অমৃতা অৰোৰা
| অমৃতা অৰোৰা লাডাখ | |
|---|---|
২০১২ চনত অৰোৰা | |
| জন্ম | ৩১ জানুৱাৰী, ১৯৮১ (৪৫ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| অন্য নাম | অমৃতা অৰোৰা লাডাখ |
| পেচা | অভিনেত্ৰী, মডেল, দূৰদৰ্শন উপস্থাপিকা, ভিজে |
| সক্ৰিয় হৈ থকা সময় | ২০০২–২০১৫ |
| দাম্পত্যসঙ্গী | শাকিল লাডাখ (বি. ২০০৯) |
| সন্তান | ২ |
| আত্মীয়-স্বজন | মালাইকা অৰোৰা (ভনীেক) |
অমৃতা অৰোৰা লাডাখ (পূৰ্বৰ উপাধি: অৰোৰা; জন্ম: ৩১ জানুৱাৰী ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, দূৰদৰ্শন উপস্থাপিকা আৰু ভিডিঅ' জকী, যিয়ে মূলতঃ হিন্দী ভাষাৰ ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰে।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মহাৰাষ্ট্ৰৰ মুম্বাইত অৰোৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ অনিল অৰোৰা এজন পঞ্জাবী হিন্দু আৰু মাতৃ জয়েচ পলিকৰ্প এগৰাকী মালয়ালী। অমৃতাক এগৰাকী ৰোমান কেথলিক হিচাপে ডাঙৰ-দীঘল কৰা হৈছিল।[1][2] তেওঁ মালাইকা অৰোৰাৰ কনিষ্ঠ ভগ্নী।[3]
তেওঁ চেম্বুৰৰ স্বামী বিবেকানন্দ স্কুলত মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে।[4]
২০০০ চনৰ আৰম্ভণিৰপৰা মাজভাগলৈকে তেওঁ ব্ৰিটিছ-পাকিস্তানী ক্ৰিকেটাৰ উচমান আফজালৰ সৈতে সম্পৰ্কত আছিল।[5]
২০০৯ চনত তেওঁ নিৰ্মাণ উদ্যোগৰ এজন ব্যৱসায়ী শাকিল লাডাখৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিবাহ অনুষ্ঠানসমূহৰ ভিতৰত ২০০৯ চনৰ ৪ মাৰ্চত খ্ৰীষ্টান ৰীতিৰে বিবাহ সম্পন্ন হয়, ইয়াৰ পিছত ৫ মাৰ্চত মেহেন্দি আৰু ৬ মাৰ্চত মুছলমান নিকাহ অনুষ্ঠান অনুষ্ঠিত হয়। তেওঁলোকৰ দুটা পুত্ৰ সন্তান আছে।[6][7]
কৰ্মজীৱন
[সম্পাদনা কৰক]অৰোৰাই এমটিভি ইণ্ডিয়াৰ ভিজে হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।[8] ২০০২ চনত ফাৰদিন খানৰ বিপৰীতে কিতনে দূৰ কিতনে পাছ ছবিৰ জৰিয়তে তেওঁ বলীউডত আত্মপ্ৰকাশ কৰে, যিখন বক্স অফিচত সফল হোৱা নাছিল। তেওঁৰ প্ৰথম সফল ছবি আছিল একচন কমেডী আৱাৰা পাগল দিৱানা। ইয়াৰ পিছত তেওঁৰ ধাৰাবাহিকভাৱে কেইখনমান ছবি অসফল হয়, যাৰ ভিতৰত আছিল ২০০৪ চনৰ সমকামী সম্পৰ্কৰ ওপৰত আধাৰিত ছবি গাৰ্লফ্ৰেণ্ড, য’ত তেওঁ ইশা কপ্পিকাৰৰ বিপৰীতে অভিনয় কৰিছিল।[9]
২০০৭ চনত তেওঁ ফাৰাহ খানৰ ছবি ওম শান্তি ওমত এক বিশেষ চৰিত্ৰত অভিনয় কৰে, য’ত তেওঁ নিজৰ ভগ্নী আৰু প্ৰাক্তন ভিনিহিয়েক আৰবাজ খানৰ সৈতে "দেৱানগী দেৱানগী" গীতটোত অংশ লৈছিল। একে বছৰতে তেওঁ আফতাব শিৱদাসানী আৰু চেলিনা জেটলীৰ সৈতে স্পীড আৰু ৰেড° দ্য ডাৰ্ক চাইডতো অভিনয় কৰিছিল।
২০০৯ চনত তেওঁৰ দেহা আৰু টিম দ্য ফৰ্চ নামৰ ছবি দুখন মুক্তি লাভ কৰে। সেই একে বছৰতে তেওঁ সাজিদ নাদিয়াদৱালাৰদ্বাৰা প্ৰযোজিত কমবখত ইশ্কত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Catholic Khans". The Telegraph. 26 August 2007. https://www.telegraphindia.com/7-days/the-catholic-khans/cid/1535485। আহৰণ কৰা হৈছে: 6 January 2023.
- ↑ "Malaika Arora: 'As a good Catholic girl, I wait for Christmas with a heart brimming with excitement'". Free Press Journal. 23 December 2023. https://www.freepressjournal.in/weekend/malaika-arora-as-a-good-catholic-girl-i-wait-for-christmas-with-a-heart-brimming-with-excitement। আহৰণ কৰা হৈছে: 6 January 2023.
- ↑ "malaikaaroraofficial Insta page". malaikaaroraofficial Insta page. 26 August 2007. https://www.instagram.com/p/C_x_nKNtQAH/। আহৰণ কৰা হৈছে: 11 September 2024.
- ↑ "Chembur will always be our home". Mid-Day. 16 June 2006. Archived from the original on 3 July 2011. https://web.archive.org/web/20110703135015/http://www.mid-day.com/metro/2006/jun/139591.htm। আহৰণ কৰা হৈছে: 21 February 2011.
- ↑ Singh, Vajir (9 January 2008). "I come second in Usman's life, says Amrita Arora". Hindustan Times. https://www.hindustantimes.com/entertainment/i-come-second-in-usman-s-life-says-amrita-arora/story-cN1QJX5JDmfXyQmtxKUMiL.html। আহৰণ কৰা হৈছে: 5 January 2025.
- ↑ "Amrita Arora names her baby boy Rayaan". Bollywood Hungama. http://www.bollywoodhungama.com/celebrities/news/type/view/sort/What%27s_New/id/1577943। আহৰণ কৰা হৈছে: 1 August 2016.
- ↑ Amrita & Shakeel's celeb-studded wedding Times of India - 5 June 2009
- ↑ "Tribuneindia... Film and tv". www.tribuneindia.com. https://www.tribuneindia.com/1999/99jan10/sunday/filmtv.htm.
- ↑ "Meet Kareena Kapoor's BFF, Isha Koppikar's 'girlfriend', gave 13 flops, no solo hit; quit films after marriage, is now.." (en ভাষাত). dnaindia.com. https://www.dnaindia.com/bollywood/photo-gallery-meet-kareena-kapoor-bff-isha-koppikar-girlfriend-gave-13-flops-no-solo-hit-quit-films-marriage-amrita-arora-3105760/amrita-arora-isha-koppikar-girlfriend-3105763.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Amrita Arora সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- অমৃতা অৰোৰা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত অমৃতা অৰোৰা