অমীষা পেটেল
| অমীষা পেটেল | |
|---|---|
২০২৩ চনত অমীষা পেটেল | |
| জন্ম | ০৯ জুন, ১৯৭৫ (৫১ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| অন্য নাম | অমিশা পেটেল |
| শিক্ষানুষ্ঠান | টাফ্টছ বিশ্ববিদ্যালয় |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০০–বৰ্তমান |
| আত্মীয়-স্বজন | অস্মিত পেটেল (ভাতৃ) ৰজনী পেটেল (ককাক) |
অমীষা পেটেল (ইংৰাজী: Ameesha Patel; জন্ম: ৯ জুন, ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ঘাইকৈ হিন্দী আৰু তেলুগু ছবিত অভিনয় কৰে। পেটেলে ফিল্মফেয়াৰ বঁটা আৰু জি চিনে বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
পেটেলে ২০০০ চনত ৰোমাণ্টিক থ্ৰিলাৰ ছবি কহো না... প্যাৰ হ্যায়ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। এই ছবিখন এক বৃহৎ ব্যাৱসায়িক সফল ছবি আছিল আৰু ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ জি চিনে বঁটা লাভ কৰিছিল। এই সফলতা তেলুগু একচন ছবি বদৰী (২০০০) আৰু সৰ্বাধিক উপাৰ্জনকাৰী পিৰিয়ড ড্ৰামা ছবি গদৰ: এক প্ৰেম কথাৰ (২০০১) জৰিয়তে অব্যাহত থাকে। গদৰৰ বাবে তেওঁ ফিল্মফেয়াৰ স্পেচিয়েল পাৰফৰমেন্স বঁটা লাভ কৰিছিল।[1] হমৰাজ আৰু ক্যা য়েহী প্যাৰ হ্যায় (দুয়োখন ২০০২) ছবিত অভিনয় কৰাৰ পাছত পেটেলৰ কেৰিয়াৰৰ অধোগতি আৰম্ভ হয়। পৰৱৰ্তী সময়ত তেওঁ হানিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড (২০০৭), ভুল ভুলাইয়া (২০০৭) আৰু ৰেচ ২ (২০১৩) ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰে।
কেৰিয়াৰৰ বহু উঠা-নমাৰ পিছত পেটেলে তেওঁৰ পূৰ্বৰ সফল ছবিৰ ছিকুয়েল গদৰ ২ত (২০২৩) পুনৰ অভিনয় কৰি এক শক্তিশালী প্ৰত্যাৱৰ্তন কৰে। এই ছবিখন তেওঁৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।[2] অভিনয় জীৱনৰ উপৰি পেটেল এগৰাকী মানৱতাবাদী কৰ্মী আৰু তেওঁ কেইবাটাও জনহিতকৰ কামৰ সৈতে জড়িত।
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
[সম্পাদনা কৰক]১৯৭৫ চনৰ ৯ জুনত এজন গুজৰাটী পিতৃ অমিত পেটেল[3] আৰু এগৰাকী সিন্ধী তথা পাঞ্জাবী প্ৰবাসী ভাৰতীয় মাতৃ আশাৰ কোলাত পেটেলৰ জন্ম হৈছিল।[4][5] তেওঁ অস্মিত পেটেলৰ ভগ্নী আৰু অধিবক্তা তথা ৰাজনীতিবিদ বেৰিষ্টাৰ ৰজনী পেটেলৰ নাতিনী, যি মুম্বাইৰ কংগ্ৰেছ প্ৰদেশ কমিটিৰ সভাপতি আছিল। মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত জন্মগ্ৰহণ কৰা অমীষা পাঁচ বছৰ বয়সৰপৰাই এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী।[6] তেওঁৰ নামটো পিতৃ অমিতৰ নামৰ প্ৰথম তিনিটা আখৰ আৰু মাতৃ আশাৰ নামৰ শেষৰ তিনিটা আখৰৰ সংমিশ্ৰণত ৰখা হৈছে।[7]
পেটেলে মুম্বাইৰ কেথেড্ৰেল এণ্ড জন কনন স্কুলত অধ্যয়ন কৰিছিল আৰু ১৯৯২-৯৩ শিক্ষাবৰ্ষত তেওঁ বিদ্যালয়খনৰ হেড গাৰ্ল আছিল। ইয়াৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনৰ টাফ্টছ বিশ্ববিদ্যালয়লৈ বায়’-জেনেটিক ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায়। দুবছৰ পঢ়াৰ পিছত তেওঁ অৰ্থনীতি বিষয়লৈ নিজৰ মেজৰ সলনি কৰে।[6]
স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত পেটেলৰ কেৰিয়াৰ আৰম্ভ হৈছিল খাণ্ডৱালা ছিকিউৰিটিজ লিমিটেডত এগৰাকী অৰ্থনৈতিক বিশ্লেষক হিচাপে। পৰৱৰ্তী সময়ত তেওঁ মৰগান ষ্টেনলীৰপৰা এটা অফাৰ লাভ কৰিছিল যদিও তাক প্ৰত্যাখ্যান কৰে। ভাৰতলৈ উভতি অহাৰ পাছত তেওঁ সত্যদেৱ ডুবেৰ থিয়েটাৰ গোটত যোগদান কৰে আৰু কেইবাখনো নাটকত অভিনয় কৰে। ইয়াৰ ভিতৰত আছিল তনবীৰ খানৰদ্বাৰা লিখিত ১৯৯৯ চনৰ এখন উৰ্দু ভাষাৰ নাটক নীলম।[8]
একে সময়তে তেওঁ মডেলিং জগততো খোজ পেলায় আৰু কেইবাটাও বিজ্ঞাপন অভিযানত অংশ লয়। পেটেলে বাজাজ, গ্ল’ এণ্ড লাভলী, কেডবেৰীছ, ফেম, লাক্স আদিকে ধৰি বহুতো জনাজাত ভাৰতীয় ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছে।
তেওঁৰ ককাক ৰজনী পেটেল এজন অধিবক্তা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আছিল। ১৯৮৬ চনত মুম্বাইৰ এখন ৰাস্তাৰ নাম তেওঁৰ সন্মানত 'বেৰিষ্টাৰ ৰজনী পেটেল মাৰ্গ' ৰখা হৈছিল।[9]
সংবাদ মাধ্যমত
[সম্পাদনা কৰক]
২০০২ চনৰপৰা ২০০৫ চনৰ ভিতৰত পেটেলে ৰেণ্ডিভ্যু উইথ চিমি গাৰেৱাল আৰু দ্য মনীষ মালহোত্ৰা শ্ব' -ৰ দৰে কেইবাটাও টক শ্ব'ত অংশগ্ৰহণ কৰিছিল। ২০০৬ চনত পেটেলে গীতৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতা ইণ্ডিয়ান আইডল ২-ৰ ভেলেণ্টাইন ডে-ৰ বিশেষ খণ্ডত এগৰাকী অতিথি বিচাৰক হিচাপে উপস্থিত আছিল।
পেটেলক সঘনাই বলীউডৰ অন্যতম আবেদনময়ী অভিনেত্ৰী হিচাপে অভিহিত কৰা হয়।[10][11][12] ৰিডিফ-এ পেটেলক বলীউডৰ অন্যতম আবেদনময়ী অভিনেত্ৰী[11] আৰু ২০০১ চনৰ শীৰ্ষ বলীউড অভিনেত্ৰীসমূহৰ তালিকাত স্থান দিছিল।[13] তেওঁ ৰিডিফৰ ২০০৮ চনৰ আটাইতকৈ আবেদনময়ী অভিনেত্ৰীৰ তালিকাত দশম স্থান লাভ কৰিছিল।[10] ৰিডিফে পেটেলক ২০০৮ চনৰ আটাইতকৈ আবেদনময়ী মেগাজিন কভাৰ গাৰ্লসমূহৰ মাজৰ এগৰাকী হিচাপেও উল্লেখ কৰিছিল।[14] তেওঁ তিনিবাৰকৈ মেক্সিম ইণ্ডিয়া-ৰ বেটুপাতত স্থান পোৱাৰ লগতে পুৰুষৰ অন্যান্য আলোচনী যেনে দ্য মেন, এফ এইচ এম আৰু মেন্স ৱৰ্ল্ড-ৰ বেটুপাততো স্থান লাভ কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "All Time Earners Inflation Adjusted (Figures in Ind Rs)". Box Office India. http://www.boxofficeindia.com/cpages.php?pageName=all_time_earners&PHPSESSID=5362d07f223b238dbd9c54edcba55bed। আহৰণ কৰা হৈছে: 3 February 2007.
- ↑ "'Gadar 2' box office collection Day 2: Sunny Deol starrer declared a BLOCKBUSTER as film earns Rs 80.50 crore". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/box-office/gadar-2-box-office-collection-day-2-sunny-deol-starrer-declared-a-blockbuster-as-film-earns-rs-80-50-crore/articleshow/102695161.cms। আহৰণ কৰা হৈছে: 14 August 2023.
- ↑ "Ameesha Patel to do dandiya!". Mid-day.com. http://www.mid-day.com/entertainment/2012/sep/070912-Ameesha-Patel-to-do-dandiya.htm। আহৰণ কৰা হৈছে: 31 October 2013.
- ↑ Chhibber, Kavita (3 November 2003). "Amisha Patel". https://www.kavitachhibber.com/2003/11/03/amisha-patel/. "Asha Patel says she grew up in an elite pampered atmosphere abroad and met her husband as a teenager while visiting India. For him it was love at first sight, but Asha laughs and says as a Sindhi Punjabi she was not sure that she would fit into a Gujarati family."
- ↑ Zee Media Bureau. "Birthday special: Ameesha Patel – then and now…". Zee News. https://zeenews.india.com/entertainment/celebrity/birthday-special-ameesha-patel-then-and-now_136353.html। আহৰণ কৰা হৈছে: 7 July 2020.
- 1 2 Verma, Sukanya (22 November 1999). "'It's unfair to have just one goal in life'". Rediff. http://www.rediff.com/entertai/1999/nov/22amis.htm। আহৰণ কৰা হৈছে: 29 April 2016.
- ↑ Karmalkar, Deepa. "The Ten-Crore B'day gift". Screen. Archived from the original on 22 June 2000. https://web.archive.org/web/20000622080426/http://www.screenindia.com/jan14/cover.htm। আহৰণ কৰা হৈছে: 19 September 2020.
- ↑ Savvy Gehna Mehra. "Gadar's special, very very special". Screen Weekly. Archived from the original on 11 July 2009. https://web.archive.org/web/20090711130229/http://www.screenindia.com/old/jul07/film3.htm। আহৰণ কৰা হৈছে: 4 September 2009.
- ↑ "Barrister Rajni Patel Marg: Named after Cong chief close to MRS Gandhi & who nearly became CM". The Indian express. 17 May 2018. https://indianexpress.com/article/cities/mumbai/barrister-rajni-patel-marg-named-after-cong-chief-close-to-mrs-gandhi-who-nearly-became-cm-5179696/.
- 1 2 "rediff.com: The hottest item numbers". Rediff.com. http://specials.rediff.com/movies/2008/dec/22sld1-the-hottest-item-numbers.htm। আহৰণ কৰা হৈছে: 19 June 2009.
- 1 2 "rediff.com: Bollywood's sexiest heroines". Rediff.com. https://www.rediff.com/movies/2007/mar/07slid10.htm। আহৰণ কৰা হৈছে: 20 September 2020.
- ↑ "Bollywood's Hottest Bodies". The Times of India. Archived from the original on 10 February 2009. https://web.archive.org/web/20090210110040/http://photogallery.indiatimes.com/articleshow/3891651.cms.
- ↑ "rediff.com, Movies: Bollywood's best heroines". Rediff.com. https://www.rediff.com/entertai/2001/dec/29heroin.htm। আহৰণ কৰা হৈছে: 20 September 2020.
- ↑ "rediff.com: The Sexiest Cover Girls, 2008". Rediff.com. http://specials.rediff.com/movies/2009/jan/06slide8-best-covergirls-2008.htm। আহৰণ কৰা হৈছে: 19 June 2009.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Ameesha Patel সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- অমীষা পেটেল সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।