অপৰ্ণা হিগিনছ্

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অপৰ্ণা হিগিনছ্
ক্ষেত্ৰ গণিত
কৰ্মস্থান ডেইটন বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান মুম্বাই বিশ্ববিদ্যালয়
নট্ৰে ডেম বিশ্ববিদ্যালয়
জনা যায় লেখ তত্ত্ব, সৰ্বজনীন বীজগণিত
দাম্পত্যসঙ্গী বিল হিগিনছ্

অপৰ্ণা ডব্লিউ হিগিনছ্ (ইংৰাজী: Aparna W. Higgins) এগৰাকী গণিতজ্ঞ। গণিতৰ বিষয়ত গৱেষণা কৰিবলৈ নতুন চাম গণিতজ্ঞক উৎসাহিত কৰাৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা পালন কৰিছে। [1] তেখেতৰ মূল গৱেষণাক্ষেত্ৰ "সাধাৰণ বীজগণিত" যদিও শেহতীয়াকৈ লেখ তত্ত্ব, গ্ৰাফ পেবলিং, আৰু ৰেখা লেখ আদিৰ বিষয়তো তেখেতে গৱেষণাৰ পৰিসৰ বঢ়াইছে। [2] তেখেতে ডেইটন বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনা কৰে। [3]

শিক্ষা আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

হিগিনছৰ জন্ম হৈছিল ভাৰতৰ মুম্বাইত। তেখেতে প্ৰাক্-স্নাতক শিক্ষা সমাপ্ত কৰে মুম্বাই বিশ্ববিদ্যালয়ত। ১৯৭৮ চনত তেখেতে সেইখন শিক্ষানুষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে। [2] ১৯৮৩ চনত তেখেতে নট্ৰে ডেম বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণাপত্ৰৰ শীৰ্ষক হৈছে-Heterogeneous Algebras Associated with Non-Indexed Algebras.(। ) এইটো হৈছে সাধাৰণ বীজগণিতৰ "Weak Automorphism" সম্বন্ধীয় এক উপস্থাপন-সূত্ৰ। তেখেতৰ গৱেষণাৰ তত্ত্বাৱধায়ক আছিল আব্ৰাহাম গোৱেটজ্। [4]

২০০৯ চনত তেখেত প্ৰজেক্ট নেক্সটৰ সঞ্চালকৰূপে নিযুক্তি পায়। তাৰপূৰ্বে এইটো অনুষ্ঠানৰ সঞ্চালক আছিল টি. ক্ৰীষ্টিন ষ্টিভেনছ্। এইটো হৈছে গাণিতিক সংগঠন,আমেৰিকাৰ এক অভিনৱ প্ৰচেষ্টা, য'ত গণিতৰ নতুন ডক্তৰেটসকলক কেৰিয়াৰ সম্বন্ধে দিহা-পৰামৰ্শ প্ৰদান কৰা হয়। [5]

বিল হিগিনছৰ লগত অপৰ্ণাই বৈবাহিক জীৱনৰ পাতনি মেলে। বিল হিগিনছ হৈছে উইটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক। [6]

স্বীকৃতি[সম্পাদনা কৰক]

  • ১৯৯৫ চনত হিগিনছে "আমেৰিকাৰ গাণিতিক সংগঠন"ৰ পৰা শৈক্ষিক দিশত এক বিশিষ্ট বঁটা লাভ কৰে। প্ৰাক-স্নাতক গৱেষণাৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতলৈ এই বঁটা আগবঢ়োৱা হয়। [1]
  • ২০০৫ চনত প্ৰদান কৰা "ডেবোৰা আৰু ফ্ৰেংকলিন হাইমো" বঁটাৰ তিনিগৰাকী বঁটাপ্ৰাপকৰ ভিতৰত হিগিনছো অন্তৰ্ভুক্ত হৈছিল। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত গণিতৰ শিক্ষাদান কাৰ্যলৈ বিশিষ্টতা অনাৰ বাবে তেওঁলোকক এই বঁটাটো দিয়া হৈছিল। [7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Aparna Higgins, Ohio Section of the Mathematical Association of America, http://sections.maa.org/ohio/Award/aparna.html, আহৰণ কৰা হৈছে: 2018-02-17 
  2. 2.0 2.1 Morning speaker, Pacific Coast Undergraduate Mathematics Conference, March 14, 2009, http://acrans.lmu.build/PCUMC2009/invited_speakers.html, আহৰণ কৰা হৈছে: 2018-02-17 
  3. "Aparna Higgins", College of Arts and Sciences Directory (University of Dayton), https://udayton.edu/directory/artssciences/mathematics/higgins_aparna.php, আহৰণ কৰা হৈছে: 2018-02-17 
  4. অপৰ্ণা হিগিনছ্ সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
  5. "Aparna Higgins to Become Director of Project NExT", MAA Focus (Mathematical Association of America): 15, February–March 2009, https://www.maa.org/sites/default/files/pdf/pubs/febmar09pg15.pdf 
  6. "Married math professors join the CLU community for one year", The Echo (California Lutheran University), February 24, 2016, https://www.cluecho.com/2016/02/married-math-professors-join-clu-community-one-year/, আহৰণ কৰা হৈছে: 2018-02-17 
  7. "MAA Prizes Presented in Atlanta", Notices of the American Mathematical Society খণ্ড 52 (5): 543–544, May 2005, http://www.ams.org/notices/200505/comm-maa.pdf