অপৰ্ণা ঘোষ
| অপৰ্ণা ঘোষ | |
|---|---|
২০১৫ চনত অপৰ্ণা ঘোষ | |
| স্থানীয় নাম | অপৰ্ণা ঘোষ |
| জন্ম | ২৫ ছেপ্টেম্বৰ ৰাঙামাটি, চিটাগং, বাংলাদেশ |
| ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
| পেচা | অভিনেত্ৰী, নাট্যশিল্পী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০৯–বৰ্তমান |
| দাম্পত্যসঙ্গী | সত্ৰজিত দত্ত (বি. ২০২০) |
অপৰ্ণা ঘোষ (জন্ম ২৫ ছেপ্টেম্বৰ) এগৰাকী বাংলাদেশী অভিনেত্ৰী, নাট্যশিল্পী আৰু মডেল।[1] মৃত্তিকা মায়া (২০১৩) আৰু গণ্ডী (২০২০) চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ দুবাৰকৈ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ শাখাত বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[2][3]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]অপৰ্ণা ঘোষৰ জন্ম ২৫ ছেপ্টেম্বৰত ৰাঙামাটিত হৈছিল। শৈশৱৰ প্ৰাথমিক বছৰসমূহ তেওঁ ৰাঙামাটি আৰু চট্টগ্ৰাম দুয়োখন ঠাইতে অতিবাহিত কৰে।[4] তেওঁ ৰাঙামাটি চৰকাৰী বালিকা উচ্চ বিদ্যালয়ত অধ্যয়ন কৰে।
তেওঁৰ পিতৃ আলোক ঘোষ এজন মঞ্চ অভিনেতা আছিল, যাৰ প্ৰভাৱতেই অপৰ্ণাই অভিনয় জগতত আগবাঢ়িবলৈ অনুপ্ৰেৰণা লাভ কৰে। ২০০৩ চনত তেওঁ চট্টগ্ৰামস্থিত স্থানীয় নাট্যগোষ্ঠী ‘নন্দীকাৰ’ত মঞ্চশিল্পী হিচাপে যোগদান কৰে। তেওঁৰ প্ৰথম অভিনয় আছিল এছ. এম. ছোলায়মানৰ নাটক ক'ৰ্ট মাৰ্শাল।
ইয়াৰ পিছত তেওঁ কেইবাখনো মঞ্চ নাটকত অভিনয় কৰে। তেখেতে উইলিয়াম শ্বেক্সপীয়েৰৰ অ'থেলো আৰু দ্য মাৰ্চেণ্ট অৱ ভেনিচত অভিনয় কৰাৰ লগতে পাপ পুণ্য আদি নাটকতো নন্দীকাৰৰ সৈতে অংশগ্ৰহণ কৰে।[5]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০০৬ চনত অপৰ্ণা ঘোষ ঢাকালৈ গুচি যায়। সেই বছৰতে তেওঁ লাক্স-চেনেল আই ছুপাৰষ্টাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শীৰ্ষ চাৰিগৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰে। ইয়াৰ পিছতে তেওঁ টেলিভিছন নাটক টোবু অ' ভালবাছিৰ জৰিয়তে সৰু পৰ্দাত অভিষেক ঘটে।
অপৰ্ণাই চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে থাৰ্ড পাৰ্চন চিংগুলাৰ নাম্বাৰ ছবিৰ জৰিয়তে।[1] ২০০৩ চনৰপৰাই তেওঁ চট্টগ্ৰামস্থিত নাট্যদল ‘নন্দীকাৰ’ৰ সৈতে জড়িত হৈ আছে।[6] ২০১৩ চনত গাজী ৰাকায়েত পৰিচালিত মৃত্তিকা মায়া ছবিত তেওঁ তিতাস জিয়াৰ বিপৰীতে ফাহমিদা চৰিত্ৰত অভিনয় কৰে। এই অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী শাখাত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০১৪ চনত অপৰ্ণাই জাহিদূৰ ৰহিম অঞ্জন পৰিচালিত মেঘমল্লাৰ ছবিত আছমা চৰিত্ৰত অভিনয় কৰে। আখতাৰুজ্জামান ইলিয়াছৰ মুক্তিযুদ্ধভিত্তিক চুটিগল্প “ৰেইনকোট”ৰ আধাৰত নিৰ্মিত এই ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত পাঁচটা বঁটা লাভ কৰে।[7] তেওঁৰ পিতৃ আলোক ঘোষ ‘নন্দীকাৰ’ নাট্যদলৰ দলনেতা। ২০১৫ চনত অপৰ্ণাই চুটোপাৰ ঠিকানা ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে। এই ছবিত তেওঁ চুটোপা নামৰ চৰিত্ৰটো কিশোৰী, বিবাহিতা মহিলা, বিধৱা আৰু বৃদ্ধা — জীৱনৰ চাৰিটা ভিন্ন পৰ্যায়ত ৰূপায়ণ কৰে।[8] ২০১৬ চনত তেওঁ জাছিম উদ্দিনৰ চুটিগল্প “আয়না”ৰ আধাৰত নিৰ্মিত ডৰ্পন বিসৰ্জন ছবিত বকুল চৰিত্ৰত অভিনয় কৰে। ২০১৭ চনত তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি আছিল ভুবন মাঝি। বাংলাদেশৰ মুক্তিযুদ্ধৰ পটভূমিত নিৰ্মিত এই ছবিত তেওঁ পৰমব্ৰত চট্টোপাধ্যায়ৰ সৈতে ফৰিদা চৰিত্ৰত অভিনয় কৰে।[9] ২০২২ চনত অপৰ্ণাই মেড ইন চিটাগং ছবিত নূৰজাহান নামৰ মুখ্য চৰিত্ৰত অভিনয় কৰে।[10]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০২০ চনৰ ১০ ডিচেম্বৰত অপৰ্ণাই চট্টগ্ৰামৰ আগ্ৰাবাদত থকা পৰিয়ালৰ ঘৰত অনুষ্ঠিত এক অনুষ্ঠানত জাপানত কৰ্মৰত আই টি অভিযন্তা সত্ৰজিৎ দত্তক বিয়া কৰায়।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Shah Alam Shazu (৯ এপ্ৰিল ২০১৫). ""I put in sleepless nights for Mrittika Maya" ... Aparna Ghosh" (en ভাষাত). The Daily Star. https://www.thedailystar.net/arts-entertainment/interview/%E2%80%9Ci-put-sleepless-nights-mrittika-maya%E2%80%9D-%E2%80%A6-aparna-ghosh-76316.
- ↑ "Film is where you can give your best: Aparna" (en ভাষাত). New Age. ২৩ মাৰ্চ ২০১৫. http://archive.newagebd.net/105368/film-is-where-you-can-give-your-best-aparna/.[সংযোগবিহীন উৎস]
- ↑ "Winners of National Film Awards 2020 announced" (en ভাষাত). The Daily Star. ১৫ ফেব্ৰুৱাৰী ২০২২. https://www.thedailystar.net/entertainment/tv-film/news/winners-national-film-awards-2020-announced-2962736.
- ↑ Rahman, Tanvir (2020-01-17) (bn ভাষাত). https://dainikpurbokone.net/nagordola/96620/%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%8B%E0%A6%A6%E0%A6%A8-%E0%A6%9C%E0%A6%97%E0%A6%A4%E0%A7%87-%E0%A6%9A%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A6%B0/.
- ↑ (bn ভাষাত)Prothom Alo. 2019-12-10. https://www.prothomalo.com/entertainment/drama/%E0%A6%B6%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%96%E0%A7%81%E0%A6%81%E0%A6%9C%E0%A6%A4%E0%A7%87-%E0%A6%AE%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95%E0%A7%87-%E0%A6%85%E0%A6%AA%E0%A6%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE.
- ↑ "Aparna back at her old stomping grounds". The Daily Star. December 22, 2015. https://www.thedailystar.net/arts-entertainment/tv/aparna-back-her-old-stomping-grounds-190627। আহৰণ কৰা হৈছে: December 22, 2015.
- ↑ (bn ভাষাত)Prothom Alo. 2014-09-27. https://www.prothomalo.com/entertainment/%E0%A6%9B%E0%A6%BE%E0%A7%9C%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%B0-%E0%A6%AA%E0%A7%87%E0%A6%B2-%E2%80%98%E0%A6%AE%E0%A7%87%E0%A6%98%E0%A6%AE%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%B0%E2%80%99.
- ↑ "Aparna portrays woman's four stages of life". Dhaka Tribune. 22 September 2014. https://www.dhakatribune.com/uncategorized/2014/09/22/aparna-portrays-womans-four-stages-of-life.
- ↑ "Aparna-starrer Liberation War film 'Bhuban Majhi' releases March 3". The Independent (Dhaka). 28 February 2017. https://theindependentbd.com/home/printnews/83021.
- ↑ "Partha Barua and Aparna Ghose to star in 'Made In Chittagong'" (en ভাষাত). The Daily Star. 2022-06-14. https://www.thedailystar.net/entertainment/tv-film/news/partha-barua-and-aparna-ghose-star-made-chittagong-3046951.
- ↑ "Actress Aparna Ghosh ties the knot" (en ভাষাত). Daily Sun. 2020-12-10. Archived from the original on 2024-08-30. https://web.archive.org/web/20240830224724/https://www.daily-sun.com/post/522928.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অপৰ্ণা ঘোষ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- ইনষ্টাগ্ৰামত অপৰ্ণা ঘোষ
