অমিতা আগৰৱাল
| অমিতা আগৰৱাল | |
|---|---|
| জন্ম | ১৯৬০ (বয়স ৬৫–৬৬)
ভাৰত |
| ক্ষেত্ৰ | |
| কৰ্মস্থান | সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান |
| শিক্ষানুষ্ঠান | এইমচ, নতুনদিল্লী, সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, ৰয়েল মেলবৰ্ণ হাস্পতাল, ইউনিভাৰ্চিটি অৱ ওকলাহোমা স্বাস্থ্য বিজ্ঞান কেন্দ্ৰ |
| জনা যায় | অটোইম্যুন, বাতজনিত ৰোগৰ ওপৰত অধ্যয়ন। |
| উল্লেখনীয় বঁটা |
|
| দাম্পত্যসঙ্গী | ৰাকেশ আগৰৱাল |
অমিতা আগৰৱাল (ইংৰাজী: Amita Aggarwal, জন্ম ১৯৬০) এগৰাকী ভাৰতীয় ক্লিনিকেল ইমিউন’লজিষ্ট, বাত বিশেষজ্ঞ আৰু লক্ষ্ণৌৰ সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ক্লিনিকেল ইমিউন’লজী আৰু বাতবিজ্ঞান বিভাগৰ অধ্যাপক আৰু মুৰব্বী। অটোইম্যুন বাত ৰোগৰ অধ্যয়নৰ বাবে পৰিচিত আগৰৱাল ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ শকুন্তলা আমিৰ চান্দ বঁটা লাভ কৰা আৰু ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান একাডেমী আৰু ৰাষ্ট্ৰীয় চিকিৎসা একাডেমীৰ নিৰ্বাচিত ফেলো বিজ্ঞানী। ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে ২০০৪ চনত জৈৱ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় বিজ্ঞানৰ অন্যতম উচ্চতম বঁটা কেৰিয়াৰ ডেভেলপমেণ্টৰ বাবে ৰাষ্ট্ৰীয় জৈৱ বিজ্ঞান বঁটা প্ৰদান কৰে।
জীৱনী
[সম্পাদনা কৰক]
১৯৬০ চনত জন্মগ্ৰহণ কৰা অমিতা আগৰৱালাই[1] দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ পৰা চিকিৎসা বিজ্ঞানৰ এম বি বি এছ ডিগ্ৰীৰ লগতে স্নাতকোত্তৰ ডিগ্ৰী (আভ্যন্তৰীণ চিকিৎসা বিজ্ঞানত এম ডি) লাভ কৰে আৰু ইয়াৰ পিছত সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এছজিপিজিআই)ৰ পৰা ক্লিনিকেল ইমিউন’লজীত ডি এম ডিগ্ৰী লাভ কৰে।[2] ১৯৯৬ চনত এছজিপিজিআইত অধ্যাপকৰ সদস্য হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ হয় আৰু তেওঁ ক্লিনিকেল ইমিউন'লজী আৰু বাতবিজ্ঞান বিভাগৰ অধ্যাপিকা আৰু মুৰব্বীৰ পদত অধিষ্ঠিত।[3] ইয়াৰ মাজতে ১৯৯৫ চনত ৰয়েল মেলবৰ্ণ হাস্পতালত এপ্লাৰ ফেল’শ্বিপত আৰু ইউনিভাৰ্চিটি অৱ ওকলাহোমা হেল্থ ছায়েন্স চেণ্টাৰত জৈৱ প্ৰযুক্তি বিভাগৰ পৰা গৱেষণামূলক সহযোগিতাত বাত বিজ্ঞানৰ উন্নত প্ৰশিক্ষণ লাভ কৰে। ইয়াৰ উপৰিও তেওঁ আমেৰিকাৰ আটলাণ্টাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনত প্ৰশিক্ষণ লৈছে।[2]
অটোইমিউন বাতজনিত ৰোগ, বিশেষকৈ জুভেনাইল ইডিয়পেথিক আৰ্থাইটিছ (JIA)ৰ ৰোগৰ ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে আগৰৱাল পৰিচিত। তেওঁ বৰ্ণনা কৰে যে, ভাৰতীয় ৰোগীৰ জিআইএৰ ফেন’টাইপ আন ঠাইৰ তুলনাত পৃথক আৰু এন্থেচাইটিছ সম্পৰ্কীয় বাতবিষ (ইআৰএ) আটাইতকৈ বেছি। ই আৰ এৰ ৰোগজন্ম বুজিবলৈ তেওঁৰ যথেষ্ট অৰিহণা আছে, যেনে মেক্ৰ’ফেজ আৰু টি কোষ, বিভিন্ন চাইট’কাইন আৰু আন্ত্ৰিক মাইক্ৰ’বায়’মৰ ভূমিকা। জিআইএৰ উপৰিও তেওঁ চিষ্টেমিক লুপাছ এৰিথেমেটাছাছ (এছএলই) ৰোগীৰ নেফ্ৰাইটিছৰ ক্ষেত্ৰত বীজগত অৱদান আগবঢ়াইছে। বৰ্তমান তেওঁ সমগ্ৰ ভাৰততে এছ এল ইৰ বৈচিত্ৰ্য বুজিবলৈ এছ এল ইৰ ওপৰত বহু প্ৰতিষ্ঠানিক নেটৱৰ্ক প্ৰকল্পৰ সমন্বয় সাধন কৰি আছে।
বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰা প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দি বাত বিজ্ঞানৰ জনশক্তি বিকাশত অসীম অৰিহণা যোগাইছে। ভাৰতীয় চিকিৎসকসকলক অটোইম্যুন ৰোগৰ লেবৰেটৰী ডায়েগনষ্টিকছৰ প্ৰশিক্ষণৰ বাবে অটোএণ্টিব’ডিৰ ওপৰত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। তেওঁ ফাউণ্ডেশ্যন ফৰ প্ৰাইমেৰী ইমিউন'ডেফিচিয়েন্সি ডিজিজ (FPID)ৰ আঞ্চলিক নিদান কেন্দ্ৰৰ মুৰব্বী,[4] যিটো প্ৰাথমিক ইমিউন'ডেফিচিয়েন্সি (PID)ৰ বিৰুদ্ধে যুঁজিবলৈ স্থাপিত আন্তৰ্জাতিক সংস্থা।[5]ভাৰতৰ পিআইডি সুবিধাসমূহৰ বাবে তেওঁ অন্যতম সম্পদ ব্যক্তি।[6] তেওঁ ভাৰতীয় বাতবিষ সংস্থাৰ সভানেত্ৰী পদত অধিষ্ঠিত হৈ আহিছে।[7] শিশু বাতবিজ্ঞান আন্তৰ্জাতিক পৰীক্ষা সংস্থাৰ ভাৰতৰ বাবে ৰাষ্ট্ৰীয় সমন্বয়কও আছিল।
বঁটা-সন্মান
[সম্পাদনা কৰক]অটো-ইমিউন বাত ৰোগৰ অধ্যয়নৰ বাবে ১৯৯৮ চনত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ শকুন্তলা আমিৰ চান্দ বঁটা লাভ কৰে আৰু ২০০১ চনত আইচিএমআৰে তেওঁক পুনৰ ডাঃ কমলা মেনন বঁটাৰে সন্মানিত কৰে।[8] ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে তেওঁক ২০০৪ চনত ভাৰতীয় বিজ্ঞানৰ অন্যতম সৰ্বোচ্চ বঁটা কেৰিয়াৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় জৈৱ বিজ্ঞান বঁটা প্ৰদান কৰে।[9] তেওঁ আগবঢ়োৱা বঁটা বক্তৃতাসমূহৰ ভিতৰত আছে ইণ্ডিয়ান এছ'চিয়েচন অৱ ৰিউমেট'লজিৰ জাইডাছ অ'ৰেচন (২০০২), এছ'চিয়েচন অৱ ফিজিচিয়ানছ অৱ ইণ্ডিয়াৰ ডাঃ ক'এলহো মেম'ৰিয়েল লেকচাৰ (২০০৫) আৰু আইচিএমআৰৰ ক্ষানিকা অ'ৰেচন (২০০৫)।[10][11] ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীয়ে ২০১৩ চনত তেওঁক ফেলো হিচাপে নিৰ্বাচিত কৰে[12] আৰু ২০১৪ চনত তেওঁ ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেল'শ্বিপ লাভ কৰে।[13]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "NASI fellows". National Academy of Sciences, India. 2017-11-12. Archived from the original on 2013-07-26. https://web.archive.org/web/20130726040729/http://www.nasi.org.in/fellows.asp?RsFilter=A। আহৰণ কৰা হৈছে: 2017-11-12.
- 1 2 "Current faculty". Sanjay Gandhi Postgraduate Institute of Medical Sciences. 2017-12-16. Archived from the original on 2017-03-04. https://web.archive.org/web/20170304233640/http://www.sgpgi.ac.in/faculty.html। আহৰণ কৰা হৈছে: 2017-12-16.
- ↑ "New Department for Rheumatology and Clinical Immunology Inaugurate" (en ভাষাত). www.amrita.edu. 2017-12-16. https://www.amrita.edu/news/new-department-rheumatology-and-clinical-immunology-inaugurated। আহৰণ কৰা হৈছে: 2017-12-16.
- ↑ "FPID Centers in India" (en ভাষাত). www.fpid.org. 2017-12-16. Archived from the original on 2017-12-16. https://web.archive.org/web/20171216201237/http://www.fpid.org/node/112। আহৰণ কৰা হৈছে: 2017-12-16.
- ↑ "WELCOME to FPID.ORG" (en ভাষাত). www.fpid.org. 2017-12-16. Archived from the original on 2017-12-16. https://web.archive.org/web/20171216201255/http://www.fpid.org/welcome। আহৰণ কৰা হৈছে: 2017-12-16.
- ↑ "PID Facilities in India". SGPGI. 2017-12-16. http://www.ispid.org.in/downloads/SGPGIMS,%20Lukhnow.pdf। আহৰণ কৰা হৈছে: 2017-12-16.[সংযোগবিহীন উৎস]
- ↑ "IRA Executive Committee". www.indianrheumatology.org. 2017-12-16. http://www.indianrheumatology.org/iraexicutive.php। আহৰণ কৰা হৈছে: 2017-12-16.[সংযোগবিহীন উৎস]
- ↑ "ICMR Kshanika Oration Award". Indian Council of Medical Research. 2017-12-16. http://www.icmr.nic.in/award/award2005.pdf#page=9। আহৰণ কৰা হৈছে: 2017-12-16.
- ↑ "Awardees of National Bioscience Awards for Career Development". Department of Biotechnology. 2016. Archived from the original on 2018-03-04. https://web.archive.org/web/20180304191331/http://dbtindia.nic.in/wp-content/uploads/2014/03/list_of_bioscience_awardees.pdf। আহৰণ কৰা হৈছে: 2017-11-20.
- ↑ "Kshanika Oration award". SGPGI. 2017-12-16. Archived from the original on 2017-12-16. https://web.archive.org/web/20171216201210/http://14.139.245.149:8080/jspui/bitstream/1/9929/1/25%20Aniversary%20SGPGI%20souvenir.pdf। আহৰণ কৰা হৈছে: 2017-12-16.
- ↑ "Awards 2005". www.icmr.nic.in. 2005. http://www.icmr.nic.in/award/awards05.htm। আহৰণ কৰা হৈছে: 2017-12-16.
- ↑ "NASI Year Book 2015". National Academy of Sciences, India. 2017-11-24. Archived from the original on 2015-08-06. https://web.archive.org/web/20150806211716/http://www.nasi.org.in/Year%20Book%202015.pdf। আহৰণ কৰা হৈছে: 2017-11-24.
- ↑ "NAMS fellows". National Academy of Medical Sciences. 2017-12-16. http://www.nams-india.in/docs_pdfs/fellow2014.pdf। আহৰণ কৰা হৈছে: 2017-12-16.