সমললৈ যাওক

অমৰজীত কৌৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অমৰজীত কৌৰ
সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদক।
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১১ ডিচেম্বৰ ২০১৭
পূৰ্বসূৰী গুৰুদাস দাসগুপ্ত
ব্যক্তিগত তথ্য
জন্ম ২ এপ্ৰিল, ১৯৫২ (৭৩ বছৰ)
পাঞ্জাব, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি
শিক্ষা এম এছ চি পদাৰ্থ বিজ্ঞান, এল এল বি
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়
পেচা ট্ৰেড ইউনিয়নবাদী, ৰাজনীতিবিদ

অমৰজীত কৌৰ (ইংৰাজী: : Amarjeet Kaur ; জন্ম: ২ এপ্ৰিল ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ কমিউনিষ্ট দলৰ ৰাষ্ট্ৰীয় সচিবালয়ৰ সদস্য আছিল।[1]তেওঁ সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা হিচাপেও কাৰ্য্য নিৰ্বাহ কৰিছিল। ১৯৩৬ চনত মণিবেন কাৰা এ আই টি ইউ চিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাবে খ্যাতি অৰ্জন কৰে যিয়ে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন এটাৰ নেতৃত্বত আছিল।[2]

কৌৰে ১৯৭৯ চনৰ পৰা সাত বছৰৰ বাবে সৰ্বভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ (AISF) দ্বিতীয়গৰাকী মহিলা সাধাৰণ সম্পাদিকা হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল আৰু ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে ৰাষ্ট্ৰীয় ভাৰতীয় মহিলা ফেডাৰেচনৰ (NFIW) সাধাৰণ সম্পাদিকা হিচাপেও মহিলা সকলক নেতৃত্ব দিছিল।[3] ১৯৯৪ চনৰ পৰা ২০১৭ চনলৈকে এআইটিইউচিৰ ৰাষ্ট্ৰীয় সম্পাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে ১৯৭২ চনত মূল্যবৃদ্ধিৰ বাবে চিপিআইৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে দিল্লীত ১০ দিনৰ কাৰাদণ্ড, আৰু ১৯৭৭ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ দাঙ্গাক লৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া ইসলামিয়া বিশ্ববিদ্যালয়ৰ যৌথ প্ৰতিবাদৰ বাবে চাৰিদিন কাৰাগাৰত বন্দী হৈ আছিল।

জন্ম আৰু শিক্ষা ১৯৫২ চনৰ ২ এপ্ৰিলত ভাৰতৰ পাঞ্জাৱত অমৰজীত কৌৰ জন্ম হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি পদাৰ্থ বিজ্ঞান, আৰু এল এল বি ডিগ্ৰী লৈছিল।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]