সমললৈ যাওক

অমৃত মন্থন (১৯৩৪ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অমৃত মন্থন
পৰিচালক ভি শান্তাৰাম
ৰচনা নাৰায়ণ হৰি আপ্টে বীৰ মহম্মদ পুৰী
প্ৰযোজক প্ৰভাত ফিল্ম কোম্পানী
অভিনয়ত চন্দ্ৰ মোহন
নলিনী তৰখাদ
শান্তা আপ্টে
জি আৰ মানে
চিত্ৰগ্ৰহণকাৰী কেশৱৰাও ধেইবাৰ
সংগীত পৰিচালক কেশৱৰাও ভোলে
প্ৰযোজনা
কোম্পানী
প্ৰভাত ফিল্ম কোম্পানী
মুক্তি
১৯৩৪ (1934)
দৈৰ্ঘ্য
১৫৫ মিনিট
দেশ ভাৰত
ভাষা হিন্দী আৰু মাৰাঠী

অমৃত মন্থন (ইংৰাজী: Amrit Manthan) ১৯৩৪ চনত ভি শান্তৰামে তেওঁৰ প্ৰভাত ফিল্ম কোম্পানীৰ বাবে পৰিচালনা কৰা এখন ভাৰতীয় কষ্টিউম ড্ৰামা ছবি।[1] ছবিখন একেলগে হিন্দী আৰু মাৰাঠী ভাষাত নিৰ্মাণ কৰা হৈছিল।[2] ইয়াত অভিনয় কৰিছিল চন্দ্ৰ মোহন, নলিনী তৰ্খাদ, শান্তা আপ্তে, জি আৰ মানে, আৰু কেলকাৰে। নাৰায়ণ হৰি আপ্তেৰ ভাগ্যশ্ৰী উপন্যাসৰ আধাৰত ছবিখন নিৰ্মিত হৈছে।[3] হিন্দী অনুবাদৰ কাম কৰিছিল বীৰ মহম্মদ পুৰীয়ে, যিয়ে ছবিখনৰ গীতৰ কথাও লিখিছিল।

অমৃত মন্থনৰ আখ্যানটোত এজন সংস্কাৰবাদী ৰজাৰ কথা কোৱা হৈছে, যিয়ে নিজৰ ৰাজ্যত জীৱ-জন্তু আৰু মানুহৰ বলিদান নিষিদ্ধ কৰিছিল।[4]

সমগ্ৰ দেশতে ছবিখনে প্ৰচণ্ড সফলতা লাভ কৰিছিল। বম্বেৰ এটা ছবিগৃহ ত্ৰিশ সপ্তাহ ধৰি চলিছিল। প্ৰভাতৰ বিতৰক বাবুৰাও পাইয়ে "ৰূপালী জয়ন্তী" শব্দটোৰ উদ্ভাৱন কৰিছিল, যেতিয়া "অমৃত মন্থন"এ পঁচিশতম সপ্তাহ সম্পূৰ্ণ কৰিছিল। ৰূপালী জয়ন্তী ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত এয়ে আছিল প্ৰথম।[5][6]

নিৰ্মাণ

[সম্পাদনা কৰক]

ভি শান্তৰামে জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ নতুন কৌশল অধ্যয়ন কৰি অমৃত মন্থন নিৰ্মাণৰ সময়ত ইয়াৰ ব্যৱহাৰ কৰিছিল।[7] তেওঁ কেমেৰাটোক কম কোণত বৃত্তাকাৰ ট্ৰেকত ৰাখিছিল আৰু পোহৰ আৰু ছাঁৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিছিল। প্ৰভাত চলচ্চিত্ৰ কোম্পানীৰ নতুন চাউণ্ড প্ৰুফ ষ্টুডিঅ'ত নিৰ্মিত এইখন প্ৰথম ছবি আছিল আৰু ফাট্টেলালৰ কলা পৰিচালনাত দৰ্শনীয় চেট স্থাপন কৰা হৈছিল। ছবিখনৰ জৰিয়তে ভি শান্তৰামৰ হিন্দু ধৰ্মীয় উৎসৱ আৰু প্ৰাৰ্থনাত বলিদানৰ প্ৰথা নাইকীয়া কৰাৰ হকে ওকালতি কৰাৰ প্ৰয়াস দেখা যায়।[8] দুৰ্গা খোটেক ছবিজগতলৈ লৈ অনা ভি শান্তাৰামে অমৃত মন্থনত চন্দ্ৰ মোহনক চিনাকি কৰাই দিছিল।[9] চন্দ্ৰ মোহনক ভাৰতীয় পৰ্দাৰ অন্যতম শীৰ্ষ অভিনেতা হিচাপে গণ্য কৰা হয়।

ছবিখনে প্ৰথমবাৰৰ বাবে এটা ছবিগৃহত পঁচিশ সপ্তাহতকৈ (ৰূপালী জয়ন্তী) অধিক কাল চলিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. CITWF. "Amrit Manthan 1934". citwf.com. http://www.citwf.com/film14348.htm আহৰণ কৰা হৈছে: 20 August 2014.
  2. Banerjee, Srivastava (2013). Hundred Indian Feature Films: An Annotated Filmography. Routledge. ISBN 9781135841058. https://books.google.com/books?id=rVDaAAAAQBAJ&pg=PA31 আহৰণ কৰা হৈছে: 20 August 2014.
  3. Chandra, Balakrishnan, Pali, Vijay Kumar. "Amrit Manthan 1934". indiavideo.org. http://www.indiavideo.org/cinema/amrit-manthan-7371.php আহৰণ কৰা হৈছে: 20 August 2014.
  4. Jasraj, Madhura Pandit (15 July 2015) (en ভাষাত). V. Shantaram: The Man Who Changed Indian Cinema. প্ৰকাশক India: Hay House, Inc. ISBN 978-93-84544-41-6. https://books.google.com/books?id=M4eCCwAAQBAJ&q=Amritmanthan%20%22animals%22&pg=PT149.
  5. Jasraj, Madhura Pandit (15 July 2015) (en ভাষাত). V. Shantaram: The Man Who Changed Indian Cinema. প্ৰকাশক India: Hay House, Inc. ISBN 978-93-84544-41-6. https://books.google.com/books?id=M4eCCwAAQBAJ&q=Amritmanthan%20%22animals%22&pg=PT149.
  6. "Films of Prabhat Film Company". prabhatfilm.com. http://prabhatfilm.com/films.htm আহৰণ কৰা হৈছে: 25 January 2021.[সংযোগবিহীন উৎস]
  7. "India 1931–1940". moviemoviesite.com. Archived from the original on 23 October 2015. https://web.archive.org/web/20151023074742/http://www.moviemoviesite.com/Countries/Countries%20I/India/india_1931_1940.htm আহৰণ কৰা হৈছে: 17 October 2015.
  8. Chowdhry, Prem (2000). Colonial India and the Making of Empire Cinema: Image, Ideology and Identity. প্ৰকাশক UK: Manchester University Press. ISBN 9780719057922. https://books.google.com/books?id=1UNph7mAT2YC&pg=PA140 আহৰণ কৰা হৈছে: 20 August 2014.
  9. Lal, S. (2008). 50 Magnificent Indians of the 20Th Century. প্ৰকাশক India: Jaico Publishing House. ISBN 9788179926987.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]