সমললৈ যাওক

অয়লা (পানীয়)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অয়লা

অয়লা পৰিৱেশন কৰিবলৈ ব্যৱহাৰ কৰা পৰম্পৰাগত পাত্ৰ
প্ৰকাৰ সুৰা
উৎপত্তিৰ স্থান নেপাল[উদ্ধৃতিৰ প্ৰয়োজন]
মুখ্য উপাদান ভাত, শস্য আৰু বজৰা

অয়লা (নেপালী: अयला) নেপালৰ এবিধ পৰম্পৰাগত পানীয়; ভাত, আন শস্য আৰু বজৰা আদিৰ পৰা কিন্বন পদ্ধতিৰে উপাদানসমূহ ডিষ্টিলেচন কৰি প্ৰস্তুত কৰা ই এক নেৱাৰী পানীয়। সাধাৰণ মদ্যপানৰ উপৰি অয়লা নেপালৰ উৎসৱৰ এক গুৰুত্বপূৰ্ণ অংশ।[1] এই সুৰা সাধাৰণতে ঘৰতে তৈয়াৰ কৰা হয় আৰু পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা হয়। নেপালত ইয়াৰ প্ৰস্তুতি এতিয়াও বাণিজ্যিক নহয়, অৱশ্যে ইয়াক নেৱা খাদ্য পৰিৱেশন কৰা ৰেষ্টুৰেণ্টত বিক্ৰী কৰা হয়।[2] ইয়াক স্থানীয় নেৱাৰী ৰেষ্টুৰেণ্টত কিনিব পাৰি।[3] চিএনএনে ইয়াক "বিশ্বৰ ৫০টা আটাইতকৈ সুস্বাদু পানীয়"ৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰিছে।[4]

প্ৰস্তুতি

[সম্পাদনা কৰক]

সাধাৰণতে যিকোনো উৎসৱ বা সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ আগত নেৱাৰী মানুহে ঘৰতে অয়লা প্ৰস্তুত কৰে। সিজোৱা চাউলৰ লগতে আন বহুতো উপাদান স্থানীয় জৈৱিক কিন্বন যৌগ মাৰ্চাৰ সৈতে মিহলাই কমেও চাৰিৰপৰা পাঁচ দিন কিন্বন কৰি উৎকৃষ্ট মানৰ অয়লা প্ৰস্তুত কৰাটো নিশ্চিত কৰা হয়। আৰু অধিক শক্তিশালী সোৱাদৰ বাবে চাউলৰ সলনি বজৰা ব্যৱহাৰ কৰা হয়।[5] সামগ্ৰীসমূহ ডিষ্টিলেচনৰ পিছত চূড়ান্ত উৎপাদন পোৱা যায়। ইয়াৰ বাবে বিশেষভাৱে ডিজাইন কৰা পৰম্পৰাগত মাটি আৰু তামৰ পাত্ৰ ব্যৱহাৰ কৰি এই কাম কৰা হয়। কেঁচা সামগ্ৰী কিন্বন কৰা মিশ্ৰণটো কাঠৰ জুইৰ চৌকাত সিজাই লোৱা হয়।[6] শিখাৰ উষ্ণতা আৰু শীতল পানীয়েই এই পানীয়ৰ ডিষ্টিলেচনৰ সময়ত গুণগত মান নিয়ন্ত্ৰণ কৰা দুটা কাৰক।

ধৰ্মীয় তাৎপৰ্য

[সম্পাদনা কৰক]

নেৱাৰী সংস্কৃতিত সামাজিকভাৱে সুৰা সেৱন কেৱল অনুমোদিতই নহয়, সাধাৰণতে ইয়াৰ বাবে উৎসাহিত কৰা হয়। তান্ত্ৰিক পৰম্পৰাৰদ্বাৰা প্ৰচাৰিত এই ধৰ্মীয় প্ৰথা। তান্ত্ৰিক পদ্ধতি অনুসৰি খাদ্যক তিনিটা ভাগত ভাগ কৰা হয়: মাংস, মৎস আৰু মদ্য (মদ্যপান)। বিশ্বাস কৰা হয় যে, মদ আগবঢ়ালে তান্ত্ৰিক দেৱতাসকলক সন্তুষ্ট কৰিব পৰা যায়, যিয়ে পাছলৈ অনুগামীসকলক শুভকামনা প্ৰদান কৰে।[7] প্ৰতিটো ধৰ্মীয় উৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আগতে প্ৰথমে অয়লা দেৱতাক অৰ্পণ কৰা হয়, তাৰ পিছত ইয়াক ভক্তৰ মাজত পৰিৱেশন কৰা হয়। তেনে এক বিখ্যাত নেৱাৰী উৎসৱ হৈছে ইন্দ্ৰ যাত্ৰা

অয়লাৰ দৰে অসমৰ ডিমাছা জনজাতীয় লোকসকলৰ মাজত প্ৰচলিত জুডিমাও ডিমাছা সমাজৰ ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত ব্যৱহাৰ কৰা এক পানীয়। সিজোৱা চাউলৰ পৰাই এই সুৰাও প্ৰস্তুত কৰা হয়।

অসমৰ মিছিংসকলে সিজোৱা চাউলৰ পৰা প্ৰস্তুত সুৰাক আপং বোলে। চাউলৰ আপংটো প্ৰথমে অসমত মিছিং সম্প্ৰদায়ৰ লোকসকলে বিকশিত কৰিছিল।[8] বিভিন্ন জনগোটৰ বিভিন্ন প্ৰান্তত, নিৰ্মাণ পদ্ধতিৰ কিছুমান পাৰ্থক্য আছে, কিন্তু ফাৰ্মেণ্টেচনৰ বাবে ব্যৱহৃত পদ্ধতি একেই।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Aila:(Nepal) Made from Rice. February 14, 2012. http://www.improve.com/Aila-Nepal-Made-from-Rice/229 আহৰণ কৰা হৈছে: April 17, 2013.
  2. Shrestha, Bijay (July 2003). "Aila...The Mystical Taste of Nepal". ECS Nepal. Archived from the original on 2011-12-18. https://web.archive.org/web/20111218154840/http://www.ecs.com.np/feature_detail.php?f_id=296 আহৰণ কৰা হৈছে: 2013-04-17.
  3. Bell, Thomas (March 1, 2012). "Nepal's local eateries". BBC Travel. http://www.bbc.com/travel/feature/20120229-nepals-local-eateries.
  4. Cheung, Tim (December 9, 2011). "World's 50 most delicious drinks". CNN Travel. Archived from the original on July 8, 2017. https://web.archive.org/web/20170708052338/http://travel.cnn.com/explorations/drink/worlds-50-most-delicious-drinks-883542/ আহৰণ কৰা হৈছে: November 13, 2025.
  5. Basnet, Ayushma (n.d.). "Think Local, Drink Local". Friday Weekly. Archived from the original on 2011-09-18. https://web.archive.org/web/20110918170644/http://fridayweekly.com.np/gourmet.php?id=503 আহৰণ কৰা হৈছে: 2013-04-18.
  6. Shrestha, Bijay (July 2003). "Aila...The Mystical Taste of Nepal". ECS Nepal. Archived from the original on 2011-12-18. https://web.archive.org/web/20111218154840/http://www.ecs.com.np/feature_detail.php?f_id=296 আহৰণ কৰা হৈছে: 2013-04-17.
  7. Food In Newari Culture. Archived from the original on 2015-09-11. https://web.archive.org/web/20150911101948/http://web.comhem.se/~u18515267/CHAPTERIII.htm#_ftn17 আহৰণ কৰা হৈছে: 2013-04-18.
  8. Barman, Rini. "Assam: How tribal communities brew apong, their drink, reveals a lot about gender and tradition". Scroll. https://scroll.in/article/857160/assam-how-tribal-communities-brew-apong-their-drink-reveals-a-lot-about-gender-and-tradition আহৰণ কৰা হৈছে: 14 November 2020.