সমললৈ যাওক

অপৰ্ণ বৈদিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অপৰ্ণ বৈদিক
জন্ম ২২ অক্টোবৰ
ইন্দোৰ, মধ্য প্ৰদেশ, ভাৰত
পেচা ইতিহাসবিদ, অধ্যাপক, লেখক, সাংবাদিক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সময় ২০০০ চনৰ পৰা
বিষয় ভাৰতৰ ইতিহাস, ভাৰতীয় ৰাজনীতি, পৃথিৱীৰ ইতিহাস আৰু ৰাজনীতি
ৱেবছাইট www.ashoka.edu.in/welcome/faculty#!/aparna-vaidik-17

অপৰ্ণ বৈদিক (জন্ম ২২ অক্টোবৰ) এগৰাকী ভাৰতীয় ইতিহাসবিদ, লেখিকা আৰু শিক্ষাবিদ। বৈদিক আন্দামান দ্বীপপুঞ্জৰ ইতিহাস, ভাৰতীয় বিপ্লৱীসকলৰ ইতিহাস, সামাজিক আৰু পৌৰাণিক হিংসাৰ ইতিহাস আৰু বিদ্ৰোহী ষড়যন্ত্ৰৰ ইতিহাসৰ ওপৰত বিস্তৃত লেখাৰ বাবে পৰিচিত এগৰাকী উল্লেখযোগ্য ৰাজহুৱা পৰিচিতি থকা পণ্ডিত।[1]


প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

তেখেতৰ জন্ম হৈছিল মধ্যপ্ৰদেশৰ ইন্দোৰত।[2] তেখেত এজন শিক্ষাবিদ অধ্যাপিকা বেদৱতী বৈদিক আৰু বিশিষ্ট সাংবাদিক/ৰাজনৈতিক মন্তব্যকাৰী বেদ প্ৰতাপ বৈদিকৰ কন্যা।[3]

অপৰ্ণা বৈদিকৰ প্ৰথম গ্ৰন্থ ইম্পেৰিয়েল আন্দামানছ: কলনিয়েল এনকাউণ্টাৰ এণ্ড আইলেণ্ড হিষ্ট্ৰী, ৱাশ্বিংটন ডি চিৰ জৰ্জটাউন বিশ্ববিদ্যালয়ৰ ইতিহাসবিদ হৈ থকাৰ সময়ত পালগ্ৰেভ মেকমিলানৰ কেম্ব্ৰিজ ইম্পেৰিয়েল এণ্ড পোষ্টকলনিয়েল ষ্টাডিজ ছিৰিজৰ অংশ হিচাপে প্ৰকাশ পাইছিল[4]। ইয়াত আন্দামান দ্বীপপুঞ্জৰ শাস্তিমূলক ইতিহাস পৰীক্ষা কৰা হৈছে।[5] তেওঁৰ দ্বিতীয়খন গ্ৰন্থ মাই ছন’ছ ইনহেৰিটেন্স: এ ছিক্ৰেট হিষ্ট্ৰী অৱ ব্লাড জাষ্টিচ এণ্ড লিঞ্চিংছ ইন ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰিছে।[6] [7] [8] [9] তেওঁৰ পৰৱৰ্তী গ্ৰন্থ 'ৱেইটিং ফৰ স্বৰাজ: ইনাৰ লাইভছ অৱ ইণ্ডিয়ান ৰিভল্যুচনেৰীজ' ২০২১ চনত কেম্ব্ৰিজ ইউনিভাৰ্চিটি প্ৰেছৰ দ্বাৰা প্ৰকাশ পায়।[10] ব্ৰিটিছ ভাৰতৰ সময়ত ভাৰতীয় বিপ্লৱীসকলৰ বিখ্যাত বিচাৰৰ ওপৰত লিখা আন এখন গ্ৰন্থ ৰিভল্যুচনেৰীজ অন ট্ৰায়েল: চেডিচন, বেট্ৰেইল এণ্ড মাৰ্টিৰডম ২০২৪ চনত আলেফে প্ৰকাশ কৰে।[11]

ইতিহাসবিদ হিচাপে শৈক্ষিক কেৰিয়াৰ

[সম্পাদনা কৰক]

বৈদিকে দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা ইতিহাসত স্নাতক ডিগ্ৰী লাভ কৰে। ইতিহাসৰ বিশিষ্ট কামৰ বাবে তেওঁ ৱেষ্টকট মেম'ৰিয়েল প্ৰাইজ পায়।[12] কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবেও ইতিহাস অধ্যয়ন কৰিছিল, লৰ্ড কাৰ্জনৰ সাংস্কৃতিক নীতিৰ ওপৰত থিছিছৰ জৰিয়তে ড’ৰথী ফষ্টাৰ ষ্টাৰমেন বঁটা লাভ কৰিছিল। ইতিহাসত পি এইচ ডি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ হিষ্ট’ৰিকেল ষ্টাডিজৰ পৰা। দিল্লী বিশ্ববিদ্যালয় আৰু ৱাশ্বিংটন ডি চিৰ জৰ্জটাউন বিশ্ববিদ্যালয়ত কেইবাবছৰ ধৰি অধ্যাপনা কৰাৰ পিছত ভাৰতলৈ উভতি আহি অশোকা বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগ আৰু কাৰ্যসূচীৰ প্ৰতিষ্ঠাপক অধ্যাপক হিচাপে পদ গ্ৰহণ কৰে। ইণ্ডিয়ান কাউন্সিল ফৰ হিষ্ট’ৰিক্যাল ৰিচাৰ্চে তেওঁৰ গৱেষণাক অনুদানৰ সহায়ত সহায় কৰিছে, লগতে জৰ্জটাউন বিশ্ববিদ্যালয়, চাৰ্লছ ৱালেছ ট্ৰাষ্ট, এণ্ড্ৰু মেলন ফাউণ্ডেচনেও সহায় কৰিছে।

দানশীলতা আৰু জনসেৱা

[সম্পাদনা কৰক]

স্বাক্ষৰতা, পুথিভঁৰাল, আৰু সকলোৰে বাবে বিনামূলীয়া, বিশ্বমানৰ শিক্ষাই বৈদিকৰ ৰাজহুৱা জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। ১৯৬৭ চনত মাতৃৰ ফালৰ ককাদেউতাকে স্থাপন কৰা ৰমেশ্বৰদাস ধৰ্মৰ্থ ট্ৰাষ্টৰ ট্ৰাষ্টী সভানেত্ৰী বৈদিক। সাংস্কৃতিক আৰু শৈক্ষিক কাম-কাজৰ বাবে এই ন্যাসখন বহুলভাৱে পৰিচিত আৰু ইয়াৰ ভৱন ‘ধৰম ভৱন’ স্থানীয় ল্যাণ্ডমাৰ্ক। ট্ৰাষ্টে দ্য কমিউনিটি লাইব্ৰেৰী প্ৰজেক্টৰ জৰিয়তে শিশুসকলৰ বাবে এটা কমিউনিটি লাইব্ৰেৰী স্থাপন কৰিছে।[13]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Vaidik, Aparna (January 9, 2019). "Renaming islands in Andamans obscures complex loyalties, horrific memories". Indian Express. https://indianexpress.com/article/opinion/columns/naming-erasing-andaman-islands-netaji-subhas-chandra-bose-ina-5529269/. 
  2. Zehmisch, Philipp (2018). Mini-India: The Politics of Migration and Subalternity in the Andaman Islands. প্ৰকাশক New Delhi, India: Oxford University Press. ISBN 9780199091294. 
  3. Vaidik, Aparna (2010). Imperial Andamans: Colonial Encounter and Island History. প্ৰকাশক London: Palgrave MacMillan UK, Cambridge University Press. পৃষ্ঠা. XVII. ISBN 9780230274884. https://books.google.com/books?id=yJnWCwAAQBAJ&dq=aparna+vaidik+ved+pratap+vaidik&pg=PR17. 
  4. Murphy, Anne; Mahn, Churnjeet (2017). Partition and the Practice of Memory. প্ৰকাশক New York: Springer International Publishing. পৃষ্ঠা. 67. ISBN 9783319645162. https://books.google.com/books?id=hdFBDwAAQBAJ&dq=%22aparna+vaidik%22+born&pg=PA67. 
  5. Anderson, Clare; Mazumdar, Madhumita; Pandya, Vishvajit (11 February 2016). New Histories of the Andaman Islands: Landscape, Place and Identity in the Bay of Bengal, 1790–2012. প্ৰকাশক Cambridge, UK: Cambridge University Press. ISBN 9780429774690. https://books.google.com/books?id=NSB0CwAAQBAJ&dq=%22imperial+andamans%22&pg=PT68. 
  6. "Lynching reveals India's long history of violence, belying the idea of a non-violent country". Digital article. The Scroll (India). 3 February 2020. https://scroll.in/article/951925/lynching-reveals-indias-long-history-of-violence-belying-the-idea-of-a-non-violent-country। আহৰণ কৰা হৈছে: June 22, 2020. 
  7. "Lynching in India's past: This book shows public violence is ingrained in the history of the land". Digital article. The Scroll (India). 28 March 2020. https://scroll.in/article/956689/lynching-in-indias-past-this-book-shows-public-violence-is-ingrained-in-the-history-of-the-land। আহৰণ কৰা হৈছে: June 22, 2020. 
  8. "Books of the week: From The Deoliwallahs to Aparna Vaidik's history of lynching in India, our picks". Digital article. Firstpost (India). 16 February 2020. https://www.firstpost.com/living/books-of-the-week-from-the-deoliwallahs-to-aparna-vaidiks-history-of-lynching-in-india-our-picks-8041071.html। আহৰণ কৰা হৈছে: June 22, 2020. 
  9. "Thank the printing press for making the cow into a Hindu gaumata". Digital article. ThePrint (India). 15 February 2020. https://theprint.in/pageturner/excerpt/thank-the-printing-press-for-making-the-cow-into-a-hindu-gaumata/365931/। আহৰণ কৰা হৈছে: June 22, 2020. 
  10. Vaidik, Aparna (2021). Waiting for Swaraj: The Inner Lives of Indian Revolutionaries. প্ৰকাশক New York, Cambridge UK: Cambridge University Press. ISBN 978-1-108-83808-5. 
  11. Vaidik, Aparna (2024). Revolutionaries on Trial: Sedition, Betrayal, and Martyrdom. প্ৰকাশক New Delhi: Aleph Book Company. ISBN 978-93-90652-30-3. https://www.worldcat.org/title/on1450713755. 
  12. Vaidik, Aparna (11 November 2020). "The Book is an Outcome of My Disquiet… My Book of Mourning". The Indian Express. https://indianexpress.com/article/books-and-literature/aparna-vaidik-interview-7047876/. 
  13. Koshy, Mridula (June 2017). "Open Books: Why India Needs a Library Movement". The Caravan (India) খণ্ড 9 (6): 76. https://books.google.com/books?id=a5YnDwAAQBAJ&dq=%22the+community+library+project%22&pg=PA81.