অম্মু স্বামীনাথন
অম্মু স্বামীানাথন | |
---|---|
![]() | |
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ১৯৫১ – ১৯৫৭ | |
প্ৰধানমন্ত্ৰী | পণ্ডিত জৱাহৰলাল নেহৰু |
পূৰ্বসূৰী | কাৰ্যালয় প্ৰতিষ্ঠা |
উত্তৰসূৰী | এম গোলাম মহিদিন |
সমষ্টি | দিনদিগুল |
ভাৰত স্কাউট আৰু গায়ডৰ সভাপতি | |
কাৰ্যকাল ১৯৬০ নৱেম্বৰ – ১৯৬৫ মাৰ্চ | |
পূৰ্বসূৰী | মংগল দাস পকভাষা |
উত্তৰসূৰী | ভুৱনেশ্বৰ প্ৰসাদ সিনহাৰ ন্যায়াধীশ |
ব্যক্তিগত তথ্য | |
জন্ম | ২২ এপ্ৰিল, ১৮৯৪ অনাক্কাৰা, মালাবাৰ জিলা, মাদ্ৰাছ |
মৃত্যু | ০৪ জুলাই, ১৯৭৮ (৮৪ বছৰ) পালাক্কাড়, কেৰেলা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | সুব্ৰামা স্বামীনাথন |
জীৱিকা | ৰাজনীতিক |
অম্মু স্বামীনাথন বা এ ভি আম্মাকুটি[1](ইংৰাজী: Ammu Swaminathan or A. V. Ammakuti, ২২ এপ্ৰিল ১৮৯৪ – ৪ জুলাই ১৯৭৮) ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ৰাজনৈতিক কৰ্মী৷ তেওঁ ভাৰতৰ সংবিধান সভাৰ সদস্য আছিল।
জীৱন
[সম্পাদনা কৰক]অম্মু স্বামীনাথনৰ চাৰিটা সন্তান আছিল, যাৰ ভিতৰত ১৯৬৯ চনৰ পৰা ১৯৭৬ চনলৈকে তামিলনাডুৰ এডভোকেট জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰা গোবিন্দ স্বামীনাধন[2], কেপ্তেইন-চিকিৎসক লক্ষ্মী স্বামীনাথন (১৯১৪-২০১২),ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিপ্লৱী আৰু এগৰাকী ভাৰতীয় সেনাৰ বিষয়া।[3] কেপ্তেইন লক্ষ্মী স্বামীনাথন ৰাজ্যসভাৰ সদস্যও আছিল আৰু ২০০২ চনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছিল।[4]তেওঁৰ স্বামী হৈছে সুব্ৰামা স্বামীনাথন৷ তেওঁ এটা মধ্যবিত্তীয় কেৰালা আয়েৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল৷ তেওঁ প্ৰাথমিক জীৱনত শিক্ষা লাভৰ বাবে আৰু নিজৰ পৰিস্থিতিৰ ঊৰ্ধলৈ যাবলৈ যথেষ্ট সংগ্ৰাম কৰিছিল। তেওঁ এডিনবাৰ্গ আৰু লণ্ডন বিশ্ববিদ্যালয়ত বৃত্তি লৈ অধ্যয়ন কৰিছিল। বিদেশত দীৰ্ঘদিনীয়া থকাৰ বাবে আৰু আৰ্থিক অৱস্থাৰ বাবে ৩০ বছৰৰ মাজভাগলৈকে বিয়া হ’ব পৰা নাছিল। অতি কম বয়সীয়া আৰু আশ্ৰয়প্ৰাপ্ত অম্মুৰ আগমনে চুব্বৰামাৰ গভীৰ আৱেগিক প্ৰয়োজন পূৰণ কৰিলে আৰু তেওঁ জীৱনৰ এক বৃহৎ অংশ সকলো প্ৰকাৰে তাইৰ বিকাশক লালন-পালন কৰাত উচৰ্গা কৰিলে। তেওঁ পিছৰ সময়ত লণ্ডনৰ এটা পঞ্জীয়ন কাৰ্যালয়ত অম্মুক আনুষ্ঠানিকভাৱে বিয়া কৰাইছিল। ১৯৭৫ চনত আন্তঃৰাষ্ট্ৰীয় নাৰী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত ‘মাদাৰ অৱ দ্য ইয়েৰ’ হিচাপে নিৰ্বাচিত হৈছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Gupta, Smita (2012). "Comrade Lakshmi Sahgal (1914–2012): Revolutionary, a true daughter of India". Social Scientist খণ্ড 40 (9/10): 85–89. https://www.jstor.org/stable/23338888। আহৰণ কৰা হৈছে: 20 November 2021.
- ↑ "The Hindu : Govind Swaminadhan passes away". 13 January 2004. http://www.thehindu.com/2003/10/01/stories/2003100105741100.htm.
- ↑ Kolappan, B. (24 July 2012). "A fulfilling journey that began in Madras" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/cities/chennai/a-fulfilling-journey-that-began-in-madras/article3675707.ece.
- ↑ Menon, Parvathi (23 July 2012). "Captain Lakshmi Sahgal (1914 - 2012) - A life of struggle" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/captain-lakshmi-sahgal-1914-2012-a-life-of-struggle/article3672666.ece.