অভয় বাং আৰু ৰাণী বাং
| অভয় আৰু ৰাণী বাং | |
|---|---|
| জন্ম | ৱৰ্ধা আৰু চন্দ্ৰপুৰ, মহাৰাষ্ট্ৰ, ভাৰত। |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, নাগপুৰ (এম বি বি এছ, এম ডি) জনছ হপকিন্স বিশ্ববিদ্যালয় (এম পি এইচ) |
| পেচা | সমাজ কৰ্মী |
| জনা যায় | সামাজিক কাম, সম্প্ৰদায়ৰ স্বাস্থ্য, নিচামুক্তকৰণ, ঘৰতে নৱজাতকৰ যত্ন লোৱা |
| সন্তান | আনন্দ বেং (জ্যেষ্ঠ), অমৰুত বাং (সৰু) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | সাঁচ:বুলেটযুক্ত তালিকা |
অভয় বাং আৰু ৰাণী বাং ইংৰাজী: : Abhay Bang and Rani Bang, তেওঁলোক দুয়োজনেই ভাৰতৰ মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত কৰ্মৰত ভাৰতীয় কৰ্মী আৰু সম্প্ৰদায় স্বাস্থ্য গৱেষক।
তেওঁলোকে একেলগে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে পদক্ষেপ আৰু কাৰ্যসূচী প্ৰস্তুত কৰিছে। সমগ্ৰ ভাৰত আৰু আফ্ৰিকাৰ কিছু অংশত কৰা কামৰ বাবে তেওঁলোকৰ এই পদক্ষেপসমূহ বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (UNICEF)ৰ দ্বাৰা সমৰ্থিত হৈছে।[1][2] অভয় আৰু ৰাণী বাঙে গ্ৰাম্য স্বাস্থ্য সেৱা আৰু গৱেষণাৰ সৈতে জড়িত অলাভজনক ছ’চাইটি ফৰ এডুকেচন, একচন, এণ্ড ৰিচাৰ্চ ইন কমিউনিটি হেল্থ (SEARCH)ও প্ৰতিষ্ঠা কৰে।
তেওঁলোকে মহাৰাষ্ট্ৰ ভূষণ বঁটা[3] লাভ কৰে আৰু এতিয়া লাকত থকা সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।[4]এছ এন ডি টি মহিলা বিশ্ববিদ্যালয়, মুম্বাইয়েও ৰাণী বাংক সন্মানীয় কাউছা প্ৰদান কৰিছে। [5]লেন্সেটে এই দম্পতীহালক "ভাৰতৰ গ্ৰাম্য অঞ্চলত স্বাস্থ্যসেৱাৰ পথ প্ৰদৰ্শক" বুলি অভিহিত কৰিছে।[6] জনছ হপকিন্স ব্লুমবাৰ্গ স্কুল অৱ পাব্লিক হেল্থৰ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ পৰা প্ৰথমবাৰৰ বাবে ডিষ্টিংচড এলুমনি বঁটা লাভ কৰে অভয় আৰু ৰাণী বেং। লাখ লাখ নৱজাতক আৰু শিশুৰ জীৱন ৰক্ষা কৰাত সহায় কৰা সম্প্ৰদায়ভিত্তিক স্বাস্থ্যসেৱাৰ নেতৃত্বৰ বাবে জনছ হপকিন্স ছ’চাইটি অৱ স্কোলাৰ্ছতো তেওঁলোকক অন্তৰ্ভুক্ত কৰা হয়। তেওঁলোকৰ কেৰিয়াৰৰ সময়ছোৱাত দুয়োজনকে সম্প্ৰদায়ভিত্তিক প্ৰাথমিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক নৱজাগৰণৰ পোষকতা কৰাত সহায় কৰিছে।[7] ২০১৬ চনত জনছ হপকিন্স বিশ্ববিদ্যালয়ে তেওঁলোকক বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা প্ৰদান কৰে।[8]
শিক্ষা
[সম্পাদনা কৰক]অভয় আৰু ৰাণীয়ে নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা ১৯৭২ চনত এমবিবিএছ সম্পূৰ্ণ কৰে। তাৰ পিছত ৰাণীয়ে ১৯৭৬ চনত স্ত্ৰীৰোগ আৰু প্ৰসুতি বিভাগত এম.ডি. লাভ কৰে, আৰু অভয়ে ১৯৭৭ চনত মেডিচিনত এম.ডি. লাভ কৰে। সেইবছৰে তেওঁলোকে বিবাহ পাশত আবদ্ধ হয়। তাৰ পিছত, তেওঁলোকে জন্স হপকিন্ছ বিশ্ববিদ্যালয়ত জনস্বাস্থ্যত মাস্টাৰ্চ সম্পূৰ্ণ কৰে।[9]
তেওঁলোকে নাগপুৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা এমবিবিএছ লাভ কৰিছিল, য’ত অভয়ে বিশ্ববিদ্যালয়ত প্ৰথম স্থান লাভ কৰি গ'ল্ড মেডেল লাভ কৰিছিল, আৰু ৰাণীয়েও স্ত্ৰীৰোগত এম.ডি.ত প্ৰথম স্থান পাই গ’ল্ড মেডেল লাভ কৰিছিল। [10]
তেওঁলোকে ৱৰ্ধাত চেতনা বিকাশ নামেৰে এখন স্বেচ্ছাসেৱী সংগঠন প্ৰতিষ্ঠা কৰিছিল। অভয় বেঙে মহাৰাষ্ট্ৰৰ কৃষি শ্রমিকসকলৰ নিম্নতম মজুৰি সন্দৰ্ভত এটা গুৰুত্বপূর্ণ অধ্যয়ন প্ৰকাশ কৰিছিল, যাৰ ফলত চৰকাৰে মজুৰি বৃদ্ধি কৰে।[11] ১৯৮৪ চনত তেওঁলোকে জন্স হপকিন্ছ বিশ্ববিদ্যালয়ৰ পৰা জনস্বাস্থ্যত মাস্টাৰ্স সম্পূৰ্ণ কৰাৰ পিছত গান্ধীয়ান আদৰ্শ অনুসৰি ভাৰতলৈ উভতি আহি দৰিদ্ৰ জনগোষ্ঠীৰ মাজত কাম কৰে।[12]
কৰ্ম
[সম্পাদনা কৰক]ভাৰতলৈ উভতি অহাৰ পিছত তেওঁলোকে গাডচিৰোলিত কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত তেওঁলোকে SEARCH (Society For Education, Action and Research in Community Health) প্ৰতিষ্ঠা কৰি গাডচিৰোলিৰ জনজাতীয় আৰু গ্ৰাম্য অঞ্চলৰ সম্প্ৰদায়ৰ স্বাস্থ্যজনিত সমস্যাৰ ওপৰত কাম আৰম্ভ কৰে। SEARCH এ স্বাস্থ্য আৰু উন্নয়নৰ বাবে গাডচিৰোলিৰ সম্প্ৰদায়সমূহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছিল আৰু জিলাখনত "জনজাতি-বন্ধুত্বপূৰ্ণ" ক্লিনিক আৰু এখন চিকিৎসালয় সৃষ্টি কৰাত সহায় কৰিছিল।
যেতিয়া দম্পতীহালে মানুহৰ স্বাস্থ্য সমাবেশ অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে দেখিলে যে তেওঁলোকৰ ওচৰলৈ অনাৰ কিছু মিনিটৰ ভিতৰতে এমাহীয়া শিশুৰ মৃত্যু হয়। এনে পৰিস্থিতিয়ে দম্পতীহালক যথেষ্ট প্ৰভাৱিত কৰে আৰু শিশুৰ মৃত্যুৰ হাৰক নিয়ন্ত্ৰন কৰাটো এটা জৰুৰী প্ৰয়োজনীয়তা বুলি অনুভৱ কৰে। । তেওঁলোকে এনে শিশুৰ মৃত্যুৰ ১৮টা সম্ভাৱ্য কাৰণ বিচাৰি পাইছিল, য'ত দৰিদ্ৰতা, ডায়েৰিয়া, সংক্ৰমণ, নিউমোনিয়া বা চিকিৎসালয়ৰ অভাৱ আদিও আছিল।[13] SEARCH ৰ বেংছ আৰু তেওঁলোকৰ সহযোগীসকলে সম্পদৰ অভাৱত নবজাতক শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ব্যৱহাৰিক পদ্ধতিৰ ওপৰত বিশ্বমানৰ গৱেষণা চলাইছিল। বেঙৰ সমাধান আছিল গাঁৱৰ মহিলাসকলক নৱজাতকৰ যত্নৰ প্ৰশিক্ষণ দিয়া।[1]
তেওঁ হ’বলগীয়া একচন গৱেষণাৰ খচৰা লিখিছিল আৰু জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ প্ৰতিষ্ঠাপক তেওঁৰ গুৰু কাৰ্ল ই টেইলৰৰ পৰা মন্তব্য বিচাৰিছিল। খচৰাখনৰ ওপৰত হাতেৰে লিখা এখন টোকাত টেইলৰে লিখিছে "অভয়, এইটোৱেই হ'ব আপোনাৰ জীৱনত কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কাম"।[14] অভয় বেং আৰু তেওঁৰ সহযোগীসকলে তেওঁলোকৰ দুটা উল্লেখযোগ্য অধ্যয়নত পৰৱৰ্তী কামে শৈশৱৰ নিউমোনিয়াৰ সম্প্ৰদায়ভিত্তিক ব্যৱস্থাপনা আৰু সম্প্ৰদায়ৰ স্বাস্থ্যকৰ্মীসকলে ঘৰতে নৱজাতকৰ যত্ন প্ৰদানৰ সম্ভাৱনীয়তা আৰু ফলপ্ৰসূতা প্ৰদৰ্শন কৰে।
শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ওপৰিও অভয় আৰু ৰাণীয়ে জনস্বাস্থ্যৰ লগত জৰিত গাডচিৰোলি জিলাত সুৰা নিষেধাজ্ঞা,মহিলা চিকিৎসাজনিত সমস্যা,জনজাতীয় স্বাস্থ্য,নিৰ্মান,অসংক্ৰামক ৰোগ,অস্ত্ৰোপচাৰৰ যত্ন আদি দিশত মনোনিবেশ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Day, Elizabeth (2011-03-20). "Dr Abhay Bang: the revolutionary paediatrician" (en ভাষাত). The Guardian. http://www.theguardian.com/global-development/2011/mar/20/dr-abhay-bang-revolutionary-paediatrician। আহৰণ কৰা হৈছে: 28 November 2012.
- ↑ "Save the Children UK | International Children's Charity". http://savethechildren.org.uk/content/dam/global/reports/advocacy/no-child-born-to-die.pdf.
- ↑ Bang, Abhay T; Bang, Rani A; Baitule, Sanjay B; Reddy, M Hanimi; Deshmukh, Mahesh D (4 December 1999). "Effect of home-based neonatal care and management of sepsis on neonatal mortality: field trial in rural India". The Lancet খণ্ড 354 (9194): 1955–1961. doi:10.1016/s0140-6736(99)03046-9. PMID 10622298. http://www.thelancet.com/journals/lancet/article/PIIS0140-6736(99)03046-9/fulltext। আহৰণ কৰা হৈছে: 17 June 2014.
- ↑ "PGI ने मनाया 20वां दीक्षांत समारोह, वीमेन हेल्थ इश्यूज पर हुई चर्चा". www.bhaskar.com. 27 September 2015. http://www.bhaskar.com/news/UP-LUCK-governor-ram-naik-join-convocation-of-sgpgi-in-lucknow-5125333-PHO.html?seq=1.
- ↑ "S.N.D.T. Women's University". sndt.ac.in. Archived from the original on 21 January 2013. https://web.archive.org/web/20130121232115/http://sndt.ac.in/convocation/dr-rani-bang.htm। আহৰণ কৰা হৈছে: 29 March 2025.
- ↑ "The Lancet honour for Bang couple". The Times of India. 13 January 2011. http://timesofindia.indiatimes.com/city/nagpur/The-Lancet-honour-for-Bang-couple/articleshow/7279436.cms.
- ↑ "Alumni Award". www.jhsph.edu. http://www.jhsph.edu/research/centers-and-institutes/international-center-for-maternal-and-newborn-health/bangs.htm.
- ↑ लोकसत्ता टीम (2 April 2016). "डॉ. राणी व डॉ. अभय बंग यांना जॉन्स हॉपकिन्स विद्यापीठाचा पुरस्कार" (mr ভাষাত). Loksatta. https://www.loksatta.com/maharashtra/dr-rani-and-dr-abhay-bang-get-johns-hopkins-university-award-1222248/। আহৰণ কৰা হৈছে: 2022-06-15.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;MWMনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Ashoka | Everyone a changemaker". singapore.ashoka.org. Archived from the original on 2016-11-10. https://web.archive.org/web/20161110235112/http://singapore.ashoka.org/fellow/abhay-bang। আহৰণ কৰা হৈছে: 2025-03-29.
- ↑ "The SEARCH experience | the Center for Health Market Innovations". healthmarketinnovations.org. Archived from the original on 20 May 2021. https://web.archive.org/web/20210520112843/http://healthmarketinnovations.org/blog/search-experience। আহৰণ কৰা হৈছে: 17 October 2015.
- ↑ "The SEARCH experience | the Center for Health Market Innovations". healthmarketinnovations.org. Archived from the original on 20 May 2021. https://web.archive.org/web/20210520112843/http://healthmarketinnovations.org/blog/search-experience। আহৰণ কৰা হৈছে: 17 October 2015.
- ↑ [1][সংযোগবিহীন উৎস]
- ↑ Richards, Sarah (2015-09-11). "SEARCH Mission" (en ভাষাত). The Hub. https://hub.jhu.edu/magazine/2015/fall/abhay-rani-bang/। আহৰণ কৰা হৈছে: 3 April 2016.