অপৰ্ণা বালামুৰলী
| অপৰ্ণা বালামুৰলী | |
|---|---|
২০২৪ চনত অপৰ্ণা | |
| জন্ম | অপৰ্ণা বালামুৰলী মেনন ১১ ছেপ্টেম্বৰ, ১৯৯৫ (৩০ বছৰ) ত্ৰিচুৰ, কেৰালা, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৫—বৰ্তমান |
অপৰ্ণা বালামুৰলী (ইংৰাজী: Aparna Balamurali; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯৫[1]) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য গায়িকা, যিয়ে মূলতঃ মালয়ালম আৰু তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দক্ষিণ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। অপৰ্ণা মহেশিন্তে প্ৰতিকাৰম (২০১৬), চানডে হলিডে (২০১৭), চুৰাৰাই পট্টু (২০২০) আৰু কিস্কিন্ধা কাণ্ডম (২০২৪) আদি ছবিৰ চৰিত্ৰৰ বাবে পৰিচিত। চুৰাৰাই পট্টু ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[2] ২০২৫ চনত 'ফৰ্বছ এছিয়া'ই তেওঁক তেওঁলোকৰ '৩০ অনূৰ্ধ্ব ৩০' তালিকাত স্থান দিছিল।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কেৰালাৰ ত্ৰিচুৰত অপৰ্ণাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কে. পি. বালামুৰলী মেনন এজন সংগীত পৰিচালক আৰু মাতৃ শোভা বালামুৰলী।[4] তেওঁ দেৱমাতা চি.এম.আই. পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।[5]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০১৫ চনত অপৰ্ণাৰ প্ৰথম ছবি অৰু ছেকেণ্ড ক্লাছ যাত্ৰা মুক্তি লাভ কৰে। তেওঁ মহেশিন্তে প্ৰতিকাৰম (২০১৬) ছবিখনৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰে।[6] তেওঁ অৰু মুথাছি গাধা (২০১৬) নামৰ হাস্যমধুৰ ছবি এখনতো অভিনয় কৰিছিল।[7] ২০১৭ চনত ৮ থোট্টাক্কলৰ জৰিয়তে তেওঁ তামিল ছবিজগতত আত্মপ্ৰকাশ কৰে। তেওঁ চানডে হলিডে (২০১৭) আৰু ত্ৰিচ্ছিভাপেৰুৰ ক্লিপঠাম (২০১৭) ছবিত অভিনয় কৰিছিল। এই দুয়োখন ছবিতে তেওঁ আচিফ আলীৰ বিপৰীতে অভিনয় কৰিছিল।[8] ২০১৮ চনত তেওঁৰ কামুকী আৰু বি. টেক মুক্তি পায়।[9] জি. ভি. প্ৰকাশ কুমাৰ অভিনীত সৰ্বম থালা মায়ম (২০১৯) ছবিত তেওঁক নায়িকা হিচাপে নিৰ্বাচন কৰা হৈছিল।[10] ইয়াৰ পিছত তেওঁৰ মালয়ালম ছবিসমূহ আছিল মিষ্টাৰ এণ্ড মিচেছ ৰাউডী (২০১৯) আৰু জিম বুম ভা (২০১৯)।[11] সূৰ্য অভিনীত চুৰাৰাই পট্টু (২০২০) ছবিত তেওঁ 'বম্মি' চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ পৰৱৰ্তী তামিল ছবি আছিল থিথুম নান্দ্ৰুম (২০২১)।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Happy Birthday Aparna Balamurali! Fans send out heartfelt wishes for the Kollywood actress" (en ভাষাত). zoomtventertainment.com. 21 September 2020. https://www.zoomtventertainment.com/tamil-cinema/article/happy-birthday-aparna-balamurali-fans-send-out-heartfelt-wishes-for-the-kollywood-actress/651032.
- ↑ "National Film Awards 2022 highlights: Soorarai Pottru and Tanhaji The Unsung Warrior win big". Hindustan Times. 22 July 2022. https://www.hindustantimes.com/entertainment/bollywood/68th-national-film-awards-live-updates-winners-to-be-announced-soon-101658484602705.html। আহৰণ কৰা হৈছে: 22 July 2022.
- ↑ "Forbes India 30 Under 30 2025: Meet our young groundbreakers and trendsetters". Forbes India. https://www.forbesindia.com/lists/30-under-30-2025/। আহৰণ কৰা হৈছে: 29 May 2025.
- ↑ "Actress Aparna Balamurali Family Photos with Father, Mother & Biography". Latest Tamil News. 15 November 2020. https://jobbeatnews.in/aparna-balamurali-biography-age-date-of-birth-2024/.[সংযোগবিহীন উৎস]
- ↑ অজিথ (12 January 2018). "ഇത് നിങ്ങളറിയാത്ത അപർണ ബാലമുരളി!" (ml ভাষাত). Malayala Manorama. https://www.manoramaonline.com/homestyle/spot-light/2018/01/10/aparna-balamurali-about-architecture-and-dream-home.html.
- ↑ "Maheshinte Prathikaram review: Finally, an intelligent comedy". Sify. https://www.sify.com/movies/maheshinte-prathikaram-review-finally-an-intelligent-comedy-review-malayalam-qcfrQVcdfebad.html.
- ↑ "Oru Muthassi Gadha Review". 15 September 2016. https://lensmenreviews.com/oru-muthassi-gadha-malayalam-movie-review-2016/.
- ↑ "Aparna Balamurali is a scribe in her Tamil debut". 5 April 2017. https://www.newindianexpress.com/entertainment/malayalam/2017/apr/04/aparna-balamurali-is-a-scribe-in-her-tamil-debut-1589873.html.
- ↑ "'B Tech' releases today (May 5)". Sify. 5 May 2018. http://www.sify.com/movies/b-tech-releases-today-may-5-news-malayalam-sffozCejjedfa.html। আহৰণ কৰা হৈছে: 7 February 2023.
- ↑ "Aparna Balamurali signs Sarvam Thaala Mayam". The New Indian Express. 30 November 2017. https://www.newindianexpress.com/entertainment/tamil/2017/nov/30/aparna-balamurali-signs-sarvam-thaala-mayam-1714130.html.
- ↑ "Mr & Ms Rowdy review:Predictable, but ends up as an average watch". Sify. https://www.sify.com/movies/mr--ms-rowdy-reviewpredictable-but-ends-up-as-an-average-watch-review-malayalam-tcxkHMdajafii.html.
- ↑ Chandar, Bhuvanesh (12 March 2021). "Theethum Nandrum Movie Review: A simple, neatly bound tale about depravity". Cinema Express. https://www.cinemaexpress.com/reviews/tamil/2021/mar/12/theethum-nandrum-movie-review-a-simple-neatly-bound-tale-about-depravity-23277.html। আহৰণ কৰা হৈছে: 6 August 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত অপৰ্ণা বালামুৰলী সম্পৰ্কীয় মিডিয়া ফাইল।- ফেইচবুকত অপৰ্ণা বালামুৰলী
- অপৰ্ণা বালামুৰলী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।