অমৰ চিত্ৰ কথা
![]() অমৰ চিত্ৰ কথাৰ আনুষ্ঠানিক ল'গ' | |
| পূৰ্বৰ সংস্থা/কোম্পানী | অমৰ চিত্ৰ কথা প্ৰাইভেট লিমিটেড |
|---|---|
| স্থিতি | সক্ৰিয় |
| স্থাপিত | ১৯৬৭ |
| প্ৰতিষ্ঠাপক | অনন্ত পেই |
| দেশ | ভাৰত |
| মুখ্য কাৰ্যালয় | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| মুখ্য বিষয়া আৰু কৰ্মদল | প্ৰীতি ব্যাস (অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া) ৰীণা আই পুৰী (মুখ্য সম্পাদক) |
| প্ৰকাশৰ প্ৰকাৰ | |
| কল্প-কাহিনীৰ প্ৰকাৰ | *পৌৰাণিক |
| আনুষ্ঠানিক ৱেবছাইট | www |
অমৰ চিত্ৰ কথা (ইংৰাজী: Amar Chitra Katha (ACK Comics) ভাৰতৰ মুম্বাইত অৱস্থিত ভাৰতীয় কমিক বুক প্ৰকাশন গোষ্ঠী। ১৯৬৭ চনত অনন্ত পাইয়ে এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ অধিকাংশ কমিক ধৰ্মীয় কিংবদন্তি আৰু মহাকাব্য, ঐতিহাসিক ব্যক্তি আৰু জীৱনী, লোককথা আৰু সাংস্কৃতিক কাহিনীৰ ওপৰত আধাৰিত।
সৃষ্টি আৰু প্ৰভাৱ
[সম্পাদনা কৰক]ভাৰতীয় শিশুসকলক তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে শিকোৱাৰ প্ৰয়াসত অনন্ত পাইয়ে কমিক ছিৰিজখন আৰম্ভ কৰিছিল । ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে গ্ৰীক আৰু ৰোমান পৌৰাণিক কাহিনীৰ প্ৰশ্নৰ উত্তৰ দিব পাৰে, কিন্তু নিজৰ ইতিহাস, পৌৰাণিক কাহিনী আৰু লোককথাৰ বিষয়ে অজ্ঞাত বুলি জানি তেওঁ স্তম্ভিত হৈ পৰিছিল। ১৯৬৭ চনৰ ফেব্ৰুৱাৰী মাহত দূৰদৰ্শনত এখন কুইজ প্ৰতিযোগিতা প্ৰচাৰিত হয়, য'ত অংশগ্ৰহণকাৰীসকলে গ্ৰীক পৌৰাণিক কাহিনীৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰ সহজেই দিব পাৰিছিল, কিন্তু "ৰামায়ণত ৰামৰ মাতৃ কোন আছিল?"-সেয়া নাজানিছিল৷[1][2]
ইন্দ্ৰজাল কমিক্স ত্যাগ কৰাৰ পিছত অনন্ত পাইয়ে ৰেড ৰাইডিং হুড, স্নো হোৱাইট আৰু চেভেন ড্ৱাৰ্ফছ, জেক এণ্ড দ্য বিনষ্টাক আৰু পিনোকিঅ’ আদি ১০ খন আমেৰিকান সাধুকথাৰ অধিকাৰ ক্ৰয় কৰি অমৰ চিত্ৰ কথা (এ চি কে) আৰম্ভ কৰে। এ চি কেত দ্বাৰা মুক্তি পোৱা প্ৰথম ভাৰতীয় কমিক আছিল কৃষ্ণ (ক্ৰমিক নম্বৰ #১১)[3]
ওপৰৰ কাহিনীটো হৈছে ACK য়ে নিজে আগবঢ়োৱা সংস্কৰণ। কিন্তু আউটলুক আলোচনীয়ে এক পৰস্পৰ বিৰোধী মতামত দাঙি ধৰিছে যে অমৰ চিত্ৰ কথাৰ ধাৰণা আৰু প্ৰস্তাৱ জি কে অনন্ত্ৰম নামৰ বাংগালুৰুৰ গ্ৰন্থ বিক্ৰেতাই দিছিল যাৰ ফলত ১৯৬৫ চনত প্ৰথম অমৰ চিত্ৰ কথা কমিক্স কন্নড় ভাষাত প্ৰস্তুত হৈছিল— ইংৰাজী ভাষাত নহয়।অনন্ত্ৰামে স্পষ্ট কৰি দিয়ে যে ইংৰাজীত প্ৰকাশিত এচিকেৰ শিৰোনামবোৰ এঘাৰ নম্বৰৰ পৰা আৰম্ভ হয় কাৰণ প্ৰথম দহটা কানাড়া ভাষাত আছিল। অনন্ত্ৰামৰ পৃষ্ঠপোষকতাত ১৯৬৫ চনৰ কানাড়া এ চি কে উদ্যোগটোৱে ব্যৱসায়িকভাৱে এক বৃহৎ সফলতা লাভ কৰিছিল যাৰ ফলত মুম্বাইৰ মুখ্য কাৰ্যালয়ত মিৰচান্দনীয়ে ইংৰাজী ভাষাত অমৰ চিত্ৰ কথাৰ ধাৰণাটো অনুসৰণ কৰিছিল। "তেওঁলোকে অনন্ত পাইক আনিলে"-অনন্ত্ৰামে এইদৰে কয়। তেওঁ কয়-"...আৰু (অনন্ত পায়ে) তেওঁ এটা শক্তিশালী দল আৰু এটা ডাঙৰ ব্ৰেণ্ড গঢ়ি তুলিছিল।"[4]
১৯৭০ চনৰ শেষৰ ফালে এচিকেয়ে বছৰি ৫০ লাখ কপি বিক্ৰী হৈছিল আৰু মাহে প্ৰায় ৭ লাখ কপি বিক্ৰী হৈছিল। ইণ্ডিয়া বুক হাউছে ১৯৭৫ চনৰ ভিতৰত মাহত কমেও এখন কমিক বুক উলিয়াই আনিবলৈ আৰম্ভ কৰে, আৰু কেতিয়াবা তাৰ সংখ্যা তিনিখনলৈ বাঢ়ে৷ প্ৰথম অৱস্থাত পাইয়ে কেইটামান গল্প নিজেই লিখিছিল যদিও অতি সোনকালেই তেওঁ লেখক আৰু সম্পাদকৰ এটা মূল দল নিয়োগ কৰিছিল, য'ত চুব্বা ৰাও, লুইছ ফাৰ্নাণ্ডেছ আৰু কমলা চন্দ্ৰকান্ত আছিল, যিসকলে কমিক বুকত ইতিহাসৰ প্ৰামাণ্যতা আৰু সুষম চিত্ৰণৰ প্ৰচেষ্টাৰ বাবে দায়বদ্ধ আছিল৷ তেওঁলোক অমৰ চিত্ৰ কথাৰ চিনাকি হৈ পৰিছিল।[5] মাৰ্গী শাস্ত্ৰী, দেবৰাণী মিত্ৰ আৰু চি.আৰ শৰ্মাৰ দৰে লেখকেও অমৰ চিত্ৰ কথাৰ সৃষ্টিশীল দলত যোগদান কৰে, অনন্ত পাইয়ে বেছিভাগ সময়তে সম্পাদক আৰু সহ-লেখকৰ ভূমিকা গ্ৰহণ কৰে। উল্লেখযোগ্য চিত্ৰকৰসকল আছিল ৰাম ৱায়েৰকাৰ, যিয়ে অমৰ চিত্ৰ কথাৰ প্ৰথম সংখ্যাৰ চিত্ৰ অংকন কৰিছিল৷ ইয়াৰোপৰি দিলীপ কদম, চি এম ভিটাংকৰ, সঞ্জীৱ ৱায়েৰকাৰ, সৌৰেন ৰয়, চি.ডি ৰানে, অশোক ডংগ্ৰে, ভি.বি. হালবে, জেফ্ৰি ফাউলাৰ, প্ৰতাপ মুলিক আৰু ইউছুফ লিয়েন ওৰফে ইউছুফ বেংগালুৰুৱালা আদি অমৰ চিত্ৰ কথাৰ মুখ্য কৰ্মীদলত অন্তৰ্ভুক্ত আছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Now, Amar Chitra Katha gets even younger Vijay Singh, TNN, The Times of India, 16 October 2009.
- ↑ The World of Amar Chitra Katha Media and the Transformation of Religion in South Asia, by Lawrence A Babb, Susan S. Wadley. Motilal Banarsidass Publ., 1998. আই.এচ.বি.এন. 81-208-1453-3. Chapt. 4, p. 76-86.
- ↑ Parthasarathy, Anusha (2011-12-26). "The serious side of comics" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/the-serious-side-of-comics/article2749640.ece.
- ↑ A Pandit Had A Dream ... Outlook India Magazine, 21 March 2011. Retrieved 17 September 2011
- ↑ Rao, Aruna (2001). "From Self-Knowledge to Super Heroes: The Story of Indian Comics". In John A. Lent (ed.). Illustrating Asia: Comics, Humor Magazines, and Picture Books. University of Hawaii Press. p. 37–63. আই.এচ.বি.এন. 978-0-8248-2471-6. Retrieved 17 April 2012.
- ↑ For a short biography of Anant Pai, Kamala Chandrakant, Subba Rao, Margie Sastry, Ram Waeerkar, Pratap Mulick, see Norbert Barth, "India Book House and Amar Chitra Katha (1970–2002)", Wuerzburg 2008, p.47-59.
