&pg=PA86। আহৰণ কৰা হৈছে: 26 September 2018. 
  4. 4.0 4.1 "Annapurnar Mandir (1954) -". Washington Bangla Radio. 1 February 2011. Archived from the original on 26 September 2018. https://web.archive.org/web/20180926170324/http://www.washingtonbanglaradio.com/content/11952311-annapurnar-mandir-1954-uttam-kumar-sabitri-chaterjee-heroine-and-suchitra-sen-suppo। আহৰণ কৰা হৈছে: 22 March 2019. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]