অপূৰ্ব শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অপূৰ্ব শৰ্মা
জন্ম ১৯৪৩ চন
অসম
পেচা সাহিত্যিক, সাংবাদিক, সমালোচক আৰু গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজী বাঘে টাপুৰ ৰাতি, অসমীয়া চলচিত্ৰৰ ছাঁ-পোহৰ
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা, ২০০০[1]

অপূৰ্ব শৰ্মা (ইংৰাজী: Apurba Sharma) হ’ল সৌৰভ কুমাৰ চলিহাই প্ৰৱৰ্তন কৰা অসমীয়া গল্প-সাহিত্যৰ আধুনিকতাবাদী ধাৰাটোৰ অন্যতম শ্ৰেষ্ঠ গল্পকাৰ।[2] তেখত এগৰাকী বিশিষ্ট চলচ্চিত্ৰ-সমালোচকো।

কৰ্মজীৱন[সম্পাদনা কৰক]

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পাছত নগাঁও ছোৱালী মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি সেই মহাবিদ্যালয়ৰে অধ্যক্ষ হয়।

উল্লেখযোগ্য বঁটা[সম্পাদনা কৰক]

  1. সাহিত্য অকাডেমি বঁটা। তেখেতে ২০০০ চনত ‘বাঘে টাপুৰ ৰাতি’ গল্প-সংকলনৰ বাবে এই বঁটা লাভ কৰে।
  2. সূৰ্য কমল
  3. তেওঁ ২০১৫ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

  • বন্ধুৰ পথৰ কেইজনমান ডেকা মানুহ (১৯৭৭)
  • শুভবাৰ্তা (১৯৮৫)
  • বাঘে টাপুৰ ৰাতি আৰু অন্যান্য কাহিনী (১৯৯৬)
  • অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ
  • JYOTI PRASAD AS A FILM MAKER [3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩
  3. Gauhati Cine Club