সমললৈ যাওক

অমৰেশ দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অমৰেশ দত্ত (ইংৰাজী: Amaresh Datta) হ'ল ইংৰাজী সাহিত্যৰ এজন ভাৰতীয় পণ্ডিত। সাহিত্য অকাডেমি‍ৰ দ্বাৰা প্ৰকাশিত ভাৰতীয় সাহিত্যৰ বিশ্বকোষ খনৰ তেখেত আছিল মুখ্য সম্পাদক।[1]

দত্তই ১৯৫০ চনৰ আৰম্ভণিতে মধ্যপ্ৰদেশৰ সাগৰ বিশ্ববিদ্যালয়ত শি‍ক্ষকতাৰ জীৱন আৰম্ভ কৰে। দত্তই ২০ বছৰ কাল গৌহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পাছত ১৯৮০ চনত ডীন হিচাপে অৱসৰ গ্ৰহণ কৰে৷ বিশ্ববিদ্যালয়ে তেখেতক এমেৰিটাছ অধ্যাপক হিচাপে সন্মানিত কৰিছিল৷[2] ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰো তেখেত ইংৰাজী বিভাগৰ মুৰব্বী আছিল। অসম বিশ্ববিদ্যালয়, শিলচৰৰ পৰা তেখেতে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।[1]

তেখেতক শ্বেক্সপীয়েৰৰ কৰ্তৃত্বশীল প্ৰবক্তা হিচাপে গণ্য কৰা হয়; শ্বেক্সপীয়েৰচ ট্ৰেজিক ভিজন এণ্ড আৰ্ট (১৯৬৩) নামৰ তেখেতৰ প্ৰকাশিত গ্ৰন্থখনক সমালোচকে প্ৰশংসা কৰিছে৷[2] এক পৰ্যালোচনাত মেডেলিন ড’ৰানে কিতাপখনক “সতেজভাৱে পুৰণি সাঁচ”ৰ আৰু গভীৰভাৱে উপলব্ধিশীল বুলি অভিহিত কৰিছে, ব্যক্তিগত ট্ৰেজেডীৰ ওপৰত বহু নতুন অন্তৰ্দৃষ্টি আগ বঢ়োৱা হৈছে আৰু যুক্তিৰ বৃত্তাকাৰতাক এটা মৌলিক দুৰ্বলতা হিচাপেও উল্লেখ কৰা হৈছে৷[3]

তেখেতৰ কেপটিভ মমেণ্টছ (১৯৭১) নামৰ কবিতা সংকলন এখন প্ৰকাশিত হৈছিল আৰু কবিতাৰ বাবে তেখেতক ৰোমৰ আন্তৰ্জাতিক কবিতা সংস্থাই সন্মানিত কৰিছিল৷[4]

২০১০ চনত তেখেতে কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল৷[1] ২০১৮ চনত কৃষ্ণকান্ত সন্দিকৈ‍ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আগবঢ়োৱা কৃষ্ণকান্ত সন্দিকৈ‍ ৰাষ্ট্ৰীয় বঁটা তেখেতে লাভ কৰে৷[5]

২০২০ চনৰ ৬ আগষ্ট তাৰিখে তেখেতৰ মৃত্যু হয়৷ তেখেতৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে৷[2]

গ্ৰন্থপঞ্জি

[সম্পাদনা কৰক]

অমৰেশ দত্তৰ প্ৰকাশিত ৰচনাসমূহৰ ভিতৰত আছে-

  • Captive Moments (1971)
  • Time's Harvest: A Cycle of Poems and Drawings Based on the Ramayana and the Mahabharata (1996)
  • Lotus and the Cross (1997)
  • Mysticism in Poetry
  • India's Cultural Unity-Fact and Fiction
  • Poetry, Religion and Culture and Sri Sankar Dev
  • Banaprastha (2008)
  • Comedy: a Rhetorical Fiction: Five Essays on Shakespeare's Comedies
  • In the Valley of Time and Tide

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Jaiswal, Umanand (7 August 2020). "Scholar Amaresh Datta passes away". The Telegraph (Kolkata). https://www.telegraphindia.com/north-east/scholar-amaresh-datta-passes-away/cid/1788425। আহৰণ কৰা হৈছে: 8 January 2023. 
  2. 2.0 2.1 2.2 "Eminent academician Amaresh Dutta dies in Assam's Dibrugarh". The Indian Express. 6 August 2020. https://indianexpress.com/article/books-and-literature/amaresh-dutta-dies-assam-dibrugarh-6542861/. 
  3. Doran, Madeleine (1965). "Review of Shakespeare's Tragic Vision and Art". Shakespeare Quarterly (Oxford University Press) খণ্ড 16 (4): 351–353. doi:10.2307/2867673. ISSN 0037-3222. 
  4. Chandra, N. D. R.; Das, Nigamananda (2007). Ecology, Myth, and Mystery: Contemporary Poetry in English from Northeast India. Sarup & Sons. পৃষ্ঠা. 5. ISBN 978-81-7625-742-8. https://books.google.com/books?id=Cfg6fjTBK1cC. 
  5. "Assam's Professor Emeritus Dr. Amaresh Dutta passes away at 102". The Sentinel. 6 August 2020. https://www.sentinelassam.com/north-east-india-news/assam-news/assams-professor-emeritus-dr-amaresh-dutta-passes-away-at-102-493542.