সমললৈ যাওক

অমল চন্দ্ৰ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অমল চন্দ্ৰ দাস
জন্ম ১৯৭৬ (বয়স ৪৮–৪৯)
কামৰূপ গ্ৰাম্য
পেচা এগৰাকী লেখক, সম্পাদক, সহকাৰী(জ্যেষ্ঠ) অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা পি.এইচ.ডি
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়
ধৰণ অসমীয়া সাহিত্য

অমল চন্দ্ৰ দাস (জন্ম-১৯৭৬) এগৰাকী লেখক, সম্পাদক,[1][2][3][4] [5]লগতে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী (জ্যেষ্ঠ) অধ্যাপক।[6]

১৯৭৬ চনৰ ১ জানুৱাৰীত কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাৰ ওচৰৰ বৰকুছি ক'লনী গাঁৱত অমল চন্দ্ৰ দাসৰ জন্ম হয়।[7]

দাসে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৬ চনত স্নাতকোত্তৰ অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ অসমীয়া ভাষা আৰু সাহিত্য দুয়োটা বিষয়ৰে স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

তেওঁ ২০০৪ চনৰ পৰা গোলাঘাট জিলাৰ দেৰগাঁওস্থিত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত[6] অসমীয়া বিভাগৰ সহকাৰী (জ্যেষ্ঠ) অধ্যাপক হিচাপে কৰ্মৰত।

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

প্ৰকাশিত গ্ৰন্থ

[সম্পাদনা কৰক]
  1. অসমীয়া সাহিত্যৰ সুগন্ধি (২০০৯)
  2. সাহিত্য বিতান (২০১৫)
  3. সাহিত্যৰ উপচাৰ (২০১৭)

সম্পাদিত গ্ৰন্থ

[সম্পাদনা কৰক]
  1. ভাষা-সাহিত্য সম্ভাৰ (২০০৫)
  2. অসমীয়া সাহিত্যৰ সঁফুৰা (২০১০)
  3. জনজাতীয় সংস্কৃতিৰ ৰূপৰেখা (২০১১)
  4. অসমীয়া উপন্যাস পৰিক্ৰমা (২০১২)
  5. বেজবৰুৱা প্ৰতিভাৰ দিগ্বলয় (২০১৪)
  6. প্ৰসংগঃ পাশ্চাত্য আৰু ভাৰতীয় সাহিতা (২০১৬)
  7. প্ৰবন্ধ-নীহাৰিকা (২০১৭)
  8. ভাষা-সাহিত্য-সংস্কৃতিৰ নিৰন্তৰ সাধক প্ৰফুল্ল কুমাৰ নাথ ('অভিনন্দন গ্ৰন্থ, ২০১৬)
  9. অসমীয়া নাট্য পৰিক্ৰমা(২০১৮)
  10. বিশ্ব-সাহিত্য সমলয়

আনুষ্ঠানিক পদবী

[সম্পাদনা কৰক]
  1. সহকাৰী(জ্যেষ্ঠ) অধ্যাপক,অসমীয়া বিভাগ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://scientiabooks.in/product/asomiya-natya-parikrama-by-amal-chandra-das/
  2. https://scientiabooks.in/product/bishwa-sahityar-shomolay/
  3. অসমীয়া নাট্য পৰিক্ৰমা(২০১৮), অমল চন্দ্ৰ দাস
  4. প্ৰবন্ধ-নীহাৰিকা (২০১৭), দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
  5. বিশ্ব-সাহিত্য সমলয়, অমল চন্দ্ৰ দাস, ষ্টুডেণ্টচ্ ষ্টʼৰচ্
  6. 6.0 6.1 6.2 https://g.co/kgs/E79TjDJ
  7. অসমীয়া নাট্য পৰিক্ৰমা(২০১৮), অমল চন্দ্ৰ দাস