অলিভাৰ থমাছ কট্টাৰ
অৱয়ব
| অলিভাৰ থমাছ কট্টাৰ Oliver Thomas Cutter | |
|---|---|
| জন্ম | ১৮১১ লেক্সিণ্টন, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| মৃত্যু | ১৮৮১ |
| ৰাষ্ট্ৰীয়তা | আমেৰিকান, ব্ৰিটিছ |
| পেচা | বাপ্টিষ্ট মিচনেৰী, মুদ্ৰক |
অলিভাৰ থমাছ কট্টাৰ (১৮১১-১৮৮১)[1] আছিল অসমলৈ অহা আমেৰিকান মিচনেৰী দলৰ অন্যতম সদস্য। ১৮৩১ চনত আমেৰিকাৰ পৰা ব্ৰহ্মদেশ (ম্যানমাৰ) হৈ অসমলৈ আহে। ১৮৩৬ চনৰ ২৩ মাৰ্চত শদিয়া পায়হি। ১৮৪৩ চনত শিৱসাগৰলৈ আহি তাত স্থাপন কৰা ‘মিচন প্ৰেছ’ৰ অধ্যক্ষ হয়।[2] ১৮৪৬ চনৰ পৰা প্ৰকাশ পোৱা অসমৰ প্ৰথম বাৰ্তালোচনী ‘অৰুনোদই’ৰ প্ৰতিষ্ঠাপক মুদ্ৰক আৰু প্ৰকাশক আছিল।[3] ১৮৫২ চনলৈ তেওঁ এই কাম কৰিছিল। তেওঁ অসমত বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা প্ৰৱৰ্তনৰ অন্যতম পৃষ্ঠপোষক আছিল। ১৮৫২ চনত তেওঁ লণ্ডনলৈ যায় আৰু ১৮৮১ চনৰ এপ্ৰিলত তাতে মৃত্যু হয়। তেওঁৰ পত্নী হেৰিয়েট বাউমেন ল’ কট্টাৰ-এও অসমীয়া সাহিত্যলৈ উল্লেখনীয় বৰঙনি আগবঢ়াইছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Cutter, Oliver T. (1827-1881)". American Baptist Historical Society. https://abhs.access.preservica.com/uncategorized/SO_9aad18ea-20ac-44e3-9078-541285701621/। আহৰণ কৰা হৈছে: 4 February 2025.
- ↑ কৌশিক বৰুৱা, শান্তনু (২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰকাশক গুৱাহাটী: সঞ্জীৱন প্ৰকাশন. পৃষ্ঠা. ৭৬.
- ↑ Kalita, Monmi (March 2020). "A Study On Educational Environment During The Era Of Orunodoi In Assamese Literature". INTERNATIONAL JOURNAL OF SCIENTIFIC & TECHNOLOGY RESEARCH. http://www.ijstr.org/final-print/mar2020/A-Study-On-Educational-Environment-During-The-Era-Of-Orunodoi-In-Assamese-Literature.pdf। আহৰণ কৰা হৈছে: 4 February 2025.