সমললৈ যাওক

অম্ৰুতা সুভাষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অম্ৰুতা সুভাষ

২০২১ চনত সুভাষ
জন্ম অম্ৰুতা সুভাষচন্দ্ৰ ধেমব্ৰে
১৩ মে’[1]
মুম্বাই, মহাৰাষ্ট্ৰ[2]
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৭- বৰ্তমান
দাম্পত্যসঙ্গী সন্দেশ কুলকাৰ্ণী (বি. ২০০৩)[3]


অম্ৰুতা (ইংৰাজী: Amruta Subhash ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন, আৰু থিয়েটাৰত কাম কৰে। তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক।[4] অম্ৰুতাই কেইবাটাও বঁটা লাভ কৰিছে, তাৰ ভিতৰত আছে- এটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা,[5] দুটা ফিল্মফেয়াৰ বঁটা, আৰু এটা ফিল্মফেয়াৰ অ'টিটি বঁটা।[6][7]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সুভাষে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি আৰু ২০০৪ চনৰ ভাৰতৰ পৰা অস্কাৰৰ বিদেশী ভাষাৰ ছবিৰ আধিকাৰিক প্ৰৱিষ্টি লাভ কৰা শ্বাসৰ জৰিয়তে প্ৰথম অভিনয় কৰে।[8]

২০১৩ চনত মাৰাঠী ছবি আস্তুত[5] অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পায়। তেওঁ বিশ্বজুৰি বিভিন্ন বঁটা লাভ কৰা বহুতো সমালোচকৰ প্ৰশংসিত ছবিত অভিনয় কৰিছে [9][10]

তেওঁ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত ধ্ৰুপদী গায়িকাও, যিয়ে বহু কেইখন মাৰাঠী ছবিত কণ্ঠদান কৰিছে।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]