অপৰূপা পোদ্দাৰ
অপৰূপা পোদ্দাৰ আফ্ৰিন আলী | |
---|---|
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ২০১৪ – ২০২৪ | |
পূৰ্বসূৰী | শক্তি মোহন মালিক |
উত্তৰসূৰী | মিতালী বেগ |
সমষ্টি | আৰমবাগ |
ব্যক্তিগত তথ্য | |
জন্ম | অপৰূপা পোদ্দাৰ ৮ জানুৱাৰী, ১৯৮৬ (৩৯ বছৰ) চেৰামপুৰ, পশ্চিম বংগ |
ৰাজনৈতিক দল | সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ |
দাম্পত্যসঙ্গী | মহম্মদ চাকিৰ আলী |
সন্তান | ৩ |
বাসস্থান | ২৮, গান্ধী সৰক, ঋষৰা, ছেৰামপুৰ - ৭১২২৪৮, পশ্চিম বংগ, ভাৰত |
শিক্ষানুষ্ঠান | হুগলী মহচিন কলেজ, বৰ্ধৱান বিশ্ববিদ্যালয়, (কলাৰ স্নাতকোত্তৰ) ড. বি.আৰ. আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়, হায়দৰাবাদ (LL.B) (LL.M) |
আফ্ৰিন আলী বা অপৰূপা পোদ্দাৰ (জন্ম: ৮ জানুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পশ্চিম বংগৰ আৰামবাগ (লোকসভা সমষ্টি)ৰ পৰা ১৬ নং ১৭ নং লোকসভাৰ সংসদৰ সদস্য।[1][2] ২০১৪ & ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।[3]
বিতৰ্ক
[সম্পাদনা কৰক]তেওঁ প্ৰথমবাৰৰ বাবে জড়িত হোৱা বিতৰ্কটো আছিল আৰ্থিক দুৰ্নীতি সম্পৰ্কীয়, যাক ২০১৭ চনৰ ৫ অক্টোবৰত সত্য বুলি নিশ্চিত কৰা হয়৷ তেওঁ স্বীকাৰ কৰে যে তেওঁ নাৰাদা নিউজৰ বছ মেথিউ চেমুৱেলৰ পৰা উৎকোচ লৈছিল।[4]
দ্বিতীয় বিতৰ্ক সন্দৰ্ভত উত্থাপিত অভিযোগটো হৈছে তেওঁৰ ধৰ্মৰ সম্বন্ধীয়। তেওঁ হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল৷ আৰু জন্মৰ সময়ত তেওঁ অপৰূপা পোদ্দাৰ নামেৰে নাম লৈছিল৷ এজন মুছলিম যুৱকৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল৷ বিবাহৰ পাছত তেওঁ আফ্ৰিন আলীৰ নাম লৈছিল৷ বিবাহৰ পাছত তেওঁ অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰা ব্যক্তি বাবে তেওঁ অনুসূচিত জাতিৰ নহয় বুলি দাবী কৰে৷ আৰু তেওঁৰ প্ৰাৰ্থীত্ব বাতিল কৰিবলৈ নিৰ্বাচন আয়োগত এজাহাৰ দাখিল কৰে। এই পৰিপ্ৰেক্ষিতত অপৰূপা পোদ্দাৰে দাবী কৰে, যে তেওঁ নিজৰ নাম সলনি কৰিছে কিন্তু ধৰ্ম সলনি কৰা নাই।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Members: Lok Sabha". loksabhaph.nic.in. http://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=4844। আহৰণ কৰা হৈছে: 26 August 2021.
- ↑ "Aparupa Poddar (Afrin Ali)". PRSIndia. https://prsindia.org/mptrack/17-lok-sabha/aparupa-poddar-afrin-ali। আহৰণ কৰা হৈছে: 26 August 2021.
- ↑ "Constituencywise-All Candidates". Archived from the original on 17 May 2014. https://web.archive.org/web/20140517163645/http://eciresults.nic.in/ConstituencywiseS2529.htm?ac=29। আহৰণ কৰা হৈছে: 17 May 2014.
- ↑ "Narada sting: Trinamool MP admits taking Rs 3 lakh bribe". https://timesofindia.indiatimes.com/india/narada-sting-trinamool-mp-admits-taking-rs-3-lakh-bribe/articleshow/60963863.cms.
- ↑ "Name game: Arambagh TMC candidate lands herself in trouble". Hindustan Times, Kolkata, 10 April 2014. Archived from the original on 8 June 2014. https://web.archive.org/web/20140608140626/http://paper.hindustantimes.com/epaper/viewer.aspx। আহৰণ কৰা হৈছে: 13 June 2014.