সমললৈ যাওক

অন্বিতা অব্বী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অন্বিতা অব্বী

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, মাদ্ৰাজত অব্বী
জন্ম ০৯ জানুৱাৰী, ১৯৪৯ (৭৭ বছৰ)
আগ্ৰা, সংযুক্ত প্ৰদেশ, ভাৰতৰ আধিপত্য
পেচা পণ্ডিত আৰু ভাষাবিদ
বঁটা, সন্মান, পুৰস্কাৰ আদি Padma Shri
ৰাষ্ট্ৰীয় লোক ভাষা সন্মান
অল ইণ্ডিয়া ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ফেল’শ্বিপ
স্বৰ্ণ পদক - দিল্লী বিশ্ববিদ্যালয়
এচঅ'এএচ লেভাৰহিউম অধ্যাপক
মেক্স প্লেংক ইনষ্টিটিউট অতিথি বি‍জ্ঞানী
কেনেথ হেল বঁটা - লিংগুইষ্টিক ছ'চাইটি অৱ আমেৰিকা (২০১৫)
ৱেবছাইট
www.andamanese.net

অন্বিতা অব্বী (ইংৰাজী: Anvita Abbi; জন্মঃ ৯ জানুৱাৰি ১৯৪৯) এগৰাকী ভাৰতীয় ভাষাতত্ত্ববিদ আৰু সংখ্যালঘু ভাষাৰ পণ্ডিত। তেওঁ দক্ষিণ এছিয়াৰ জনজাতীয় ভাষা আৰু অন্যান্য সংখ্যালঘু ভাষা বিষয়ক অধ্যয়নৰ বাবে পৰিচিত।[1] ২০১৩ চনত ভাষাবিজ্ঞানলৈ আগবঢে়াৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰে‍।[2]

১৯৪৯ চনৰ ৯ জানুৱাৰীত আগ্ৰাৰ এটা পৰিয়ালত অন্বিতা অব্বীৰ জন্ম, যিটো পৰিয়ালে‍ কেইবাজনো হিন্দী লেখকৰ জন্ম দিছিল।[3][4][5] স্থানীয় প্ৰতিষ্ঠানসমূহত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত, তেওঁ ১৯৬৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত (বি.এ. সন্মান) স্নাতক ডিগ্ৰী লাভ কৰে।[3][4] পৰৱৰ্তী সময়ত, তেওঁ ১৯৭০ চনত প্ৰথম বিভাগ আৰু প্ৰথম ৰেংকৰ সৈতে একে বিশ্ববিদ্যালয়ৰ পৰা ভাষাতত্ত্বত স্নাতকোত্তৰ ডিগ্ৰী (এম.এ.) লাভ কৰে আৰু ১৯৭৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইথাকাৰ কৰ্নেল বিশ্ববিদ্যালয়ত সাধাৰণ ভাষাত মেজৰ আৰু দক্ষিণ এছিয়া ভাষাত মাইনাৰ লৈ পি.এইচ ডি. লাভৰ বাবে‍ অধ্যয়ন অব্যাহত ৰাখে।[3][4][6][4] তেওঁ চেণ্টাৰ ফৰ লিংগুৱেষ্টিক্স, স্কুল অৱ লেংগুৱেজ, লিটাৰে‍চাৰ এণ্ড কালচাৰ ষ্টাডিজৰ ভাষাতত্ত্বৰ অধ্যাপক হিচাপে কাম কৰিছিল।[7] বৰ্তমান তেওঁ নতুন দিল্লী বাস কৰে।

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]
মহান আন্দামানীজ দম্পতী -১৮৭৬ চনৰ এখন ফটো

ভাৰতৰ ছটা ভাষা পৰিয়াল[7] আৰু মহান আন্দামানীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে‍ এচঅ'এএচ, লণ্ডন বিশ্ববিদ্যালয়[8]ৰ বিস্তৃত গৱেষণাৰ বাবে অন্বিতা অব্বীক কৃতিত্ব দিয়া হয় যিটো তেওঁ বিলুপ্তপ্ৰায় গ্ৰেট আন্দামানীজ ভাষাৰ নথিপত্ৰ প্ৰকল্প (ই এল ডি পি) প্ৰকল্পৰ অংশ হিচাপে কৰিছিল৷[9][10][11] ২০০৩-২০০৪ চনৰ তেওঁৰ অধ্যয়নে দুটা মহান আন্দামানী ভাষা জাৰাৱা আৰু অংগেৰ সুকীয়া বৈশিষ্ট্য চিনাক্ত কৰাত সহায় কৰিছে যিয়ে ভাৰতৰ ষষ্ঠ ভাষা পৰিয়ালৰ ধাৰণাটোক প্ৰসাৰিত কৰিছিল।[12] পিছলৈ আন পণ্ডিতসকলে আন্দামানী লোকসকলৰ বিষয়ে‍ কৰা গৱেষণাই অঞ্চলটোৰ দুটা সুকীয়া হেপ্ল’গ্ৰুপ আৱিষ্কাৰ কৰি অব্বীৰ তথ্য নিশ্চিত কৰা বুলি প্ৰতৱেদন দাখিল কৰিছে‍ অৰ্থাৎ এম৩১ আৰু এম৩২।[7]

প্ৰকাশিত ৰচনা

[সম্পাদনা কৰক]

অন্বিতা অব্বী ১৯খন কিতাপৰ লেখক, সহ-লেখক আৰু সম্পাদক। [3][4][5][13][14] তেওঁৰ লেখাবোৰে ভাষাৰ প্ৰকাৰবিদ্যা, গাঁথনি আৰু নৃগোষ্ঠীয় দিশ আৰু সেইবোৰৰ নথি-পত্ৰক সামৰি লৈছে।[7] তেওঁৰ কৰ্ম সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিস্তৃত হৈ আছে আৰু তেওঁৰ কৰ্মসমূহৰ ভিতৰত আটাইতকৈ বেছি পৰিচিত হৈছে তেওঁৰ প্ৰকল্প, ভেনিচিং ভইচেছ অৱ দ্য গ্ৰেট আন্দামানীজ।[15][3][4][5][9]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

অন্বিতা অব্বীক কেইবাটাও অনুষ্ঠান আৰু প্ৰতিষ্ঠানে সন্মানিত কৰিছে।[7][16] তেওঁ জাৰ্মানীৰ লেইপজিগ মেক্স প্লাঙ্ক ইনষ্টিটিউট অৱ ইভোলিউশ্যনৰী এন্থ্ৰ'প'লজিত তিনি বছৰৰ বাবে‍ (২০০০, ২০০৩ আৰু ২০১০ চন) বাবে ভিজিটিং বিজ্ঞানীৰ পদত অধিষ্ঠিত হৈছে।[6][7] তেওঁ ২০১১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ এছ.অ '.এ.এছ.-ৰ লেভাৰহুম অধ্যাপক আছিল আৰু ১৯৯০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ কৰ্নেল বিশ্ববিদ্যালয়ৰ মানৱতা আৰু সামাজিক বিজ্ঞানৰ ফেল' আৰু ২০০৩ চনত মেলবৰ্ণৰ লা ট্ৰব বিশ্ববিদ্যালয় ভিজিটিং ফেল' আছিল।[6][3][4][7][16] অবি ২০১০-২০১১-ৰ সময়ত অষ্ট্ৰেলিয়াৰ জেমছ কুক বিশ্ববিদ্যালয় কেয়াৰ্নছ ইনষ্টিটিউটত ভিজিটিং অধ্যাপক আছিল।[6][7] তেওঁ লাভ কৰা আন কিছুমান সন্মান হ'লঃ

  • আমেৰিকাৰ লিংগুষ্টিক ছ'চাইটিৰ কেনেথ হেল বঁটা। 'ভাৰতৰ ভাষাসমূহৰ নথি-পত্ৰ আৰু বৰ্ণনাৰ ক্ষেত্ৰত জীৱনজোৰা আগবঢ়োৱা অসামান্য অৱদানৰ বাবে, বিশেষকৈ এছিয়া আৰু ওচেনিয়াৰ জনসাধাৰণক বুজাৰ ক্ষেত্ৰতে এক গুৰুত্বপূৰ্ণ বিচ্ছিন্ন ভাষা গ্ৰেট আন্দামানীজ ভাষাৰ নথি-পত্ৰলৈ তেওঁৰ অসাধাৰণ অৱদানসমূহৰ বাবে। ' ২০১৫।
  • ৰাষ্ট্ৰীয় লোক ভাষা সন্মান - গান্ধী হিন্দুস্তানী সাহিত্য সভা - ২০০৩। [3][4][6][7][16]
  • ফেল'শ্বিপ-অল ইণ্ডিয়া ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি, চিমলা - ২০০১। [3][4][16]
  • স্বৰ্ণ পদক - দিল্লী বিশ্ববিদ্যালয় -১৯৭০। [3][4][16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Lsi". Lsi. 2013. Archived from the original on 14 July 2014. https://web.archive.org/web/20140714065103/http://lsi.org.in/lsi.img/Prof.%20Abbi.pdf আহৰণ কৰা হৈছে: 27 October 2014.
  2. "Padma 2013". Press Information Bureau, Government of India. 25 January 2013. http://pib.nic.in/newsite/erelease.aspx?relid=91838 আহৰণ কৰা হৈছে: 10 October 2014.
  3. 1 2 3 4 5 6 7 8 9 "JNU CV". JNU CV. 2014. Archived from the original on 28 October 2014. https://web.archive.org/web/20141028124609/http://www.jnu.ac.in/Faculty/anvita/Abbi.pdf আহৰণ কৰা হৈছে: 27 October 2014.
  4. 1 2 3 4 5 6 7 8 9 10 "Andamanese CV". Andamanese. 2014. Archived from the original on 22 July 2012. https://web.archive.org/web/20120722045240/http://www.andamanese.net/Anvita%20Abbi%20CV.pdf আহৰণ কৰা হৈছে: 27 October 2014.
  5. 1 2 3 "JNU Profile". JNU. 2014. Archived from the original on 9 March 2014. https://web.archive.org/web/20140309095121/http://www.jnu.ac.in/Faculty/Abbi/ আহৰণ কৰা হৈছে: 27 October 2014.
  6. 1 2 3 4 5 "Faculty Profile". JNU. 2014. Archived from the original on 28 October 2014. https://web.archive.org/web/20141028124407/http://www.jnu.ac.in/FacultyStaff/ShowProfile.asp?SendUserName=anvita আহৰণ কৰা হৈছে: 27 October 2014.
  7. 1 2 3 4 5 6 7 8 9 "Hans Rausing Endangered Languages Project". Hans Rausing Endangered Languages Project. 2011. Archived from the original on 8 September 2014. https://web.archive.org/web/20140908092752/http://www.hrelp.org/aboutus/staff/index.php?pid=925 আহৰণ কৰা হৈছে: 27 October 2014.
  8. "Andamanese Intro". Andamanese. 2014. http://www.andamanese.net/AnvitaAbbi.html আহৰণ কৰা হৈছে: 27 October 2014.
  9. 1 2 "Vanishing Voices of the Great Andamanese". SOAS, University of London. 2014. http://elar.soas.ac.uk/deposit/0014 আহৰণ কৰা হৈছে: 27 October 2014.
  10. "Terra Lingua". Terra Lingua. 2014. http://www.terralingua.org/bcdconservation/?p=125 আহৰণ কৰা হৈছে: 27 October 2014.
  11. "ELDP". HRELP. 2014. Archived from the original on 26 October 2014. https://web.archive.org/web/20141026043851/http://www.hrelp.org/grants/ আহৰণ কৰা হৈছে: 27 October 2014.
  12. "JNU Research". JNU Research. 2014. http://www.jnu.ac.in/Faculty/Abbi/ResearchWorks.htm আহৰণ কৰা হৈছে: 27 October 2014.
  13. "Academia". Academia. 2014. https://jnu.academia.edu/AnvitaAbbi আহৰণ কৰা হৈছে: 27 October 2014.
  14. "Amazon". Amazon. 2014. https://www.amazon.com/Anvita-Abbi/e/B001ICJ0VE আহৰণ কৰা হৈছে: 27 October 2014.
  15. "JNU Publications". JNU. 2014. Archived from the original on 28 October 2014. https://web.archive.org/web/20141028124032/http://www.jnu.ac.in/Faculty/Abbi/Publications.htm আহৰণ কৰা হৈছে: 27 October 2014.
  16. 1 2 3 4 5 "JNU awards". JNU. 2014. Archived from the original on 28 October 2014. https://web.archive.org/web/20141028124027/http://www.jnu.ac.in/Faculty/Abbi/Awards.htm আহৰণ কৰা হৈছে: 27 October 2014.