অমিকা শ্বাইল
| অমিকা শ্বাইল | |
|---|---|
| জন্ম | গীতাশ্ৰী শীল ১২ নৱেম্বৰ উত্তৰপাৰা, হুগলী, পশ্চিম বংগ, ভাৰত |
| পেচা | গায়িকা, অভিনেত্ৰী, মডেল |
অমিকা শ্বাইল (ইংৰাজী: Amika Shail; জন্ম: ১২ নৱেম্বৰ[1]) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ হিন্দী চলচ্চিত্ৰ, ৱেব চিৰিজ, ৱেব ফিল্ম আৰু টেলিভিছনত কৰা কামৰ বাবে পৰিচিত। তেওঁ বালবীৰ ৰিটাৰ্নছত 'বায়ু পৰী'ৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]অমিকা শ্বাইলৰ জন্ম পশ্চিম বংগৰ হুগলী জিলাৰ উত্তৰপাৰাত হৈছিল[3] আৰু বৰ্তমান তেওঁ মুম্বাইত বাস কৰে। অমিকাই ৯ বছৰ বয়সতে সা ৰে গা মা পা লিটল চেম্পছ নামৰ সংগীত ভিত্তিক ৰিয়েলিটি শ্ব'ত এগৰাকী প্ৰতিযোগী হিচাপে ৰূপালী পৰ্দাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।[4]
অমিকাই ৫ বছৰ বয়সৰপৰাই মাকৰ ওচৰত সংগীত শিকিবলৈ আৰম্ভ কৰিছিল। অমিকাই "সা ৰে গা মা পা"-ৰ বঙালী সংস্কৰণতো অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ সা ৰে গা মা পা নেচনেল টেলেণ্ট হাণ্ট, ইণ্ডিয়ান আইডল, ষ্টাৰ ভইচ অফ ইণ্ডিয়া আৰু অল ইণ্ডিয়া ৰেডিঅ' শ্ব'ৰ দৰে আন আন সংগীত ভিত্তিক ৰিয়েলিটি শ্ব'তো অংশ লৈছিল।[5]
অভিনেত্ৰীগৰাকী হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু সংগীত বিশাৰদ হিচাপে উত্তীৰ্ণ হৈছে।[6] অমিকাই ডাবৰ, কোলগেট, চাণ্টুৰ, উজালা আৰু আই পি এলৰ দৰে ব্ৰেণ্ডৰ টেলিভিছন বিজ্ঞাপনত কণ্ঠদান কৰিছে।[7]
এটা সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে স্বীকাৰ কৰিছিল যে মুম্বাইত থকা তেওঁৰ আৰম্ভণিৰ সংগ্ৰামৰ দিনবোৰত জীৱিকা নিৰ্বাহৰ বাবে সংগীত শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। তেওঁ এ আৰ ৰহমানক সংগীতৰ অনুপ্ৰেৰণা বুলি গণ্য কৰে।[8] তেওঁ প্ৰিয়ংকা চোপ্ৰাক অভিনয়ৰ অনুপ্ৰেৰণা বুলি গণ্য কৰে।
অভিনয়ত সফলতা
[সম্পাদনা কৰক]অমিকাই তেওঁৰ অভিনয় কেৰিয়াৰত সফলতা লাভ কৰে যেতিয়া তেওঁ ‘উড়ান’ৰ জৰিয়তে টেলিভিছনত অভিনয় আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ‘দিব্য দৃষ্টি’, ‘বালবীৰ ৰিটাৰ্নছ’ আদিৰ দৰে টেলিভিছন ধাৰাবাহিকত অভিনয় কৰে।
অমিকাই ‘মেডাম ছাৰ’, ‘লাল ইশ্ক’, ‘শাদী কে চিয়াপে’, ‘গুনাহ’ আৰু ‘অভয়’ৰ দৰে টেলিভিছন ধাৰাবাহিকৰো অংশ আছিল।
এটা সাক্ষাৎকাৰত অমিকাই উল্লেখ কৰিছিল যে "এগৰাকী গায়িকা হোৱাৰ পিছত মই উপলব্ধি কৰিছিলোঁ যে মই অভিনয়তো হাত দিব পাৰোঁ। সংগীতৰ ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰা সময়ৰেপৰাই মই টেলিভিছন উদ্যোগটোৰ প্ৰতি বৰ আকৰ্ষিত হৈছিলোঁ। মই স্বীকাৰ কৰোঁ যে মই এগৰাকী গায়িকা হোৱাৰ লক্ষ্যৰে মুম্বাইলৈ আহিছিলোঁ, কিন্তু অভিনয়ে মোক নিজৰফালে টানি নিলে। ‘উড়ান’এ মোৰ আত্ম-বিশ্বাস বৃদ্ধি কৰিলে আৰু মোক অধিক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিলে।" [9]
অমিকা বৰ্তমান দক্ষিণ আফ্ৰিকাৰ ব্ৰেণ্ড ESN-ৰ ভাৰতীয় ব্ৰেণ্ড এম্বেচেডৰ। তাৰকা ক্ৰিকেটাৰ জণ্টি ৰোডছ এই গোলকীয় ব্ৰেণ্ডটোৰ সমৰ্থক।[10] অভিনেত্ৰীগৰাকী ফিটনেছৰ প্ৰতি সচেতন আৰু মিলখা সিঙক নিজৰ ফিটনেছ অনুপ্ৰেৰণা বুলি গণ্য কৰে।[11]
দেশত ক'ভিড-১৯জনিত তলাবন্ধৰ পিছৰেপৰা অভিনেত্ৰীগৰাকীয়ে বিভিন্ন অ’টিটি প্লেটফৰ্মৰ বাবে কেৱল ৱেব শ্ব’ কৰি আছে আৰু কিছুসময়ৰ বাবে টিভিৰপৰা বিৰতি লৈছে।[12][13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Amika Shail: My birthday was on Dhanteras so it was a double celebration - Times of India" (en ভাষাত). 12 November 2020. https://timesofindia.indiatimes.com/tv/news/hindi/amika-shail-my-birthday-was-on-dhanteras-so-it-was-a-double-celebration/articleshow/79194878.cms.
- ↑ "Actress Amika Shail's showbiz tryst began with 'Little Champs', will next feature in Akshay Kumar's 'Laxmmi Bomb'" (en ভাষাত). Zee News. 2020-07-23. https://zeenews.india.com/people/actress-amika-shails-showbiz-tryst-began-with-little-champs-will-next-feature-in-akshay-kumars-laxmmi-bomb-2297821.html। আহৰণ কৰা হৈছে: 2021-10-08.
- ↑ "Amika Shail Goes From 'Li'l Champs' to 'Laxmmi Bomb'" (en ভাষাত). India West. Archived from the original on 2021-10-09. https://web.archive.org/web/20211009134342/https://www.indiawest.com/entertainment/bollywood/amika-shail-goes-from-li-l-champs-to-laxmmi-bomb/article_876a95b4-d1ba-11ea-962b-bbd06fe8e3f6.html। আহৰণ কৰা হৈছে: 2021-10-08.
- ↑ "Naagin 5: Excited to work with Ekta Kapoor for the first time, says Amika Shail" (en ভাষাত). Mumbai Mirror. https://mumbaimirror.indiatimes.com/entertainment/tv/naagin-5-excited-to-work-with-ekta-kapoor-for-the-first-time-says-amika-shail/articleshow/77588749.cms। আহৰণ কৰা হৈছে: 2021-10-08.
- ↑ Yalala, Sridhar. "Being the Amika ble actress & singer that she is" (en ভাষাত). The Pynr. Archived from the original on 2021-10-09. https://web.archive.org/web/20211009134343/https://pynr.in/article/being-the-amika-ble-actress-singer-that-she-is। আহৰণ কৰা হৈছে: 2021-10-08.
- ↑ "Make way for Amika Shail in Mirzapur 2" (en-US ভাষাত). Archived from the original on 2021-10-09. https://web.archive.org/web/20211009134344/https://www.gossipganj.com/en/make-way-amika-shail-in-mirzapur-2/18274। আহৰণ কৰা হৈছে: 2021-10-08.
- ↑ "Sharing Screen With Akshay Kumar In Laxmii Was One Huge Turning Point In My Career: Howrah Girl Amika - The Lateralz" (en-US ভাষাত). Archived from the original on 2021-10-09. https://web.archive.org/web/20211009134344/https://thelateralz.com/sharing-screen-with-akshay-kumar-in-laxmii-was-one-huge-turning-point-in-my-career-howrah-girl-amika/। আহৰণ কৰা হৈছে: 2021-10-09.
- ↑ "Mumbai: This OTT fame Actress-Singer gave some insights about her struggles and experience" (en ভাষাত). Mumbai Live. 17 October 2021. https://www.mumbailive.com/en/digital/amika-shail-in-an-exclusive-conversation-with-mumbai-live-69114। আহৰণ কৰা হৈছে: 2022-06-11.
- ↑ "Amika Shail on being part of Mirzapur 2: My pulse went ticking on my first day on the sets" (en ভাষাত). PINKVILLA. 2020-10-21. Archived from the original on 2021-10-09. https://web.archive.org/web/20211009135844/https://www.pinkvilla.com/entertainment/news/amika-shail-being-part-mirzapur-2-my-pulse-went-ticking-my-first-day-sets-569755। আহৰণ কৰা হৈছে: 2021-10-08.
- ↑ Chakrabarty, Madhushree (2021-06-25). "Amika Shail has partnered with the brand Evolution Sports Nutrition" (en-US ভাষাত). Media Infoline. https://www.mediainfoline.com/trend/amika-shail-becomes-the-brand-ambassador-for-south-african-fitness-brand-in-india। আহৰণ কৰা হৈছে: 2021-10-08.
- ↑ "Amika Shail Mourns The Demise Of Her Fitness Inspiration! - Television" (en-US ভাষাত). Latest Bollywood & Hollywood Entertainment, News, Celebrity Gossip, Lifestyle, Originals, Regional & COVID Updates | Lehren. 2021-06-19. Archived from the original on 2023-04-08. https://web.archive.org/web/20230408144158/https://lehren.com/entertainment/television/amika-shail-mourns-the-demise-of-her-fitness-inspiration/86417/। আহৰণ কৰা হৈছে: 2022-06-11.
- ↑ "Amika Shail: It's time to take a break from TV to reinvent myself as a performer'" (en ভাষাত). Hindustan Times. 2022-03-11. https://www.hindustantimes.com/entertainment/web-series/amika-shail-it-s-time-to-take-a-break-from-tv-to-reinvent-myself-as-a-performer-101647006593127.html। আহৰণ কৰা হৈছে: 2022-06-11.
- ↑ "TV creates boundaries and I don't like to be bound by anything: Amika Shail - Times of India" (en ভাষাত). 27 February 2022. https://timesofindia.indiatimes.com/tv/news/hindi/tv-creates-boundaries-and-i-dont-like-to-be-bound-by-anything-amika-shail/articleshow/89873698.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অমিকা শ্বাইল সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত অমিকা শ্বাইল
- অমিকা শ্বাইল সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য