সমললৈ যাওক

অপূৰ্ণা নাৰ্জাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অপূৰ্ণা নাৰ্জাৰী
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামঅপূৰ্ণা নাৰ্জাৰী
জন্ম৮ জানুৱাৰী, ২০০৪ (২২ বছৰ)
জন্মস্থানকোকৰাঝাৰ, অসম, ভাৰত
খেলা স্থানফৰৱাৰ্ড
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবশ্ৰীভূমি
সংখ্যা২০
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
ইণ্ডিয়ান এৰোৰ উইমেন
২০২২কেৰেলা ব্লাষ্টাৰছ
২০২৩–২০২৪সেতু
২০২৪–শ্ৰীভূমি
ৰাষ্ট্ৰীয় দল
২০২২–ভাৰত ইউ২০(৪)
২০২২–ভাৰত(০)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

অপূৰ্ণা নাৰ্জাৰী (ইংৰাজী: Apurna Narzary; জন্ম: ৮ জানুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ৷ তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি আৰু ভাৰত জাতীয় দলৰ হৈ ফৰৱাৰ্ড খেলুৱৈ হিচাপে খেলে।[1]

ক্লাব কেৰিয়াৰ

[সম্পাদনা কৰক]

অপূৰ্ণাই ইণ্ডিয়ান এৰোছৰ সৈতে ছিনিয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ হৈ ইণ্ডিয়ান উইমেনছ লীগত খেলিছিল। এৰোছৰ বাবে ৭খন খেলত ৬টা গ’ল আৰু দুটা হিৰো অৱ দ্য মেচ বঁটা লাভ কৰে। ওড়িশা পুলিচৰ বিৰুদ্ধে তেওঁ ৪-০ গ'লত জয়লাভ কৰি হেট্ৰিক অৰ্জন কৰে।[2][3][4] ২০২২ চনত কেৰেলা ব্লাষ্টাৰছে তেওঁলোকৰ নতুনকৈ আৰম্ভ কৰা মহিলা দলৰ অংশ হিচাপে তেওঁক চুক্তিবদ্ধ কৰে।[5][6]

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

[সম্পাদনা কৰক]

২০২২ চনৰ এছ এ এফ এফৰ ১৮ বছৰ অনুৰ্ধ মহিলা চেম্পিয়নশ্বিপত ভাৰতৰ ১৮ বছৰ অনুৰ্ধ দলক প্ৰতিনিধিত্ব কৰাৰ পিছত ২০২২ চনত অপূৰ্ণাই জুনিয়ৰ পৰ্যায়ত ভাৰতৰ হৈ অভিষেক ঘটায়।[7][8] ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ২০২২ চনৰ এছ এ এফ এফ মহিলা চেম্পিয়নশ্বিপত খেলিবলৈ তেওঁক ভাৰতীয় দলৰ অন্তিম ২৩ টা স্কোৰ্ডত অন্তৰ্ভুক্ত কৰা হয়।[9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "A new Narzary on the block: Apurna shines for Indian Arrows". the-aiff.com. 2022-05-07. https://www.the-aiff.com/article/a-new-narzary-on-the-block-apurna-shines-for-indian-arrows। আহৰণ কৰা হৈছে: 2022-10-12. 
  2. "IWL: Apurna shines for Indian Arrows, becomes new Narzary on block". ANI News. 2022-05-07. Archived from the original on 2022-10-12. https://web.archive.org/web/20221012074333/https://www.aninews.in/news/sports/football/iwl-apurna-shines-for-indian-arrows-becomes-new-narzary-on-block20220507174802/। আহৰণ কৰা হৈছে: 2022-10-12. 
  3. D'Cunha, Zenia; Olley, James; Marsden, Sam; Llorens, Moises (2022-05-19). "Arrows provide a rare ray of hope for the future of women's football in India". ESPN. https://www.espn.in/football/story/4668755/indian-arrows-iwl-rare-ray-hope-womens-football। আহৰণ কৰা হৈছে: 2022-10-12. 
  4. Imtiaz, Md (2022-05-13). "Top 5 Indian players from IWL who have impressed us". The Bridge - Home of Indian Sports. https://thebridge.in/iwl/top-5-indian-iwl-players-impressed-31459। আহৰণ কৰা হৈছে: 2022-10-12. 
  5. "Apurna Narzary – Kerala Blasters FC". Kerala Blasters FC. 2014-05-27. Archived from the original on 2022-10-12. https://web.archive.org/web/20221012074340/https://keralablastersfc.in/player/apurna-narzary/। আহৰণ কৰা হৈছে: 2022-10-12. 
  6. "KWL: Apurna hits hat-trick in Kerala Blasters victory". OnManorama. 2022-08-28. https://www.onmanorama.com/sports/football/2022/08/28/kerala-womens-league-kerala-blasters-luca-win.html। আহৰণ কৰা হৈছে: 2022-10-12. 
  7. "Assam footballer Apurna Narzary ready to play against USA for U-19 India women's team". PiPa News. 2022-06-25. https://pipanews.com/assam-footballer-apurna-narzary-ready-to-play-against-usa-for-u-19-india-womens-team/। আহৰণ কৰা হৈছে: 2022-10-12. 
  8. "Assam footballer Apurna Narzary: ত্ৰিদেশীয় শৃংখলা, ছুইডেনৰ বিৰুদ্ধে খেলাৰ পিছত এইবাৰ USAৰ বিৰুদ্ধে খেলিবলৈ সাজু কোকৰাঝাৰৰ অপৰ্ণা নাৰ্জাৰী" (as ভাষাত). Home. 2022-06-25. https://assam.news18.com/news/sports/assam-footballer-apurna-narzary-ready-to-play-against-usa-for-u-19-india-women-team-bipul-gb-232635.html। আহৰণ কৰা হৈছে: 2022-10-12. 
  9. Biswas, Joseph (2022-09-04). "India announce squad for SAFF Women's Championship 2022". Khel Now. https://khelnow.com/football/saff-womens-championship-2022-india-announce-squad/। আহৰণ কৰা হৈছে: 2022-10-12.