অভিযোজন (কলা)
অভিযোজন হৈছে গ্ৰন্থবিশেষৰ বৰ্ণিত ঘটনা, চৰিত্ৰাৱলী আৰু তাৰ বাণীভংগী যথাসম্ভৱ অক্ষুণ্ণ ৰাখি তাক অন্য এটা মাধ্যমেদি প্ৰকাশ কৰিবৰ বাবে নতুনকৈ গঢ় দিয়া হয়। উপন্যাসবিশেষক কথাছবিৰ বাবে, ৰেডিঅ' আৰু টেলিভিচনৰ বাবে অভিযোজন কৰা হয়। আকৌ কেতিয়াবা নাটককো গল্পৰ ৰূপত, উপন্যাসৰ ৰূপত প্ৰকাশ কৰা দেখা যায়; সিয়ো অভিযোজনাই।