সমললৈ যাওক

অপৰ্ণা ব্ৰিয়েল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অপৰ্ণা ব্ৰিয়েল

২০১৮ চনত ব্ৰিয়েল
জন্ম অপৰ্ণা পাৰ্থসাৰথি
৫ ফেব্ৰুৱাৰী, ১৯৯৪ (৩২ বছৰ)[1]
ক্লাকামাছ, অৰিগন, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষানুষ্ঠান লিনফিল্ড কলেজ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১১–বৰ্তমান

অপৰ্ণা ব্ৰিয়েল (ইংৰাজী: Aparna Brielle; জন্ম: অপৰ্ণা পাৰ্থসাৰথি, ৫ ফেব্ৰুৱাৰী, ১৯৯৪[1]) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এনবিচি/পিককৰ কমেডী ধাৰাবাহিক এ.পি. বায়ো (২০১৯-২০২১)-ত সাৰিকা সৰকাৰ আৰু নেটফ্লিক্সৰ একশ্বন কমেডী ধাৰাবাহিক ফুবৰ (২০২৩-২০২৫)-ত টিনা মুখাৰ্জীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

অপৰ্ণা ব্ৰিয়েলৰ জন্ম অৰিগনৰ ক্লাকামাছত ভাৰতীয় আমেৰিকাতামিল দম্পতী পাৰ্থ ৰাজগোপাল আৰু গিৰিজা পাৰ্থসাৰথিৰ ঘৰত হৈছিল। তেওঁ পৰ্টলেণ্ড মেট্ৰ’পলিটান এলেকাৰ চিডাৰ মিল অঞ্চলত ডাঙৰ-দীঘল হৈছিল।[1] বিজয় নামৰ তেওঁৰ এজন কনিষ্ঠ ভাতৃ আছে।[2] সৰু কালত তেওঁ বিভাৰটনৰ ভেলী কেথলিক স্কুলত অধ্যয়ন কৰিছিল।[3] মাত্ৰ ন বছৰ বয়সতে ব্ৰিয়েলে মাত্ৰ তিনিবছৰীয়া প্ৰশিক্ষণৰ পিছত আৰংগেট্ৰম পৰিৱেশন কৰি স্নাতক ডিগ্ৰী লাভ কৰা বিশ্বৰ কনিষ্ঠতম ভাৰতনাট্যম নৰ্তকীসকলৰ ভিতৰত এগৰাকী হিচাপে পৰিগণিত হয়।[3] তেওঁ আৰ্টছ এণ্ড কমিউনিকেচন হাইস্কুলত অধ্যয়ন কৰিছিল আৰু ২০১১ চনৰ শেষৰফালে তেওঁলোকৰদ্বাৰা নিৰ্মিত গডস্পেলৰ দৰে প্ৰদৰ্শনত অংশ লৈছিল। সেই সময়ত তেওঁ অপৰ্ণা পাৰ্থসাৰথি নামেৰেহে পৰিচিত আছিল।[4] ইয়াৰ পিছত ব্ৰিয়েলে লিনফিল্ড কলেজত অধ্যয়ন কৰে আৰু তাৰপৰা মাৰ্কেটিং বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[5]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১৪ চনত ব্ৰিয়েলে এনবিচিৰ অলৌকিক ড্ৰামা গ্ৰিমৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে।[6] ২০১৫ চনত তেওঁ টিএনটিৰ দ্য লাইব্ৰেৰিয়ানছত আৰু ২০১৬ চনত ফক্সৰ চুটিদিনীয়া ধাৰাবাহিক কু পাৰ বেৰেটছ গাইড টু চাৰ্ভাইভিং লাইফত অভিনয় কৰে।

২০১৭ চনত ব্ৰিয়েলক এনবিচিৰ কমেডী ধাৰাবাহিক এ.পি. বায়োত সাৰিকাৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰা হয়। সাৰিকা আছিল এগৰাকী উচ্চাকাংক্ষী ছাত্ৰী যিয়ে সদায় সঠিক কাম কৰি সফলতাৰ জখলা বগাবলৈ চেষ্টা কৰিছিল। এই ধাৰাবাহিকখন ২০১৮ চনত প্ৰিমিয়াৰ হৈছিল।[6][7]

ব্ৰিয়েলে ডেড গাৰ্লছ ডিটেক্টিভ এজেন্সীত লৰ্না ৰেডীৰ চৰিত্ৰতো অভিনয় কৰিছে। এইখন এনবিচিউনিভাৰ্চেল আৰু স্নেপ ইনকৰদ্বাৰা নিৰ্মিত কেইবাখনো নতুন ডিজিটেল শ্ব’ৰ ভিতৰত অন্যতম।[8] ইয়াৰ প্ৰথম ছিজন ২০১৮ চনৰ ২২ অক্টোবৰৰপৰা প্ৰতিদিনে এটা নতুন খণ্ডৰ সৈতে সম্প্ৰচাৰিত হৈছিল।[9] ধাৰাবাহিকখনৰ তৃতীয় আৰু চতুৰ্থ ছিজনৰ বাবেও নবীকৰণ কৰা হৈছিল আৰু ২০১৯ চনৰ ১১ আগষ্টৰপৰা ইয়াৰ নতুন খণ্ডসমূহ মুকলি কৰা হৈছিল।

২০১৯ চনৰ আৰম্ভণিতে ব্ৰিয়েলে কেভিন স্মিথৰ 'ভিউ আচকিউনিভাৰ্চ'ত যোগদান কৰে আৰু একে বছৰৰে ১৫ অক্টোবৰত মুক্তি পোৱা জে এণ্ড চাইলেণ্ট বব ৰিবুটত জেহাদৰ চৰিত্ৰত অভিনয় কৰে। স্মিথৰ মতে, এই চৰিত্ৰটো এটা ছোৱালী গেঙৰ অংশ আছিল; যিটো হলিউডৰ ৰিবুট আৰু ৰিমেকসমূহত যুৱপ্ৰজন্ম আৰু বৈচিত্ৰ্যক প্ৰাধান্য দিয়াৰ এক মন্তব্যস্বৰূপ আছিল।[10]

২০২০ চনৰ ১২ মে'ত প্ৰকাশ পায় যে ব্ৰিয়েলে মলৰাটছৰ ছিকুৱেলত বেনাৰ ব্ৰুচৰ মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰিছে। এয়া কেভিন স্মিথৰ সৈতে তেওঁৰ দ্বিতীয়টো কাম আছিল। স্মিথে কৈছিল, "মই অপৰ্ণা ব্ৰিয়েলৰদ্বাৰা ইমান প্ৰভাবিত হৈছিলোঁ যে মই তেওঁক কেন্দ্ৰ কৰিয়েই 'টুইলাইট অৱ দ্য মলৰাটছ' গঢ়ি তুলিছিলোঁ।" [11]

২০২১ চনৰ আগষ্টত ব্ৰিয়েলে নেটফ্লিক্সৰ বু, বিচত ৰাইলীৰ চৰিত্ৰত অভিনয় কৰে। এই চৰিত্ৰটো এগৰাকী দুষ্ট স্বভাৱৰ ছোৱালীৰ আছিল যিয়ে চাতুৰ্যতাৰে আনক বিপাঙত পেলাইছিল।[12] এই মিনি-চিৰিজখন ২০২২ চনৰ ৮ জুলাইত সম্প্ৰচাৰিত হৈছিল।

২০২২ চনৰ এপ্ৰিলত ব্ৰিয়েলে আৰ্নল্ড শ্বোৱাৰ্জনেগাৰৰ অভিনয় সমৃদ্ধ চোৰাংচোৱা ধাৰাবাহিক ফুবৰত টিনা মুখাৰ্জীৰ চৰিত্ৰত অভিনয় কৰিব বুলি নেটফ্লিক্সৰ তৰফৰপৰা ঘোষণা কৰা হয়। ব্ৰিয়েলে এই ধাৰাবাহিকত এগৰাকী অত্যন্ত দক্ষ আৰু বুদ্ধিমান এনএছএ বিশ্লেষকৰ ভূমিকাত অভিনয় কৰিছে।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Turnquist, Kristi (April 5, 2018). "Portland native Aparna Brielle on playing a brainy student in NBC's 'A.P. Bio'". The Oregonian. http://www.oregonlive.com/tv/2018/04/portland_native_aparna_brielle.html আহৰণ কৰা হৈছে: 2018-04-23.
  2. Brielle, Aparna (September 19, 2017). "Can't believe my baby brother's a strapping young man. Happy 20th birthday, Vijay! You're a real adult now!". Instagram. http://instagram.com/p/BZPg-fYFzid আহৰণ কৰা হৈছে: 2018-03-08.
  3. 1 2 Clarke, Kelly (February 3, 2004). "Cosmic Dancer: a young Indian girl channels her ancestors with a bright dance future". Willamette Week. http://www.wweek.com/portland/article-2894-cosmic-dancer.html আহৰণ কৰা হৈছে: 2018-03-08.
  4. "The Arts & Communications Magnet Academy presents Godspell". ACMA. Fall 2011. http://www.acmatheatre.com/godspell.html আহৰণ কৰা হৈছে: 2018-03-08.
  5. ldavis (May 12, 2014). "Linfield student nabs guest-starring role on NBC's 'Grimm'". Linfield News (Linfield College). Archived from the original on 2018-03-14. https://web.archive.org/web/20180314180155/https://www.linfield.edu/linfield-news/grimm/ আহৰণ কৰা হৈছে: 2018-03-08.
  6. 1 2 Petski, Denise (March 6, 2017). "'Redliners': Greg Germann Joins NBC Drama Pilot; Aparna Brielle In Seth Meyers Comedy". https://deadline.com/2017/03/redliners-greg-germann-nbc-drama-pilot-aparna-brielle-seth-meyers-comedy-1202038060/ আহৰণ কৰা হৈছে: 2018-03-08.
  7. Wagmeister, Elizabeth (May 8, 2017). "NBC Greenlights Comedy 'AP Bio' Starring Glenn Howerton From Seth Meyers, Lorne Michaels". Variety. https://variety.com/2017/tv/news/ap-bio-series-order-2017-2018-nbc-glenn-howerton-mike-o-brien-1202419134/ আহৰণ কৰা হৈছে: 2018-03-08.
  8. Jarvey, Natalie (October 10, 2018). "Can Snapchat's Shows Keep Users From Disappearing?". https://www.hollywoodreporter.com/news/can-snapchats-shows-keep-users-disappearing-1150766 আহৰণ কৰা হৈছে: 2018-10-25.
  9. Spangler, Todd (October 10, 2018). "Snapchat Sets Slate of New Scripted Originals and Docu-Series, Doubling Down on Mobile TV". Variety. https://variety.com/2018/digital/news/snap-snapchat-originals-scripted-shows-1202973565/ আহৰণ কৰা হৈছে: 2018-10-25.
  10. Kevin Burwick (8 March 2019). "Jay and Silent Bob's Girl Gang Gets a Reboot for International Women's Day". MovieWeb. https://movieweb.com/jay-and-silent-bob-girl-gang-international-womens-day.
  11. KevinSmith (2020-05-11). "I was so impressed with @aparnabrielle, I built my next flick around her: Aparna will play Brodie Bruce's daughter Banner Bruce in the movie I hope to shoot next - TWILIGHT OF THE MALLRATS. @DohertyShannen already read the script and LOVED! Lee reading now! #QuarantineWatchParty" (en ভাষাত). @ThatKevinSmith. https://twitter.com/ThatKevinSmith/status/1260037247493013505 আহৰণ কৰা হৈছে: 2020-05-12.
  12. Zorilla, Mónica Marie (August 27, 2021). "Zoe Colletti, Mason Versaw, Aparna Brielle Join Lana Condor in Netflix Comedy 'Boo, Bitch'". Variety. https://variety.com/2021/tv/news/lana-condor-boo-bitch-zoe-colletti-mason-versaw-aparna-brielle-1235050735/ আহৰণ কৰা হৈছে: 2021-05-13.
  13. Andreeva, Nellie (April 21, 2022). "Netflix's Arnold Schwarzenegger Series Adds Travis Van Winkle, Gabriel Luna, Fortune Feimster, Jay Baruchel, Milan Carter & More To Cast". Deadline. https://deadline.com/2022/04/netflix-arnold-schwarzenegger-series-cast-travis-van-winkle-gabriel-luna-fortune-feimster-jay-baruchel-milan-carter-1235007566/ আহৰণ কৰা হৈছে: 2021-05-13.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]