অমৃতপ্ৰভা
অমৃতপ্ৰভা (১ম শতিকা) অসমৰ জীয়ৰী বুলি কথিত। সয়ম্বৰ সভাত এখেতে কাশ্মীৰৰ মেঘবাহনক স্বামী বৰণ কৰিছিল। বিয়াৰ পাছত মেঘবাহন কাশ্মীৰৰ ৰজা হয়। পাছলৈ মেঘবাহনে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। অমৃতপ্ৰভাই বৌদ্ধ ভিক্ষুৰ বাবে 'অমৃত ভৱন' নামৰ এক বিহাৰ স্থাপন কৰিছিল।[1]
বুৰঞ্জীত উল্লেখ
[সম্পাদনা কৰক]কলহন ৰচিত ৰাজতৰঙ্গিণীত আৰু চীনা পৰ্যটক ঔ-কং ৰচিত “কাশ্মীৰ বিৱৰণতো অমৃতপ্ৰভাৰ বিষয়ে উল্লেখ আছে।[2][3]
ইতিহাস
[সম্পাদনা কৰক]খৃষ্টীয় প্ৰথম শতিকাত কাশ্মীৰত ৰাজত্ব কৰা মেঘবাহনৰ প্ৰধান মহিষী আছিল অমৃতপ্ৰভা। তেওঁৰ পিতৃ আছিল ভগদত্তবংশীয় কামৰূপৰ অধিপতি। অৱশ্যে এইজনা ৰজাৰ নাম অদ্যপি জানিব পৰা হোৱা নাই।[2] কাশ্মীৰৰ সমীপৱৰ্তী গান্ধাৰৰ ৰজাই কাশ্মীৰ দখল কৰিবলৈ গোপাদিত্য নামে যুধিষ্ঠিৰৰ পৰিনাতি এজনক দত্তক লৈছিল। তেওঁৰ পুত্ৰ মেঘবাহন। সেইসময়তে প্ৰাগজ্যোতিষপুৰত অমৃতপ্ৰভাৰ সয়ম্বৰ সভা হৈছিল। গোপাদিত্যই মেঘবাহনক সেই সয়ম্বৰ সভালৈ পঠিয়াইছিল।[2]
বৰুণৰ ছত্ৰ
[সম্পাদনা কৰক]ভগদত্ত পৰিয়ালৰ এটা অলৌকিক সম্পদ নৰকাসুৰ ৰজাই বৰুণৰ পৰা কাঢ়ি অনা ছত্ৰ আছিল। এই ছত্ৰ পুৰুষৰ মূৰৰ ওপৰত ধৰিলে, সুলক্ষণযুক্ত পুৰুষৰ মূৰত শীতল ছাঁ দিয়ে। অমৃতপ্ৰভাই সয়ম্বৰত এই ছত্ৰ ব্যৱহাৰ কৰি ছত্ৰটি মেঘবাহনৰ মূৰৰ ওপৰত ধৰাত শীতল ছাঁ দিয়া প্ৰত্যক্ষ কৰে আৰু তেওঁকেই উপযুক্ত স্বামী বুলি বৰমালা প্ৰদান কৰে।[2] অৱশ্যে বাণ ৰচিত “হৰ্ষ চৰিত’’ৰ মতে এই ছত্ৰ কুমাৰ ভাস্কৰ বৰ্মণৰ সম্পত্তি আছিল।[4]
বৌদ্ধ ধৰ্মী অমৃতপ্ৰভা
[সম্পাদনা কৰক]বিবাহৰ পাছত মেঘবাহনে গান্ধাৰৰ পৰা আহি কাশ্মীৰৰ ৰাজসিংহাসনত বহিল। ৰজা হৈয়ে তেওঁ নানা ধৰ্মকাৰ্যত লিপ্ত হৈ পৰিল। ৰাজ্যত জীৱহত্যা নিষেধ কৰি আজ্ঞা প্ৰচাৰ কৰিলে আৰু যিবোৰ মানুহে জন্তুৰ মাংস বেচি জীৱিকা উলিয়াইছিল তেওঁলোকৰ পোহপাল দিবলৈ ৰাজসাহায্যৰ ব্যৱস্থা কৰিলে। মেঘবাহনে 'মেঘবন' আৰু 'মেঘমঠ' নামে দুটা মঠ নিৰ্মাণ কৰিছিল ৰাজমহিষী অমৃত প্ৰভাই বিদেশী ভিক্ষুসকলৰ ব্যৱহাৰৰ অৰ্থে অমৃতভৱন নামে বিহাৰ নিৰ্মাণ কৰিছিল, যাক পিছলৈ অমিতভৱন আৰু অন্তভৱন নামেৰে জনা গৈছিল। অমৃতপ্ৰভাই পিতৃৰাজ্যৰ পৰা বৌদ্ধ ধৰ্মগুৰু স্তৌন্পাক কাশ্মীৰলৈ লৈ গৈছিল। স্তৌনপাই “লো-স্তৌপ’’ নামে এটি বৌদ্ধস্তূপ নিৰ্মাণ কৰিছিল।[2]
একাধিক নাম
[সম্পাদনা কৰক]উল্লেখ্য যে কাশ্মীৰৰ ৰাজপৰিয়ালত একাধিক অমৃতপ্ৰভাৰ উল্লেখ আছে। মেঘবাহনৰ ১৭৭ বছৰ পাছত ৰজা হোৱা ৰণাদিত্যৰ প্ৰধান মহিষীৰ নামো অমৃতপ্ৰভা আছিল। ৰণাদিত্য ৫২৮ বছৰ পিছত জয়পীড় বিনয়াদিত্য ৰজা হয়। তেওঁৰ মাকৰ নামো অমৃতপ্ৰভা।[4]
তথ্য সমল
[সম্পাদনা কৰক]- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
- ↑ 2.0 2.1 2.2 2.3 2.4 ভূঞা, সূৰ্য্যকুমাৰ (১৯৫৫). বুৰঞ্জীৰ বাণী. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২১.
- ↑ "বুৰঞ্জীৰ বাণী". https://as.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%AC%E0%A7%81%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A7%80%E0%A7%B0_%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A7%80.pdf/%E0%A7%A9%E0%A7%A7। আহৰণ কৰা হৈছে: 27 January 2026.
- ↑ 4.0 4.1 ভূঞা, সূৰ্য্যকুমাৰ (১৯৫৫). বুৰঞ্জীৰ বাণী. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২৮.