সমললৈ যাওক

অমৃতা কাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অমৃতা কাক এগাৰকী বলীউডৰ গায়িকা, যিয়ে বহুকেইখন বলীউড চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰি আহিছে। তেওঁ ভাৰতীয় ৰাজনীতিবিদ বীনা কাকৰ কন্যা, আৰু ব্যৱসায়ী ৰিজু ঝুনঝুনৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1] অভিনেতা ছলমান খানে তেওঁক চলচ্চিত্ৰ জগতৰ সৈতে পৰিচয় কৰাই দিয়ে আৰু তেওঁলোকৰ ঘনিষ্ঠতাৰ বাবে তেওঁক চলমনৰ ৰাখী ভগ্নী বুলি কোৱা হয়।[2] চলমনৰ ছবিৰ বাবে তেওঁৰ বেছিভাগ গীত গাইছে। তেওঁ নিজাকৈ ফেশ্বন ব্ৰেণ্ড "অমৃতা দ্য লেবেল" আৰম্ভ কৰিছে।[3]

তেওঁ মেইনে প্যাৰ কিয়াৰ “জাষ্ট চিল চিল” ৰেডীৰ “কেৰেক্টাৰ ঢিলা”, বডীগাৰ্ডৰ “দেশী বিট”ৰ দৰে গীতৰ গায়িকা আছিল।[4][5][6] তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণো লৈছে।[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

অমৃতাৰ মাতৃ ভাৰতীয় ৰাজনীতিবিদ বীনা কাক। তেওঁৰ এজন ভাতৃ অংকুৰ কাক। অভিনেতা ছলমান খান তেওঁৰ ৰাখী ভাতৃ আৰু তেওঁৰ গুৰু। ২০১০ চনৰ ২৯ মে'ত ৰিজু ঝুনঝুনৱালাৰ সৈতে অমৃতাৰ বিবাহ হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]