সমললৈ যাওক

অম্বিকা বেৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অম্বিকা বেৰী
জন্ম অম্বিকা সুবেৰৱাল
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা আৰ্ট গেলেৰীৰ মালিক
জনা যায় শিল্পীসকলৰ বাবে এটা ৰিট্ৰিট স্থাপন কৰা

অম্বিকা বেৰী ইংৰাজী: : Ambica Beri ; জন্ম অম্বিকা সুবেৰৱাল , এগৰাকী ভাৰতীয় আৰ্ট গেলেৰীৰ মালিক। তেওঁ শিল্পীসকলৰ বাবে এটি প্ৰশান্তি স্থান স্থাপন কৰিছিল।

ৰিট্ৰিট বা প্ৰশান্তি স্থান বা সৃষ্টিশীল আশ্ৰয়স্থল প্ৰতিষ্ঠা কৰাৰ বাবে ২০১৮ চনত নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল।

অম্বিকা সুবেৰৱালে এগৰাকী মহিলা হিচাপে শিল্পৰ প্ৰতি আগ্ৰহী আছিল। তেওঁৰ পিতৃ এজন স্থপতিবিদ আছিল।[1]

বেৰীক আৰ্ট গেলেৰীৰ মালিক হিচাপে জনা যায়।[2] তেওঁৰ গেলেৰীখন প্ৰায় ১৯৯০ চনত মুকলি হয় আৰু ইয়াক গেলেৰী সংস্কৃত নামেৰে জনা যায় আৰু ই কলকাতাত আছে।[1]

বেৰীয়ে শিল্পীসকলৰ বাবে এটা প্ৰশান্তি স্থান স্থাপন কৰে।[2] ইয়াৰ নাম "আৰ্ট ইচোল" আৰু ইয়াক "শিল্পী, লেখক আৰু ভাস্কৰ্য্যশিল্পীৰ বাবে ভাৰতৰ একমাত্ৰ স্থায়ী সৃষ্টিশীল আশ্ৰয়স্থল" বুলি কোৱা হৈছিল। এই ৰিট্ৰিটটো খাজুৰাহো পৰ্যটন এলেকাৰ পৰা ১৪০ কিলোমিটাৰ দূৰত্বত থকা ইচাল নামৰ সৰু গাঁওখনত অৱস্থিত।[3]

বেৰীয়ে মাইহাৰত বাস কৰা বঙালী সৰোদবাদক, বহু বাদ্যযন্ত্ৰবাদক আৰু সুৰকাৰ আল্লাউদ্দিন খানৰ ঘৰ পুনৰ নিৰ্মাণ কৰিছিল। এই ঘৰটোৰ তিনিটা অংশৰ ভিতৰত এটা অংশ গঠন কৰে - বাকী দুটা অংশ হৈছে, এটা শিল্পীসকলৰ ৰিট্ৰিট আৰু আন টো অংশ আমাৰিয়া, লেখকসকলৰ বাবে।[4] এই স্থানত তিনি একৰ ভাস্কৰ্য্য উদ্যান আছে যিখন বিভিন্ন ধৰনৰ প্ৰদৰ্শিত কামৰে ভৰপূৰ আৰু ইয়াত আল্লাউদ্দিন খানৰ মূৰ্তিও আছে।[1]

বেৰীয়ে ২০১৮ চনত নাৰী শক্তিৰ নামেৰে জনাজাত "মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান" লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ২০১৮ তাৰিখে বেৰীক নাৰী শক্তিৰ সন্মান প্ৰদান কৰা হয়।[5][2] নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত (ৰাষ্ট্ৰপতি ভৱন) ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মনেকা সঞ্জয় গান্ধীয়েও অংশগ্ৰহণ কৰি এই বঁটা প্ৰদান কৰে। সেই বছৰ প্ৰায় ৩০ জন লোক আৰু ৯ টা সংস্থাক সন্মান জনোৱা হয় আৰু এই বঁটা আৰু ১ লাখ ডলাৰকৈ পুৰস্কাৰ লাভ কৰে।[6][7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Ambica Beri's Art Ichol: A creative retreat for artists, writers & sculptors in Madhya Pradesh". The Economic Times. https://economictimes.indiatimes.com/magazines/panache/ambica-beris-art-ichol-a-creative-retreat-for-artists-writers-sculptors-in-madhya-pradesh/articleshow/47658366.cms. 
  2. 2.0 2.1 2.2 "Meet Ms. Ambika Beri, #NariShakti Puraskar 2017 awardee.". PIB India. 7 March 2018. https://twitter.com/PIB_India/status/971376531334287360/photo/1। আহৰণ কৰা হৈছে: 14 January 2021. 
  3. "India crowns up Sheroes with 'Nari Shakti Puraskar' to mark Int'l Women's Day" (en ভাষাত). www.newsbharati.com. https://www.newsbharati.com/Encyc/2018/3/8/Nari-Shakti-Puraskar-.html। আহৰণ কৰা হৈছে: 2021-01-14. 
  4. "Judge, Doctor, Scholar, Conservationist: 10 Women Honored at Rashtrapati Bhavan" (en-US ভাষাত). The Better India. 2018-03-08. https://www.thebetterindia.com/133733/judge-doctor-scholar-conservationist-10-women-honored-rashtrapati-bhavan/। আহৰণ কৰা হৈছে: 2021-01-14. 
  5. "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. http://narishaktipuraskar.wcd.gov.in/gallery। আহৰণ কৰা হৈছে: 2021-01-13. 
  6. "On International Women's Day, the President conferred the prestigious Nari Shakti Puraskars to 30 eminent women and 9 distinguished Institutions for the year 2017". pib.gov.in. https://pib.gov.in/Pressreleaseshare.aspx?PRID=1523402। আহৰণ কৰা হৈছে: 2021-01-14. 
  7. "International Women's Day: President Kovind honours 39 achievers with 'Nari Shakti Puraskar'". The New Indian Express. 9 March 2018. https://www.newindianexpress.com/nation/2018/mar/09/international-womens-day-president-kovind-honours-39-achievers-with-nari-shakti-puraskar-1784159.html। আহৰণ কৰা হৈছে: 2021-01-08.