অমিয় কুমাৰী পাঢ়ী
| অমিয় কুমাৰী পাঢ়ী | |
|---|---|
| জন্ম | ১৫ ছেপ্টেম্বৰ, ১৯৩৩ ঢেংকানল, ওড়িশা |
| মৃত্যু | ৩০ এপ্ৰিল, ২০১২ (৭৮ বছৰ) কটক |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষানুষ্ঠান | ৰেভেন্সহাও কলেজ |
| পিতৃ-মাতৃ | ন্যায়াধীশ জে. কে. মিশ্ৰ (পিতা) |
| ৱেবছাইট | |
| ওড়িশা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ | |
অমিয় কুমাৰী পাঢ়ী (১৫ ছেপ্তেম্বৰ ১৯৩৩ – ৩০ এপ্ৰিল ২০১২) এগৰাকী বিশিষ্ট ভাৰতীয় ন্যায়াধীশ আছিল আৰু তেওঁ ওড়িশা উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ওড়িশা উচ্চ ন্যায়ালয়ৰ পক্ষৰ পৰা সদস্যা হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।[1]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]পাঢ়ীৰ জন্ম ১৯৩৩ চনৰ ১৫ ছেপ্তেম্বৰত ওড়িশাৰ ঢেংকানলত হৈছিল। তেওঁ সম্বলপুৰত নিজৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰি ১৯৫৩ চনত ৰেভেন্সহাও কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁ আইনশাস্ত্ৰ অধ্যয়ন কৰে আৰু ১৯৬৪ চনত বাৰৰ সদস্যা হিচাপে নামভৰ্তি কৰে। ১৯৮৮ চনৰ ১৮ এপ্ৰিলত তেওঁ ওড়িশা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ১৯৯৫ চনৰ ১৪ ছেপ্তেম্বৰত অবসৰ গ্ৰহণ কৰে।[2]
ওড়িশা উচ্চ ন্যায়ালয়ত নিযুক্ত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল, আৰু এই পদত সঞ্জু পণ্ডা ২০০৭ চনৰ ফেব্ৰুৱাৰীত নিযুক্ত নোহোৱালৈকে তেওঁ একমাত্ৰ মহিলা আছিল।[3] ওড়িশা উচ্চ ন্যায়ালয়ত কেৱল ৪.৫% মহিলা প্ৰতিনিধিত্ব থকা বাবে, ৫০% মহিলা সংৰক্ষণৰ দাবী উত্থাপন কৰা হৈছিল।[4]
পৰিয়াল
[সম্পাদনা কৰক]পাঢ়ী আছিল ন্যায়াধীশ জে. কে. মিশ্ৰৰ কন্যা আৰু ওড়িশাৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ তথা ৰাজ্যপাল গতিকৃষ্ণ মিশ্ৰৰ ভাতিজী।[5]
তেওঁ ওড়িশা আৰক্ষীৰ তেতিয়াৰ ডাইৰেক্টৰ জেনেৰেল অৱ পুলিচ শ্যাম সুন্দৰ পাঢ়ীক বিবাহ কৰিছিল। তেওঁ ১৯৭৯-১৯৮৭ সময়ছোৱাত তিনি বাৰ DGP আছিল। তেওঁ পাঢ়ীৰ মৃত্যুৰ পিছত বাচি আছিল, আৰু ২০১৫ চনৰ ৩১ জানুৱাৰীত ৮৬ বছৰ বয়সত মৃত্যু হয়।[6] তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছিল।[7]
মৃত্যু
[সম্পাদনা কৰক]দীঘলীয়া অসুখৰ পিছত ২০১২ চনৰ ৩০ এপ্ৰিলত পাঢ়ীৰ মৃত্যু কটকৰ ভাস্কোষ লেনস্থিত পৰিয়াল নিবাসত হৈছিল।[8] তেওঁৰ মৃতদেহ শতিচৌৰাৰ শ্মশানত দাহ কৰা হয়।[7]
তেওঁৰ ন্যায়বিভাগত অৱদান আৰু সেৱাৰ সম্মানত, মৃত্যুৰ খবৰ ঘোষণা কৰা পিছত ওড়িশা উচ্চ ন্যায়ালয়ত সকলো ন্যায়িক কাৰ্য আৰু কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছিল।[9]
সদস্যতা
[সম্পাদনা কৰক]পাঢ়ীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গঠন কৰা ব'ৰ্ডত ওড়িশা উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে, তেওঁ ভুৱনেশ্বৰস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ নৈতিকতা সমিতিৰো সদস্যা আছিল।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "The New Indian Express". https://www.newindianexpress.com/states/odisha/2012/may/01/1st-woman-judge-of-hc-justice-amiya-padhi-dead-363798.html। আহৰণ কৰা হৈছে: 2016-11-09.
- ↑ "Odisha High Court Judges". http://www.orissahighcourt.nic.in/judgesret.asp। আহৰণ কৰা হৈছে: 2016-11-09.
- ↑ "Second lady judge for Orissa HC". The Hindu. 28 February 2007. http://www.thehindu.com/todays-paper/tp-national/tp-otherstates/second-lady-judge-for-orissa-hc/article1803488.ece। আহৰণ কৰা হৈছে: 10 November 2016.
- ↑ "50% reservation for women as judges sought". The Pioneer. 14 November 2015. https://www.dailypioneer.com/2015/state-editions/50-reservation-for-women-as-judges-sought.html। আহৰণ কৰা হৈছে: 29 August 2023.
- ↑ "Justice Amiya Kumari Padhi First Woman Judge of Odisha High Court". Incredible Odisha. 16 September 2016. http://incredibleorissa.com/justice-amiya-kumari-padhi-first-woman-judge-odisha-high-court/। আহৰণ কৰা হৈছে: 10 November 2016.[সংযোগবিহীন উৎস]
- ↑ "Former Odisha DGP Shyam Sundar Padhi is no more". Odisha Sun Times. 31 January 2015. http://odishasuntimes.com/2015/01/31/former-odisha-dgp-shyam-ssundar-padhi-no/। আহৰণ কৰা হৈছে: 10 November 2016.
- ↑ 7.0 7.1 "Money Control Report". http://www.moneycontrol.com/news/wire-news/first-woman-judgeorissa-hc-passes-away_698769.html। আহৰণ কৰা হৈছে: 2016-11-10.
- ↑ "Odisha TV News Report". Archived from the original on 2018-09-06. https://web.archive.org/web/20180906013943/https://odishatv.in/odisha/first-woman-judge-of-hc-passes-away-25691। আহৰণ কৰা হৈছে: 2016-11-09.
- ↑ "Partial end to bar strike". www.telegraphindia.com. http://www.telegraphindia.com/1120503/jsp/odisha/story_15442452.jsp#.WCSgWC196os.