অন্বেষা
অন্বেষা (জন্ম:অন্বেষা মিতা দত্তগুপ্ত; ১৫ ডিচেম্বৰ ১৯৯৩)[1][2] হিন্দী, বাংলা, কানাড়া, তামিল, মাৰাঠী আৰু অন্যান্য ভাৰতীয় ভাষাৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু সুৰকাৰ। প্ৰথমবাৰৰ বাবে ১৩ বছৰ বয়সত ৰিয়েলিটি শ্ব’ “আমুল ষ্টাৰ ভইচ অৱ ইণ্ডিয়া, ছোটে ওস্তাদ”ত অংশ কৰিছিল।
অন্বেষা কলকাতাৰ লাইচী স্কুলৰ ছাত্ৰী। মহাৰাষ্ট্ৰৰ বিৰাৰৰ বৈদ্য ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ চাৰি বছৰ বয়সত পৰিয়ালটোৱে গৃহ চহৰ কলকাতালৈ স্থানান্তৰিত হয়। তেওঁ তাতেই স্কুললৈ গৈছিল। পিছলৈ তেওঁ এমিটি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয়।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০৭ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় টেলিভিছনত অংশ লোৱা অন্বেষাই ইয়াৰ পিছত আন বিভিন্ন অনুষ্ঠানৰ অংশ লৈ আহিছে। বাংলা ছবি খেলাৰ (২০০৮) "এক জে আচ্ছে ৰাজা" গীতেৰে নেপথ্য কণ্ঠশিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। ১৪ বছৰ বয়সত প্ৰীতম চক্ৰৱৰ্তীৰ বাবে গোলমাল ৰিটাৰ্ণছত অন্বেষাই বলীউডত প্ৰথম সফলতা লাভ কৰিছিল। তেওঁ আই এম ২৪ ৰঞ্জনা, ৰিভলভাৰ ৰাণী, জেঞ্জাৰাছ ইছক, পঞ্চলাইট, আই এম বন্নী, কাঁচি, প্ৰেম ৰতন ধন পায়ো, এক্সপোজ, গুৰুদক্ষিণা, দো লফজো কী কাহানী, যে কেইছা তিগৰম, বাসুঁৰী, আই লাভ দেশী, লাভ ইউ ছোনিও, ধুপ চাও মলহাৰ আদি ছবিৰ বাবে গীত বাণীবদ্ধ কৰে।[4]
==তথ্য সংগ্ৰহ==
- ↑ "Anwesshaa marks debut as a music composer in Marathi cinema with 'Pahije Jatiche'". The Times of India. 2023-07-28. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/anwesshaa-marks-debut-as-a-music-composer-in-marathi-cinema-with-pahije-jatiche/articleshow/102193787.cms?from=mdr.
- ↑ Rajdrohi (2009) film songs
- ↑ "Chhote Ustaad(Star Plus) – Anwesha's Profile". Archived from the original on 10 May 2008. https://web.archive.org/web/20080510234945/http://www.indya.com/chhoteustaad/contestant_anwesha.html। আহৰণ কৰা হৈছে: 30 March 2025.
- ↑ "Winners of Vivel Filmfare Awards East" (en ভাষাত). filmfare.com. 2014-03-31. https://www.filmfare.com/news/winners-of-vivel-filmfare-awards-east-5742.html.