সমললৈ যাওক

অলকা কুবাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অলকা কুবাল
জন্ম ২৩ ছেপ্টেম্বৰ, ১৯৬৩ (৬২ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮০- বৰ্তমান
দাম্পত্যসঙ্গী সমীৰ অথাল্যে (বি. ১৯৯২)
সন্তান ইশানী অথাল্যে

অলকা কুবাল (ইংৰাজী: Alka Kubal; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৬৩)[1] ভাৰতৰ মুম্বাইৰ এগৰাকী মাৰাঠী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ১০০ খনতকৈও অধিক মাৰাঠী আৰু কিছু সংখ্যক হিন্দী ছবিত কাম কৰিছে। তেওঁৰ ছবি মাহেৰচী সাদীয়ে তেওঁক মহাৰাষ্ট্ৰত ঘৰুৱা নাম কৰি তুলিছিল। মূলসুঁতিৰ আৰু স্বতন্ত্ৰ দুয়ো ধৰণৰ ছবিতে তেওঁ প্ৰায়ে শক্তিশালী আৰু জটিল নাৰী চৰিত্ৰত অভিনয় কৰিছে। কুবালে দুবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু তিনিবাৰকৈ ফিল্মফেয়াৰ মাৰাঠী বঁটাৰ বাবে মনোনীত হয়।[2]

কুবালে আশী আৰু নব্বৈৰ দশকৰ আটাইতকৈ জনপ্ৰিয় মাৰাঠী অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। স্ত্ৰীধন (১৯৮৪), লেক চলালী সসৰলা (১৯৮৪), তুঝ্যাৱাচুন কৰ্মেনা (১৯৮৬), শুভা বোল নাৰ্যা (১৯৯০), মাহেৰচি সাদী (১৯৯১), ছুনা য়তি ঘৰ (১৯৯৫), কমল মাঝ্যা বাইকোচি (১৯৯৭), নৱছাচ পোৰ (১৯৯৮), আৰু দেৱকী (২০০১) আদি ছবিৰ তেওঁ অভিনয় কৰিছে।[3][4][5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Documenting the dying tradition of travelling cinema in India". The Economic Times. 12 June 2016. http://economictimes.indiatimes.com/magazines/panache/documenting-the-dying-tradition-of-travelling-cinema-in-india/articleshow/52706744.cms। আহৰণ কৰা হৈছে: 17 February 2017. 
  2. "Actress Alka Kubal Athalye Reminded of Her Debut Film Chakra With Smita Patil" (en ভাষাত). News18. 22 September 2022. https://www.news18.com/news/movies/actress-alka-kubal-athalye-reminded-of-her-debut-film-chakra-with-smita-patil-6011095.html। আহৰণ কৰা হৈছে: 7 June 2023. 
  3. "DhuralaPhotos - Marathi-Movies-The Times of India Photogallery". The Times of India. http://photogallery.indiatimes.com/movies/marathi/Dhurala/morphshow/73158466.cms। আহৰণ কৰা হৈছে: 10 November 2023. 
  4. "'सुभेदार' चित्रपटात अलका कुबल यांनी साकारली आहे प्रभावशाली भूमिका, जाणून घ्या..." (mr ভাষাত). Loksatta. 29 August 2023. https://www.loksatta.com/manoranjan/marathi-cinema/marathi-actress-alka-kubal-played-important-role-in-subhedar-movie-directed-by-digpal-lanjekar-sva-00-3882192/। আহৰণ কৰা হৈছে: 10 November 2023. 
  5. "Mangla Movie (2024): Cast, Trailer, OTT, Songs, Release Date | मंगला | Mangala | Exclusive 2024 - Rang Marathi". Rang Marathi. 17 July 2024. https://rangmarathi.com/mangla-movie/। আহৰণ কৰা হৈছে: 17 July 2024.