অপাৰেচন মেঘদূত
| ||||||||||||||||||||||||||||||||
|
অপাৰেচন মেঘদূত লাডাখৰ ছিয়াচেন হিমবাহত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা অভিযানৰ সাংকেতিক নাম। ১৯৮৪ চনৰ ১৩ এপ্ৰিলৰ পুৱা সংঘটিত হোৱা এইখন বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ। এই অভিযানে পাকিস্তানৰ অপাৰেচন আবাবিলক কেইদিনমানত চেৰ পেলাই সফল হয়, যাৰ ফলত ভাৰতীয় বাহিনীয়ে চিয়াচেন হিমবাহৰ ওপৰত সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ লাভ কৰে।[1]
বৰ্তমান ভাৰতীয় সেনাই বিশ্বৰ প্ৰথম আৰু একমাত্ৰ সেনাবাহিনী যিয়ে ৫,০০০ মিটাৰৰ বহু ওপৰত উচ্চতাত টেংক আৰু অন্যান্য গধুৰ অস্ত্ৰ-শস্ত্ৰ নিয়োগ কৰিছে। বৰ্তমানৰ ছিয়াচেন সংঘাতৰ ফলত সমগ্ৰ অঞ্চলটোত ৬,৪০০ মিটাৰ পৰ্যন্ত উচ্চতাত ভাৰতীয় সেনা আৰু পাকিস্তান সেনাৰ দহটালৈকে পদাতিক বেটেলিয়ন সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে।
অভিযানটো
[সম্পাদনা কৰক]সংঘাতৰ কাৰণt
[সম্পাদনা কৰক]১৯৪৯ চনৰ জুলাই মাহৰ কৰাচী চুক্তিত ভূখণ্ডৰ অস্পষ্ট সীমা নিৰ্ধাৰণৰ পিছত ছিয়াচেন হিমবাহ অঞ্চলৰ ওপৰত কাৰ কৰ্তৃত্ব আছে সেইটো সঠিকভাৱে উল্লেখ কৰা হোৱা নাছিল বাবে ছিয়াচেন হিমবাহ বিতৰ্কৰ কাৰণ হৈ পৰিছিল। ভাৰতীয় ব্যাখ্যা আছিল যে পাকিস্তানৰ ভূখণ্ড কেৱল প্ৰায় ছালট'ৰ' ৰিজলৈকে বিস্তৃত আছিল, য'ত শেষৰটো সীমা নিৰ্ধাৰণ কৰা পইণ্ট NJ9842ৰ পিছৰ ভূখণ্ডৰ ৰেখাৰ পথ "তাৰ পৰা উত্তৰ দিশলৈ হিমবাহলৈকে" আছিল। পাকিস্তানৰ ব্যাখ্যা আছিল যে তেওঁলোকৰ ভূখণ্ড পইণ্ট NJ9842ৰ পৰা কাৰাকোৰাম পাছলৈকে উত্তৰ-পূব দিশলৈকে। ফলত দুয়োখন দেশে অনুৰ্বৰ উচ্চ অঞ্চল আৰু ছিয়াচেন হিমবাহৰ দাবী কৰিছিল।
১৯৭০ চনৰ পৰা ১৯৮০ চনৰ আৰম্ভণিতে পাকিস্তানে কেইবাটাও পৰ্বতাৰোহণ অভিযানক পাকিস্তানৰ ফালৰ পৰা ছিয়াচেন অঞ্চলৰ শৃংগত উঠিবলৈ অনুমতি দিছিল। হয়তো সেয়া এই অঞ্চলৰ ওপৰত নিজৰ দাবী শক্তিশালী কৰাৰ প্ৰয়াস আছিল কাৰণ এই অভিযানসমূহে পাকিস্তান চৰকাৰৰ পৰা লাভ কৰা অনুমতি লাভ কৰিছিল আৰু বহু ক্ষেত্ৰত পাকিস্তান সেনাৰ এজন যোগাযোগ বিষয়াই দলসমূহৰ লগত গৈছিল। ১৯৭৮ চনত ভাৰতীয় সেনাইও নিজৰ দিশৰ পৰা হিমবাহলৈ পৰ্বতাৰোহণ অভিযানৰ অনুমতি দিছিল। ১৯৭৮ চনৰ প্ৰথমটো অভিযনাত ভাৰতীয় সেনাৰ কৰ্ণেল নৰিন্দৰ কুমাৰে চিকিৎসা বিষয়া কেপ্তেইন এ ভি এছ গুপ্তাৰ সৈতে তেৰাম কাংগ্ৰীলৈ অভিযানৰ নেতৃত্ব দিছিল। ভাৰতীয় বায়ুসেনাই এই অভিযানত সহায় আগবঢ়াইছিল। ১৯৭৮ চনৰ ৬ অক্টোবৰত হিমবাহত প্ৰথম বিমান অৱতৰণ কৰা হয় য'ত স্কোয়াড্ৰন নেতা মংগা আৰু উৰণ বিষয়া মনমোহন বাহাদুৰে চেতক হেলিকপ্টাৰত এডভান্স বেছ কেম্পৰ পৰা দুজন হতাহতক উলিয়াই আনে।
১৯৮০ চনত ৩ আৰ্টিলাৰী ব্ৰিগেডৰ ব্ৰিগেডিয়াৰ কে এন থাদানি ভি এছ এমে[2] ৬৮ জনীয়া ভাৰতীয় সেনাৰ দলক (২ জন মেজৰ, ৫ জন কেপ্তেইন, ১ ছেকেণ্ডেৰে গঠিত লেফটেনেণ্ট আৰু ৫৯ টা সেনাবাহিনীৰ অন্যান্য পদবীৰে গঠিত) লাডাখৰ ছিয়াচেন হিমবাহৰ অপ্সাৰাছ কাংগ্ৰী উপ-পৰিসৰৰ এটা অংশ অপ্সাৰাছ-১ লৈ নেতৃত্ব দিয়ে। ১৯৮০ চনৰ ১৮ ছেপ্টেম্বৰত ভাৰতীয় সেনাৰ ১৬ জন সদস্যই এই শিখৰ সফলতাৰে আৰোহণ কৰে। তাৰ পিছত ১৯৮৪ চনত ডোগ্ৰা ৰেজিমেণ্ট লেফটেনেণ্ট কৰ্ণেল প্ৰেম চান্দে[3] লাডাখৰ ছিয়াচেন গ্লেচিয়াৰত ছালট'ৰ' ৰেঞ্জলৈ K12 লৈ ৫৪ জনীয়া ভাৰতীয় সেনাৰ অভিযানৰ (সেনাবাহিনীৰ বিষয়া আৰু অন্যান্য ৰেংকৰে গঠিত) নেতৃত্ব দিছিল। ১৯৮৪ চনৰ ১৭ অক্টোবৰত ভাৰতীয় সেনা অভিযানৰ সদস্যসকলে এই শিখৰত সফলতাৰে উপনীত হয়।
উল্লেখযোগ্য যে ১৯৮৪ চনত যেতিয়া পাকিস্তানে জাপানী অভিযানক এটা গুৰুত্বপূৰ্ণ শিখৰ (ৰিম' ১) আৰোহণৰ অনুমতি দিছিল, তেতিয়া পাকিস্তানে নিজৰ দাবীক বৈধতা প্ৰদান কৰাৰ প্ৰচেষ্টাৰ ভাৰত চৰকাৰে কৰা সন্দেহক আৰু ইন্ধন যোগাইছিল। চিয়াচেন হিমবাহৰ পূব দিশত অৱস্থিত এই শিখৰৰ পৰা আকছাই চীনৰ উত্তৰ-পশ্চিম অঞ্চলসমূহকো দেখা পোৱা যায় যিটো অঞ্চল ভাৰত আৰু চীনৰ মাজত বিতৰ্কিত। ভাৰতীয় সেনাই বিশ্বাস কৰিছিল যে এনে অভিযানে উত্তৰ-পূব দিশটোক কাৰাকোৰাম ৰেঞ্জৰ দক্ষিণ-পশ্চিম দিশৰ সৈতে আৰু অধিক সংযোগ কৰিব পাৰে আৰু শেষত পাকিস্তানক কৌশলগত সুবিধা প্ৰদান কৰিব পাৰে।
পৰিকল্পনা
[সম্পাদনা কৰক]
ভাৰতীয় সেনাই উত্তৰ লাডাখ অঞ্চলৰ পৰা সৈন্য মোতায়েন কৰাৰ লগতে কিছু অৰ্ধসামৰিক বাহিনী হিমবাহ অঞ্চলত নিয়োজিত কৰাৰ সিদ্ধান্ত লয়। ১৯৮২ চনত এণ্টাৰ্কটিকালৈ প্ৰশিক্ষণ অভিযানৰ জৰিয়তে বেছিভাগ সৈন্যই হিমবাহৰ পৰিৱেশৰ সৈতে খাপ খাই পৰিছিল আৰু সম্পূৰ্ণ হিমবাহ দখল কৰিবলৈ সাজু হৈছিল।[4] ১৯৮৩ চনত পাকিস্তানী জেনেৰেলসকলে ছিয়াচেন হিমবাহত সৈন্য মোতায়েনৰ জৰিয়তে গোঁজ পোতাৰ সিদ্ধান্ত লয়। ভাৰতীয় সেনাৰ পৰ্বতাৰোহণ অভিযান বিশ্লেষণ কৰাৰ পিছত তেওঁলোকে আশংকা কৰিছিল যে ভাৰতে হিমবাহৰ ওচৰৰ মুখ্য ৰিজ আৰু গিৰিপথবোৰ দখল কৰিব পাৰে আৰু গতিকে প্ৰথমে তেওঁলোকৰ নিজৰ সৈন্য প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। পাকিস্তানে লণ্ডনৰ এজন যোগানকৰ্তাৰ পৰা বৰফৰ পোছাক আৰু সঁজুলি মগাইছিল, কিন্তু একেজন যোগানকৰ্তাই ভাৰতীয়সকলকো পোছাক প্ৰদান কৰিছিল। ভাৰতীয়সকলে এই বিষয়ে অৱগত হৈ তেওঁলোকৰ নিজা পৰিকল্পনা আৰম্ভ কৰে আৰু সেইমতে আগবাঢ়ে।[5]
ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ অভিযানৰ প্ৰায় ৪ দিন আগতে ১৯৮৪ চনৰ ১৩ এপ্ৰিলৰ ভিতৰত হিমবাহ নিয়ন্ত্ৰণৰ অভিযানৰ পৰিকল্পনা কৰিছিল কিয়নো চোৰাংচোৱাই জনাইছিল যে পাকিস্তানী অভিযানে ১৭ এপ্ৰিলৰ ভিতৰত হিমবাহ দখল কৰাৰ পৰিকল্পনা কৰিছে। অপাৰেচন মেঘদূতৰ নেতৃত্বত আছিল লেফটেনেণ্ট জেনেৰেল পি এন হুন। ছাল্ট'ৰ' ৰিজ দখল কৰাৰ কাম ২৬ ছেক্টৰৰ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ বিজয় চান্নাক দিয়া হৈছিল আৰু তেওঁক ১০ৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত অভিযান আৰম্ভ কৰিবলৈ কোৱা হৈছিল। তেওঁ বৈশাখী উৎসৱৰ ১৩ এপ্ৰিল বাছি লৈছিল কাৰণ সেই দিনা ভাৰতীয়সকলে অভিযান আৰম্ভ কৰাৰ আশা কম হ’ব বুলি পাকিস্তানীসকলে ভাবিব।[6] ভাৰতীয় বায়ুসেনা দ্বাৰা হিমবাহ অঞ্চলৰ গুৰিলৈ সৈন্য আৰু যোগান বিমানেৰে লৈ যোৱাৰ পৰা অপাৰেচন মেঘদূতৰ প্ৰস্তুতি আৰম্ভ হৈছিল।
কাৰ্য সাধন
[সম্পাদনা কৰক]সেনাবাহিনীয় তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰ ভেংকটাৰমণক অভিযানৰ সবিশেষ জনোৱাৰ পাছত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ইয়াত অনুমোদন দিয়ে। ১৯৮৪ চনৰ মাৰ্চ মাহত এই অভিযানৰ প্ৰথম পৰ্যায় আৰম্ভ হয়, লেফটেনেণ্ট কৰ্ণেল ডি কে খান্নাৰ নেতৃত্বত কুমাওন ৰেজিমেণ্টৰ এটা বেটেলিয়ন আৰু লাডাখ স্কাউটৰ ইউনিটসমূহে ধৰা পৰাৰ পৰা হাত সাৰিবলৈ বৰফেৰে ঢকা জ'জি লাৰ মাজেৰে সমগ্ৰ বস্তু-বাহিনী লৈ কেইবাদিনো খোজকাঢ়ি গৈছিল।[7][8]
মেজৰ আৰ এছ সাধুৰ নেতৃত্বত প্ৰথম ইউনিটটোক হিমবাহৰ উচ্চতাত প্ৰথমে স্থান লোৱাৰ দায়িত্ব দিয়া হৈছিল। কেপ্তেইন সঞ্জয় কুলকাৰ্ণী আৰু দ্বিতীয় লেফটেনেণ্ট অনন্ত ভূঞাৰ নেতৃত্বত পৰৱৰ্তী ইউনিটে বিলাফ'ণ্ড লা সুৰক্ষিত কৰে। কেপ্তেইন পি ভি যাদৱৰ নেতৃত্বত বাকী থকা ইউনিটবোৰে আগবাঢ়ি গৈ চাৰিদিন বগাই গৈ ছালট'ৰ' পৰ্বতৰ বাকী শিখৰসমূহো সুৰক্ষিত কৰে।[8] ১৩ এপ্ৰিলৰ ভিতৰত প্ৰায় ৩০০ ভাৰতীয় সৈন্যই হিমবাহৰ জটিল শিখৰ আৰু গিৰিপথবোৰত স্থান লয়।
পাকিস্তানী সৈন্যই সেই অঞ্চললৈ যাবলৈ সক্ষম হোৱাৰ সময়লৈকে তেওঁলোকে গম পালে যে ভাৰতীয় সেনাই চিয়া লা, বিলাফ'ণ্ড লা আৰু গ্যং লাৰ সকলো ডাঙৰ গিৰিপথ আৰু ছিয়াচেন হিমবাহৰ পশ্চিমে থকা ছালট’ৰ’ ৰিজৰ সকলো শিখৰৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে।[1]ভাৰতীয় দিশৰ পৰা থিয় গিৰিবাহৰ বাবে এই কাৰ্য সাধন কৰা কঠিন আছিল, কিন্তু পাকিস্তানৰ দিশৰ পৰা উঠা সহজ হোৱা সত্বেও উচ্চতা আৰু সীমিত সময়ৰ বাবে পাকিস্তানে কেৱল ছাল্ট’ৰ’ ৰিজৰ পশ্চিম ঢাল আৰু পাহাৰৰ তলৰ অংশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ল।
ভাৰতীয় সেনা আগবাঢ়ি নিজৰ ভূখণ্ডৰ ৯৮৫.৭১ বৰ্গমাইল (২,৫৫৩.০ কিলোমিটাৰ২) নিয়ন্ত্ৰণ কৰে। অতি সোনকালে দুয়োখন দেশে শিবিৰসমূহ স্থায়ী চকীলৈ ৰূপান্তৰিত কৰে। এই বিশেষ অভিযানত দুয়োপক্ষৰ হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই।
হতাহত
[সম্পাদনা কৰক]এই বিশেষ অভিযানৰ সময়ত দুয়োপক্ষৰ হতাহতৰ সংখ্যাৰ কোনো নিৰ্ভৰযোগ্য তথ্য উপলব্ধ নহয়। দুয়োপক্ষই বতৰ আৰু ভূখণ্ডৰ ফলত বা টহলৰ সময়ত হিমস্খলন আৰু ফাটৰ দ্বাৰা বেছিকৈ ক্ষতিগ্ৰস্ত হৈছিল।
পৰৱৰ্তী সময়ছোৱা
[সম্পাদনা কৰক]এই অভিযানৰ ফলত ভাৰতে ৭০ কিলোমিটাৰ দীঘল ছিয়াচেন হিমবাহ আৰু ইয়াৰ সকলো উপনৈ হিমবাহৰ লগতে হিমবাহৰ ঠিক পশ্চিমে থকা ছালট’ৰ’ ৰিজৰ তিনিটা মূল গিৰিপথ লাভ কৰে; ছিয়া লা, বিলাফ'ণ্ড লা, আৰু গ্যং লা। এইবোৰে ভাৰতক উচ্চ স্থানত কৌশলগত সুবিধা দিয়ে। এজিপিএল (Actual Ground Position Line) ছালট'ৰ' ৰিজৰ প্ৰায় কাষেৰে চলি আছে যিটো পইণ্ট NJ9842ৰ পৰা শ্বাক্সগাম ট্ৰেক্টলৈকে (পাকিস্তান অধিকৃত কাশ্মীৰৰ এটা অংশ; যিটো ১৯৬৩ চনত পাকিস্তানে চীনক অৰ্পণ কৰিছিল) প্ৰায় ১২০ কিলোমিটাৰ বিস্তৃত।[9]
এই অভিযানৰ আৰু অঞ্চলটোৰ চোৱা-চিতাৰ খৰছ দুয়োখন দেশৰ সামৰিক বাহিনীৰ বাবে এক ডাঙৰ খৰছ। পাকিস্তানে ১৯৮৭ চনত আৰু ১৯৮৯ চনত ভাৰতৰ অধীনত থকা ৰিজ আৰু গিৰিপথবোৰ দখন কৰিবলৈ আক্ৰমণ চলায়। প্ৰথমটো আক্ৰমণৰ নেতৃত্বত আছিল পাৰভেজ মুশ্বাৰফ (তেতিয়া এজন ব্ৰিগেডিয়াৰ)। প্ৰথমে কেইটামান শিখৰ দখল কৰিলেও তেওঁলোকক পিছ হুঁহকাই পঠিওৱা হয়। সেই বছৰৰে পাছৰফালে পাকিস্তানে "কাইদ" নামৰ এটা গুৰুত্বপূৰ্ণ চকী হেৰুৱায় আৰু সেইটো বানা সিঙৰ সাহসক স্বীকৃতি জনাই "বানা চকী" নামেৰে ভাৰতৰ হাতলৈ আহে। 1,500 ফুট (460 মিটাৰ) বৰফৰ গৰা বগাই বানা সিঙে আপৰেচন ৰাজীৱ নামেৰে দিনতে আক্ৰমণ চলাই সেইটো দখল কৰে। এই বিজয়ৰ বাবে বানা সিঙক ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।সাগৰপৃষ্ঠৰ পৰা ২২,১৪৩ ফুট (6,749 মিটাৰ) উচ্চতাত বানা চকী পৃথিৱীৰ সৰ্বোচ্চ সামৰিক চকী।[10][11]
জনপ্ৰিয় মাধ্যমত
[সম্পাদনা কৰক]২০১৮ চনত ডিছক'ভাৰী চেনেলৰ "বীৰ বাই ডিছক'ভাৰী" শৃখলাত Operation Meghdoot: How India Captured Siachen (Battle Ops) নামৰ এখন টিভি তথ্যচিত্ৰ সম্প্ৰচাৰিত হৈছিল।[12][13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Baghel, Ravi; Nusser, Marcus (2015-06-17). "Securing the heights; The vertical dimension of the Siachen conflict between India and Pakistan in the Eastern Karakoram". Political Geography (Elsevier) খণ্ড 48: 24–36. doi:10.1016/j.polgeo.2015.05.001.
- ↑ "Brigadier KN Thadani VSM | Ascent of Apsarasas-1 in the Siachen Glacier" (en ভাষাত). www.himalayanclub.org/. https://www.himalayanclub.org/hj/38/19/the-ascent-of-apsarasas-i-in-the-karakoram/.
- ↑ "Lt Col Prem Chand | Ascent of K12 in the Siachen Glacier" (en ভাষাত). www.himalayanclub.org/. https://www.himalayanclub.org/hj/41/15/ascent-of-k12-7428-m-in-saltoro-hills-range.
- ↑ "How RAW Outsmarted ISI to Win Siachen for India Through 'Operation Meghdoot'". 6 October 2016. https://www.indiatimes.com/news/india/how-raw-outsmarted-isi-to-win-siachen-for-india-through-operation-meghdoot-263062.html। আহৰণ কৰা হৈছে: 23 June 2018.
- ↑ "War at the Top of the World". Time Magazine. 4 July 2005. http://content.time.com/time/magazine/article/0,9171,1079528,00.html.
- ↑ "Operation Meghdoot: 34 years ago, how India won Siachen". 13 April 2018. https://indianexpress.com/article/explained/operation-meghdoot-34-years-ago-how-india-won-siachen-5135429/। আহৰণ কৰা হৈছে: 23 June 2018.
- ↑ "Remembering Operation Meghdoot: How Indian Army took Siachen, forty years ago" (en ভাষাত). The Indian Express. 2024-04-14. https://indianexpress.com/article/explained/explained-history/operation-meghdoot-siachen-army-9268157/। আহৰণ কৰা হৈছে: 2025-04-26.
- ↑ 8.0 8.1 "Operation Meghdoot". Indian Army. http://indianarmy.nic.in/Site/FormTemplete/frmTemp3PLMMCRM6C.aspx?MnId=GWOq5gm/3bWnw01bjgMFeA==&ParentID=PUXKeyfrbKTnUWp2lVC0YA==। আহৰণ কৰা হৈছে: 11 April 2012.
- ↑ R Baghela and M Nüsserab, 2015, Securing the heights: The vertical dimension of the Siachen conflict between India and Pakistan in the Eastern Karakoram Archived 25 February 2021 at the Wayback Machine, Political Geography (journal), Volume 48, Pages 24-36.
- ↑ "Project Hope". Rediff. 2001-01-25. http://in.rediff.com/news/2001/jan/25hope.htm.
- ↑ "Confrontation at Siachen, 26 June 1987". Bharat Rakshak. Archived from the original on 24 February 2014. https://web.archive.org/web/20140224074306/http://www.bharat-rakshak.com/LAND-FORCES/History/1984/290-Confrontation.html। আহৰণ কৰা হৈছে: 2011-12-30.
- ↑ "This R-Day, get ready for Discovery channel's 'Battle Ops'". The Hindu. 25 January 2018. http://www.thehindu.com/society/discovery-channels-new-series-battle-ops-on-indias-iconic-military-operations/article22520490.ece.
- ↑ "Operation Meghdoot: How India Captured Siachen Battle Ops". Veer by Discovery. https://www.youtube.com/watch?v=3Q7AC66O8nU। আহৰণ কৰা হৈছে: 22 April 2018.