অলিগুৰিয়া
অলিগুৰিয়া বা হাইপ'ইউৰেচিছ হৈছে প্ৰস্ৰাৱৰ কম উৎপাদন বিশেষকৈ দিনে ৮০ মিলিলিটাৰকৈ অধিক কিন্তু ৪০০ মিলিলিটাৰতকৈ কম।[1] প্ৰস্ৰাৱৰ উৎপাদন হ্ৰাস পোৱাটো পানীলগা, বৃক্ক বিকলতা, হাইপ’ভ’লেমিক শ্বক, হাইপাৰঅস্মোলাৰ হাইপাৰগ্লাইচেমিক ননকেটটিক চিনড্ৰম (HHNS), মাল্টিপল অৰ্গেন ডিছফংচন চিনড্ৰম, প্ৰস্ৰাৱৰ বাধা/প্ৰস্ৰাৱ ধৰি ৰখা, ডায়েবেটিক কেট’এচিড’ছিছ (DKA), প্ৰি-এক্লেম্পচিয়া, আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।
অলিগুৰিয়াৰ বাহিৰেও এনুৰিয়া আছে, যিয়ে প্ৰস্ৰাৱ প্ৰায় কমকৈ হোৱাটো বুজায়, ক্লিনিকেলভাৱে দিনে ৮০ বা ১০০ মিলিলিটাৰকৈ কম বুলি শ্ৰেণীভুক্ত কৰা হয়।[1]
অলিগুৰিয়া শব্দটো অলিগোৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে “সৰু, কম’’ + -uria, গ্ৰীক শব্দ ouron ৰ পৰা, যাৰ অৰ্থ হৈছে “প্ৰস্ৰাৱ।’’[2]
সংজ্ঞা
[সম্পাদনা কৰক]অলিগুৰিয়া কেঁচুৱাৰ ক্ষেত্ৰত ১ মিলিলিটাৰ/কিলোগ্ৰাম/ঘণ্টাতকৈ কম,[3] শিশুৰ ক্ষেত্ৰত ০.৫ মিলিলিটাৰ/কিলোগ্ৰাম/ঘণ্টাতকৈ কম,[3] আৰু প্ৰাপ্তবয়স্কৰ প্ৰতি ২৪ ঘণ্টাত ৪০০ মিলিলিটাৰ[3] বা ৫০০ মিলিলিটাৰ[4]তকৈ কম প্ৰস্ৰাৱৰ উৎপাদন হিচাপে সংজ্ঞায়িত কৰা হয় - ই ১৭ বা ২১ মিলিলিটাৰ/ঘণ্টাৰ সমান। উদাহৰণস্বৰূপে, ৭০ কিলোগ্ৰাম ওজনৰ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ই ০.২৪ বা ০.৩ মিলিলিটাৰ/কিলোগ্ৰাম/ঘণ্টাৰ সমান। কিন্তু বিকল্পভাৱে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতো অলিগুৰিয়াৰ সংজ্ঞা দিবলৈ ০.৫ মিলিলিটাৰ/কিলোগ্ৰাম/ঘণ্টাৰ মান সাধাৰণতে ব্যৱহাৰ কৰা হয়।[4]
কেঁচুৱাৰ ক্ষেত্ৰত
[সম্পাদনা কৰক]কেঁচুৱাৰ ক্ষেত্ৰত অলিগুৰিয়াক ১ মিলিলিটাৰ/কিলোগ্ৰাম/ঘণ্টাতকৈ কম বুলি সংজ্ঞায়িত কৰিলে ই বৃক্কৰ বিকলতাৰ বাবে নহয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Boon, Nicholas A. et al. (2006). Davidson's Principles & Practice of Medicine (20th সম্পাদনা). প্ৰকাশক Edinburgh: Elsevier/Churchill Livingstone. পৃষ্ঠা. 475. ISBN 978-0-443-10057-4.
- ↑ "Oliguria | Origin and meaning of oliguria by Online Etymology Dictionary" (en ভাষাত). www.etymonline.com. https://www.etymonline.com/word/oliguria। আহৰণ কৰা হৈছে: 2020-03-02.
- ↑ 3.0 3.1 3.2 "Acute oliguria". N Engl J Med খণ্ড 338 (10): 671–5. 1998. doi:10.1056/NEJM199803053381007. PMID 9486997. Free Full Text Archived 2010-05-05 at the Wayback Machine.
- ↑ 4.0 4.1 Merck manuals > Oliguria Last full review/revision March 2009 by Soumitra R. Eachempati
- ↑ Arant B (1987). "Postnatal development of renal function during the first year of life". Pediatr Nephrol খণ্ড 1 (3): 308–13. doi:10.1007/BF00849229. PMID 3153294.