সমললৈ যাওক

অমৃত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাতত অমৃতৰ কলহ লৈ বিষ্ণুৰ নাৰী ৰূপ মোহিনী

অমৃত (সংস্কৃত: अमृत, ইংৰাজী: Amrita) এটা সংস্কৃতমূলৰ শব্দ যাৰ অৰ্থ হৈছে "অমৰত্ব"। ভাৰতীয় ধৰ্মৰ ভিতৰত ই এক কেন্দ্ৰীয় ধাৰণা আৰু প্ৰাচীন ভাৰতীয় গ্ৰন্থত ইয়াক প্ৰায়ে সুধা বুলি কোৱা হয়।[1] ঋগবেদত অমৃতৰ উল্লেখ কৰা হৈছিল, য'ত ইয়াক দেৱতাসকলৰ পানীয় সোমৰসক কেইবাটাও প্ৰতিশব্দৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছিল।[2] সমুদ্ৰ মন্থনৰ ফলত অমৃতৰ উৎপত্তি হৈছিল আৰু অমৰত্ব লাভৰ বাবে অমৃত লাভ কৰিবৰ বাবে দেৱতা আৰু অসুৰৰ মাজত প্ৰতিযোগিতা হৈছিল আৰু পিছলৈ সেয়াই সংঘাতৰ কাৰণ হৈ পৰিছিল।[3]

বিভিন্ন ধৰ্মত ভাৰতীয় অমৃতৰ ভিন্ন তাৎপৰ্য্য পোৱা যায়। অমৃত শব্দটো হিন্দু ধৰ্মৰ লগতে শিখ ধৰ্মৰ বাবেও এটা সাধাৰণ প্ৰাথমিক নাম৷ অমৃতৰ স্ত্ৰীলিংগবাচক শব্দটো হৈছে অমৃতা[4] অমৃতৰ সৈতে গ্ৰীক এম্ব্ৰ’ছিয়াৰ সম্পৰ্ক দেখা পোৱা যায় আৰু দুয়োৰে যথেষ্ট সাদৃশ্য আছে; দুয়োটা শব্দৰ উৎপত্তি সাধাৰণ প্ৰাক ইণ্ডো-ইউৰোপীয় উৎসৰ পৰা হৈছিল।[5][6]

কিংবদন্তি

[সম্পাদনা কৰক]

ভাগৱত পুৰাণ, মহাভাৰত আৰু বিষ্ণু পুৰাণ আৰু অন্য কিছুমান প্ৰাচীন হিন্দু গ্ৰন্থৰ মতে দেৱতা আৰু অসুৰসকলে মিলি বিষ্ণুৰ সহযোগত ক্ষীৰ সাগৰ মন্থন কৰে। সাগৰ মন্থনৰ মূল উদ্দেশ্য আছিল সমুদ্ৰৰ পৰা অমৃত আহৰণ কৰা। এই কাৰ্যৰ যোগেদি অমৃতৰ লগতে সমুদ্ৰৰ পৰা বহুকেইবিধ ৰত্ন, দৈৱিক জন্তু, লক্ষ্মী, অলক্ষ্মী, অপ্সৰা, হলাহল, কল্পবৃক্ষ আদিৰো আৱিৰ্ভাৱ ঘটে। মন্থনৰ ফলত সৰ্বশেষত হাতত অমৃতৰ কলহ লৈ দেৱবৈদ্য ধন্বন্তৰিৰ আৱিৰ্ভাৱ ঘটে। অমৃতৰ বাবে দেৱতা আৰু অসুৰৰ মাজত ভয়ংকৰ যুদ্ধ হয়। গৰুড়ে অমৃতৰ কলহ লৈ যুদ্ধক্ষেত্ৰৰ পৰা উৰা মাৰে। বিষ্ণুৱে মোহিনী নামৰ অতীৱ সুন্দৰী নাৰীৰ ৰূপ লৈ অমৃত কলহ দেৱতা আৰু অসুৰৰ মাজত সমানে বিতৰণ কৰাৰ আশ্বাস দিয়ে। কিন্তু তেওঁ চল কৰি কেৱল দেৱতাকহে অমৃত পান কৰোৱায়।[7] স্বৰভানু নামৰ এজন অসুৰে দেৱতাৰ বেশ লৈ দেৱতাৰ মাজত বহি অমৃত পান কৰে। চন্দ্ৰ আৰু সূৰ্যই স্বৰভানুক চিনিব পাৰি মোহিনীক এই কথা অৱগত কৰে। লগে লগে মোহিনীৰূপী বিষ্ণুৱে সুদৰ্শন চক্ৰৰে স্বৰভানুৰ শিৰচ্ছেদ কৰে আৰু প্ৰতিজন দেৱতাক অমৃত বিতৰণ কৰি থাকিল, তাৰ পিছত মোহিনীয়ে নিজৰ প্ৰকৃত নাৰায়ণ ৰূপ ধাৰণ কৰি যুদ্ধত অসুৰসকলক পৰাস্ত কৰিলে।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "amrita | Hindu mythology | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/topic/amrita-Hindu-mythology আহৰণ কৰা হৈছে: 2021-11-13.
  2. "Soma: The Nectar of the Gods" (en-US ভাষাত). History of Ayurveda. 20 April 2018. https://www.historyofayurveda.org/library/soma আহৰণ কৰা হৈছে: 2021-11-13.
  3. Pattanaik, Devdutt (February 27, 2016). "Good deva-bad asura divide misleading" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/india/good-deva-bad-asura-divide-misleading/articleshow/51162479.cms আহৰণ কৰা হৈছে: 2021-11-13.
  4. "BBC - Religions - Sikhism: Amrit ceremony" (en-GB ভাষাত). www.bbc.co.uk. https://www.bbc.co.uk/religion/religions/sikhism/ritesrituals/amrit.shtml আহৰণ কৰা হৈছে: 2021-11-13.
  5. Walter W. Skeat, Etymological English Dictionary
  6. "Ambrosia" in Chambers's Encyclopædia. London: George Newnes, 1961, Vol. 1, p. 315.
  7. "ৰাহু - ভাৰতকোষ, জ্ঞান কা হিন্দী মহাসাগৰ". bharatdiscovery.org. https://bharatdiscovery.org/india/%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%81 আহৰণ কৰা হৈছে: 2019-09-02.
  8. www.wisdomlib.org (2020-03-05). "Gods Drink the Nectar [Chapter 13"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc371752.html আহৰণ কৰা হৈছে: 2022-08-03.