অলিভিয়া ৰড্ৰিগো
| অলিভিয়া ৰড্ৰিগো | |||||||||
|---|---|---|---|---|---|---|---|---|---|
গ্লাষ্টনবেৰী ফেষ্টিভেল ২০২৫-ত ৰড্ৰিগো | |||||||||
| জন্ম | অলিভিয়া ইছাবেল ৰড্ৰিগো ২০ ফেব্ৰুৱাৰী, ২০০৩ (২৩ বছৰ) মুৰিটা, কেলিফৰ্ণিয়া, আমেৰিকা | ||||||||
| পেচা |
| ||||||||
| সক্ৰিয় হৈ থকা সময় | ২০১৫–বৰ্তমান | ||||||||
| 'সঙ্গীত যাত্ৰা' | |||||||||
| সংগীতৰ ধৰণ |
| ||||||||
| বাদ্যযন্ত্ৰ |
| ||||||||
| লেবেল | গেফেন | ||||||||
| |||||||||
| স্বাক্ষৰ | |||||||||
| ৱেবছাইট | |||||||||
| oliviarodrigo | |||||||||
অলিভিয়া ইছাবেল ৰড্ৰিগো (ইংৰাজী: Olivia Isabel Rodrigo; জন্ম: ২০ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ আৰু অভিনেত্ৰী। সৰুতে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল; বিজ্ঞাপন আৰু ডাইৰেক্ট-টু-ভিডিঅ’ ছবি এণ আমেৰিকান গাৰ্ল: গ্ৰেচ ষ্টাৰছ আপ চাক্সেছ (২০১৫)ত অভিনয় কৰিছিল। ডিজনী চেনেলৰ ধাৰাবাহিক বিজাৰ্ডভাৰ্ক (২০১৬–২০১৯) আৰু ডিজনী+ ধাৰাবাহিক হাইস্কুল মিউজিকেল: দ্য মিউজিকেল: দ্য ছিৰিজ (২০১৯–২০২২)ত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে।
ৰেকৰ্ডিং কেৰিয়াৰত মনোনিৱেশ কৰি ৰড্ৰিগোৱে ২০২১ চনত গেফেন ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হৈ একক গীত "ড্ৰাইভাৰছ লাইচেন্স" মুকলি কৰে, যিয়ে একেৰাহে আঠ সপ্তাহ ধৰি আমেৰিকাৰ বিলবোৰ্ড হট ১০০-ৰ প্ৰথম স্থান দখল কৰে আৰু তেওঁক আন্তঃৰাষ্ট্ৰীয় খ্যাতিলৈ উন্নীত কৰে। সেই বছৰতে তেওঁৰ প্ৰথম ষ্টুডিঅ’ এলবাম ছ’ৰ মুক্তি পায়, যাৰ পৰা দ্বিতীয়টো এক নম্বৰ গীত "গুড ৪ ইউ" আৰু লগতে সফল একক গীত "ডেজা ৱু", "ট্ৰেইটাৰ" আৰু "ব্ৰুটাল" প্ৰকাশ পায়। তাৰ পিছত ২০২২ চনত তথ্যচিত্ৰ অলিভিয়া ৰড্ৰিগো: ড্ৰাইভিং হোম ২ ইউ মুক্তি পায়, য’ত ছ’ৰ এলবামৰ সৃষ্টিশীল প্ৰক্ৰিয়া দৰ্শোৱা হৈছে। ২০২৩ চনত ৰড্ৰিগোৱে তেওঁৰ দ্বিতীয়টো ষ্টুডিঅ’ এলবাম গাটছ মুকলি কৰে; ইয়াৰ সৈতে তেওঁৰ তৃতীয় নম্বৰ-ৱান গীত "ভেম্পায়াৰ" আৰু একক গীত "ব্যাড আইডিয়া ৰাইট?" আৰু "গেট হিম বেক!" মুক্তি পায়।
সামগ্ৰিকভাৱে ৰড্ৰিগোৱে বিলবোৰ্ড হট ১০০-ত তিনিটা এক নম্বৰ একক গীত, দুটা ইউ.এছ. বিলবোৰ্ড ২০০ নম্বৰ-ৱান এলবাম আৰু ৰেকৰ্ডিং ইণ্ডাষ্ট্ৰী এছ’চিয়েশ্যন অৱ আমেৰিকা (RIAA)-ৰ পৰা মাল্টি-প্লেটিনাম প্ৰমাণপত্ৰ লাভ কৰিছে। তেওঁ তিনিটা গ্ৰেমী বঁটা, চাৰিটা এমটিভি ভিডিঅ’ মিউজিক বঁটা আৰু সাতটা বিলবোৰ্ড মিউজিক বঁটা লাভ কৰিছে। ২০২১ চনত টাইম-ৰ বছৰৰ মনোৰঞ্জক, ২০২২ চনত বিলবোৰ্ড-ৰ বছৰৰ মহিলা আৰু ২০২২ আৰু ২০২৪ চনত দুবাৰকৈ এএছচিএপি-ৰ বছৰৰ পপ মিউজিক গীতিকাৰ হিচাপে স্বীকৃতি লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]অলিভিয়া ইছাবেল ৰড্ৰিগো[1]ৰ জন্ম ২০ ফেব্ৰুৱাৰী ২০০৩ চনত,[2] কেলিফৰ্ণিয়াৰ মুৰিয়েটা চহৰৰ ৰেঞ্চো স্প্ৰিংছ মেডিকেল চেণ্টাৰত হৈছিল। তেওঁ স্কুল শিক্ষিকা জেনিফাৰ আৰু পৰিয়াল পৰামৰ্শদাতা ক্ৰিছৰ একমাত্ৰ সন্তান।[3][4] তেওঁ ওচৰৰ টেমেকুলা চহৰত ডাঙৰ-দীঘল হৈছিল।[5] ৰড্ৰিগোৰ বাওঁ কাণটো আংশিকভাৱে শ্ৰৱণশক্তিহীন অৱস্থাত জন্ম হৈছিল।[6]
ৰড্ৰিগো আংশিকভাৱে ফিলিপিনো বংশোদ্ভূত আৰু নিজকে ফিলিপিনো আমেৰিকান হিচাপে পৰিচয় দিয়ে। তেওঁৰ পিতৃ-পক্ষৰ দাদা-আইতা আৰু প্ৰপিতামহ-প্ৰমাতামহ ফিলিপাইনছৰ পৰা আমেৰিকালৈ অভিবাসন কৰিছিল আৰু তেওঁলোকৰ পৰিয়ালে ফিলিপিনো পৰম্পৰা, বিশেষকৈ ফিলিপিনো খাদ্য প্ৰস্তুতিৰ পৰম্পৰা পালন কৰে।[7] তেওঁৰ মাতৃৰ জাৰ্মান আৰু আইৰিছ বংশোদ্ভৱ আছে।[8]
তেওঁ নিজৰ অভিভাৱকৰ প্ৰিয় অল্টাৰনেটিভ ৰক সংগীত শুনি ডাঙৰ হৈছিল; উদাহৰণস্বৰূপে নো ডাউট, পাৰ্ল জেম, দ্য হোৱাইট ষ্ট্ৰাইপছ আৰু গ্ৰীণ ডে আদি ব্যাণ্ড।[9]
ৰড্ৰিগোৱে মুৰিয়েটাৰ লিছা জে. মেইলছ এলিমেণ্টাৰী স্কুলত অধ্যয়ন কৰিছিল আৰু বিদ্যালয়ৰ পৰ-বিদ্যালয় সংগীত নাট্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।[10] পাঁচ বছৰ বয়সত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক কণ্ঠশিক্ষাৰ বাবে জেনিফাৰ ডাষ্টমেনৰ ওচৰলৈ লৈ যায়; ডাষ্টমেনে তেওঁক বিভিন্ন স্থানীয় গীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোৱায়।[11] ডাষ্টমেনৰ পৰামৰ্শত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক অভিনয় শিক্ষাও দিয়ায়।[12] তেওঁ ৯ বছৰ বয়সত পিয়ানো শিক্ষা ল’বলৈ আৰম্ভ কৰে।[11]
ৰড্ৰিগোৱে টেইলৰ ছুইফ্টৰ কান্ট্ৰী সংগীত শুনাৰ পিছত গীত ৰচনাৰ প্ৰতি আগ্ৰহী হয় আৰু ১২ বছৰ বয়সত গিটাৰ বজাবলৈ আৰম্ভ কৰে।[9][13] ২০১০ চনৰ মে’ মাহত, সাত বছৰ বয়সত, তেওঁ প্ৰথমবাৰৰ বাবে অ’ল্ড নেভিৰ এটা বিজ্ঞাপনত পৰ্দাত দেখা দিয়ে।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ LW (April 4, 2022). "Olivia Rodrigo net worth 2022: How much is the Grammy winner earning?". Marca. https://www.marca.com/en/lifestyle/music/2022/04/04/624b2b63e2704e107f8b4574.html.
- ↑ "Olivia Rodrigo Is Having a Month to Remember with 6 Grammy Nominations and New 'Hunger Games' Song". Biography. November 16, 2023. https://www.biography.com/musician/olivia-rodrigo। আহৰণ কৰা হৈছে: January 8, 2024.
- ↑ "Rancho Springs Medical Center". The Californian: পৃষ্ঠা 14. March 30, 2003. https://www.newspapers.com/clip/67591301/the-californian/.
- ↑ Gibson, Kelsie (September 8, 2023). "All About Olivia Rodrigo's Parents, Chris and Jennifer". People. https://people.com/all-about-olivia-rodrigo-parents-7967213.
- ↑ Unterberger, Andrew (May 13, 2021). "License to Thrive: Olivia Rodrigo Zooms Ahead After 2021's Biggest Breakout Hit". Billboard. https://www.billboard.com/music/pop/olivia-rodrigo-billboard-cover-story-interview-2021-9571723/.
- ↑ Martoccio, Angie (September 12, 2023). "Olivia Rodrigo Is So Over Heartbreak". Rolling Stone. https://www.rollingstone.com/music/music-features/olivia-rodrigo-guts-vampire-lyrics-meaning-1234819181/.
- ↑ Chang, Momo (January 19, 2018). "Olivia Rodrigo of Disney's Bizaardvark chats with about singing, acting, her Filipino family and skateboarding". Center for Asian American Media. Archived from the original on January 9, 2021. https://web.archive.org/web/20210109143036/https://caamedia.org/blog/2018/01/19/olivia-rodrigo-of-disneys-bizaardvark-chats-about-acting-singing-her-filipino-family-and-skateboarding/। আহৰণ কৰা হৈছে: February 15, 2026.
- ↑ Snapes, Laura (May 7, 2021). "Olivia Rodrigo: 'I'm a teenage girl. I feel heartbreak and longing really intensely'". The Guardian. http://www.theguardian.com/music/2021/may/07/olivia-rodrigo-im-a-teenage-girl-i-feel-heartbreak-and-longing-really-intensely.
- 1 2 Shafer, Ellise (August 11, 2021). "From Disney to 'Drivers License': Inside Olivia Rodrigo's Musical Journey to Become the Voice of Her Generation". Variety. https://variety.com/2021/music/news/olivia-rodrigo-drivers-license-sour-high-school-musical-1235038112/.
- ↑ Kleine, Rachel (December 28, 2015). "Murrieta's Olivia Rodrigo: An American Girl Success Story". IE Sports & News. Archived from the original on November 12, 2019. https://web.archive.org/web/20191112081906/http://iesportsnews.com/murrietas-olivia-rodrigo-an-american-girl-success-story/। আহৰণ কৰা হৈছে: February 15, 2026.
- 1 2 Widdicombe, Lizzie (April 26, 2021). "Olivia Rodrigo Is in the Driver's Seat". Elle. https://www.elle.com/culture/celebrities/a36133166/olivia-rodrigo-drivers-license-profile/.
- ↑ "Olivia Rodrigo". Geena Davis Institute. October 24, 2018. Archived from the original on January 16, 2021. https://web.archive.org/web/20210116060455/https://seejane.org/bio/olivia-rodrigo/। আহৰণ কৰা হৈছে: February 15, 2026.
- ↑ Phares, Heather. "Olivia Rodrigo | Biography & History". AllMusic. https://www.allmusic.com/artist/olivia-rodrigo-mn0003556388/biography.
- ↑ Bentley, Rick (June 20, 2016). "Disney Channel launches new comedy series 'Bizaardvark'". http://www.fresnobee.com/entertainment/tv/article84843547.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| অলিভিয়া ৰড্ৰিগো প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
- অলিভিয়া ৰড্ৰিগো at AllMusic
- অলিভিয়া ৰড্ৰিগো সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

