অমলা পল
| অমলা পল | |
|---|---|
২০১৩ চনত অমলা | |
| জন্ম | ২৬ অক্টোবৰ, ১৯৯১ (৩৪ বছৰ) আলুভা, কেৰালা, ভাৰত |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০০৯–বৰ্তমান |
| দাম্পত্যসঙ্গী | এ এল বিজয় (বি. ২০১৪; বিবি. ২০১৭) জগত দেশাই (বি. ২০২৩) |
| সন্তান | ১ |
অমলা পল (ইংৰাজী: Amala Paul; জন্ম: ২৬ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক যিয়ে মূলতঃ তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। ইয়াৰ উপৰি তেওঁ কিছুমান তেলুগু আৰু হিন্দী ছবিতো অভিনয় কৰিছে। তেওঁ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা (দক্ষিণ) আৰু দুটাকৈ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।[1][2][3]
অমলাই মালয়ালম ছবি নীলতামৰা (২০০৯) যোগে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ তামিল ছবি ময়না (২০১০)ত অভিনয় কৰে, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।[4] তেওঁ ৰান বেবী ৰান (২০১২) আৰু অৰু ইণ্ডিয়ান প্ৰণয়কথা (২০১৩) ছবিত কৰা অভিনয়ৰ বাবে দুটাকৈ ছিইমা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা (মালয়ালম) লাভ কৰে। ইয়াৰ উপৰি তেওঁ ভেট্টি (২০১২), থালাইভা (২০১৩), ভেলাইলা পট্টধাৰী (২০১৪), হেব্বুলি (২০১৭), থিৰুট্টু পায়লে ২ (২০১৭), ৰাতচাচন (২০১৮) আৰু দ্য গোট লাইফ (২০২৪)ৰ দৰে সফল ছবিত অভিনয় কৰিছে। মিলি (২০১৫) ছবিৰ নাম চৰিত্ৰত কৰা অভিনয়ে তেওঁক ফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা (মালয়ালম) প্ৰদান কৰে।[5]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]অমলা পলৰ জন্ম ১৯৯১ চনৰ ২৬ অক্টোবৰত কেৰালাৰ এৰ্নাকুলামত হৈছিল।[1][6][7][8] তেওঁ পল ভাৰ্গিজ (মৃত্যু ২০১৭) আৰু এনিচ পলৰ সন্তান।[9] অমলাৰ চলচ্চিত্ৰ জগতত প্ৰৱেশৰ পিছত তেওঁৰ ভাতৃ অভিজিত পলেও কেইখনমান ছবিত অভিনয় কৰিছিল। আলুভাৰ নিৰ্মলা হায়াৰ চেকেণ্ডাৰী স্কুলৰপৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ চলচ্চিত্ৰত কেৰিয়াৰ আৰম্ভ কৰিবলৈ শিক্ষাৰপৰা বিৰতি লৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ ইংৰাজী বিষয়ত বি.এ. ডিগ্ৰী লাভ কৰিবলৈ ক'চিৰ ছেইণ্ট টেৰেছা কলেজত যোগদান কৰে।[10]
অমলাৰ দেউতাকে তেওঁৰ অভিনয় জীৱনক লৈ তীব্ৰ বিৰোধিতা কৰিছিল যদিও ভাতৃয়ে তেওঁৰ ইচ্ছাক দৃঢ় সমৰ্থন কৰাত শেষত মান্তি হয়। অমলাই পিছত দাবী কৰিছিল যে তেওঁৰ মাজত কলাৰ গুণ পূৰ্বৰেপৰা আছিল। তেওঁ উল্লেখ কৰে যে তেওঁৰ মাতৃ এগৰাকী গায়িকা আছিল আৰু দেউতাকে কলেজত পঢ়ি থকা সময়ত থিয়েটাৰৰ সৈতে জড়িত আছিল।[11]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]পৰিচালক ছামীৰ অনুৰোধত অমলাই তেওঁৰ অভিনয় জগতৰ নাম 'অনখা'লৈ সলনি কৰিছিল, কাৰণ পৰিচালকগৰাকীয়ে যুক্তি দিছিল যে আন এগৰাকী অভিনেত্ৰী অমলা আক্কিনেনিয়ে ইতিমধ্যে এই নামটো জনপ্ৰিয় কৰি তুলিছে। অৱশ্যে ২০১১ চনত তেওঁৰ ছবি সিন্ধু সমাৱেলীৰ বিফলতাৰ পিছত তেওঁ পুনৰ নিজৰ আচল নামটোলৈ উভতি আহে, কাৰণ তেওঁ অনুভৱ কৰিছিল যে নতুন নামটোৱে তেওঁলৈ দুৰ্ভাগ্য কঢ়িয়াই আনিছে। তেওঁৰ ভাতৃ অভিজিত পলো এজন অভিনেতা আৰু তেওঁ কেইখনমান ছবিত সৰু চৰিত্ৰত অভিনয় কৰিছে।
২০১১ চনত যেতিয়া অমলাই দেৱ থিৰুমগল ছবিত কাম কৰি আছিল, তেতিয়া পৰিচালক এ এল বিজয়ৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক থকাৰ কথা চৰ্চালৈ আহিছিল, যদিও তেওঁলোকে সেই সময়ত এই কথা অস্বীকাৰ কৰিছিল। ২০১৪ চনৰ ৭ জুনত ক'চিৰ আলুভাত বিজয়ৰ সৈতে তেওঁৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হয়। ২০১৪ চনৰ ১২ জুনত চেন্নাইৰ মেয়ৰ ৰামনাথন চেট্টিয়াৰ হলত এই দম্পতীটো বিবাহপাশত আবদ্ধ হয়। ২০১৬ চনত অমলা আৰু বিজয়ে বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে। অমলাই অভিনয় জীৱন অব্যাহত ৰখাক লৈ তেওঁৰ শাহু-শাহুৰেকৰ সৈতে হোৱা মতানৈক্যই ইয়াৰ মূল কাৰণ আছিল বুলি জানিব পৰা গৈছে। ২০১৭ চনত তেওঁলোকৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হয়।
২০২৩ চনত তেওঁ ব্যৱসায়ী জগত দেশাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০২৪ চনৰ ১১ জুনত তেওঁলোকৰ ইলাই নামৰ এজন পুত্ৰ সন্তান জন্ম হয়।
২০১৮ চনৰ জানুৱাৰী মাহত কৰ ফাঁকিৰ অভিযোগত অমলা গ্ৰেপ্তাৰ হৈছিল। ক্ৰাইম ব্ৰাঞ্চৰ এক তদন্তত ধৰা পৰিছিল যে তেওঁ ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি পুডুচেৰীত নিজৰ বিলাসী গাড়ীখন পঞ্জীয়ন কৰিছিল। পিছলৈ ক্ষেত্ৰাধিকাৰ সম্পৰ্কীয় কাৰিকৰী কাৰণত এই গোচৰটো বন্ধ কৰি দিয়া হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 K., Janani (31 October 2020). "Amala Paul shares glimpse of jungle-themed birthday party. Watch video" (en ভাষাত). India Today. https://www.indiatoday.in/movies/regional-cinema/story/amala-paul-shares-glimpse-of-jungle-themed-birthday-party-watch-video-1736831-2020-10-31। আহৰণ কৰা হৈছে: 27 August 2021.
- ↑ Pillai, Sreedhar (7 December 2010). "Amala, Oviya's cut throat competition". The Times of India. Archived from the original on 13 July 2019. https://web.archive.org/web/20190713151218/https://timesofindia.indiatimes.com/?referral=PM। আহৰণ কৰা হৈছে: 7 January 2011.
- ↑ "Amala Paul Net Worth [April 2024: Know the Success of a South Indian Film Actress"]. 5 Dariya News. http://www.5dariyanews.com/news/433397-amala-paul-net-worth। আহৰণ কৰা হৈছে: 2024-04-20.
- ↑ "Tamil Nadu announces the State Film Awards for six consecutive years in surprise move. Here’s the complete list of winners". 2017-07-14. https://indianexpress.com/article/entertainment/tamil/tamil-nadu-announces-the-state-film-awards-for-six-consecutive-years-in-surprise-movie-heres-the-complete-list-of-winners-4750350/.
- ↑ "Winners of the 63rd Britannia Filmfare Awards (South)". filmfare.com. https://www.filmfare.com/news/winners-of-the-63rd-britannia-filmfare-awards-south-13996.html। আহৰণ কৰা হৈছে: 14 May 2018.
- ↑ "Happy Birthday Amala Paul: 10 pictures that prove she's the queen of Instagram moments!". News18 India. https://www.news18.com/photogallery/movies/happy-birthday-amala-paul-10-pictures-that-prove-shes-the-queen-of-instagram-moments-6238177.html। আহৰণ কৰা হৈছে: 26 October 2022.
- ↑ Movie Gist Curation Team. "Amala Paul-AL Vijay engagement brews controversy!". Storygist. Archived from the original on 21 June 2015. https://web.archive.org/web/20150621131648/http://www.moviegist.in/article/amala-paul-al-vijay-engagement-brews-nbsp-controversy/70cafef6f4ab82ec47b407553ffd9d03/। আহৰণ কৰা হৈছে: 21 June 2015.
- ↑ "5 Successful mixed marriages in Indian cinema". Astro Ulagam. Archived from the original on 19 August 2016. https://web.archive.org/web/20160819201944/http://www.astroulagam.com.my/KollywoodMasala/articledetails/tabid/4719/articleId/638/indiancinemamixedmarriages। আহৰণ কৰা হৈছে: 13 August 2016.
- ↑ "Amala Paul pens emotional note on her father's death: Almost lost myself and my mom to depression" (en ভাষাত). India Today. 2 April 2020. https://www.indiatoday.in/movies/regional-cinema/story/amala-paul-pens-emotional-note-on-her-father-s-death-almost-lost-myself-and-my-mom-to-depression-1662453-2020-04-02। আহৰণ কৰা হৈছে: 27 August 2021.
- ↑ Nadar, Ganesh (17 July 2011). "'I don't want to be stuck with Mynaa ima". Rediff.com. http://www.rediff.com/movies/slide-show/slide-show-1-south-interview-with-amala-paul/20110715.htm। আহৰণ কৰা হৈছে: 17 July 2011.
- ↑ Chowdary, Sunita Y (5 November 2011). "Amala set to allure". The Hindu. Archived from the original on 15 January 2012. https://web.archive.org/web/20120115023138/http://www.thehindu.com/arts/cinema/article2600878.ece। আহৰণ কৰা হৈছে: 17 January 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Amala Paul সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- অমলা পল সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত অমলা পল