অমৃতপ্ৰভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অমৃতপ্ৰভা (১ম শতিকা) অসমৰ জীয়ৰী বুলি কথিত। সয়ম্বৰ সভাত এখেতে কাশ্মীৰৰ মেঘবাহনক স্বামী বৰণ কৰিছিল। বিয়াৰ পাছত মেঘবাহন কাশ্মীৰৰ ৰজা হয়। পাছলৈ মেঘবাহনে বৌদ্ধ ধৰ্ম গ্ৰহন কৰে। অমৃতপ্ৰভাই বৌদ্ধ ভিক্ষুৰ বাবে 'অমৃত ভৱন' নামৰ এক বিহাৰ স্থাপন কৰিছিল।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী