সমললৈ যাওক

অলুৱাচেউন অছ'ৱবি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অলুৱাছেউন অয়োডেজী অছ’ৱবি (ইংৰাজী: Oluwaseun Osowobi) নাইজেৰিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ ষ্টেণ্ড টু এণ্ড ৰেপ (STER) ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক। ২০১৯ চনত তেওঁ টাইম ১০০ নেক্সট তালিকাত অন্তৰ্ভুক্ত হোৱা দ্বিতীয়গৰাকী নাইজেৰিয়ান মহিলা আছিল, আৰু সেই একে বছৰৰ বাবে তেওঁ কমনৱেলথৰ বছৰৰ যুৱ ব্যক্তি হিচাপে নিৰ্বাচিত হৈছিল।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নাইজেৰিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা অছ'ৱবিয়ে মাকৰ পৰা অনুপ্ৰাণিত হৈ এজন অধিবক্তা হিচাপে কাম কৰিছিল।[3] আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে শ্বোৱানছি বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পূৰ্বে আহমদু বেলো বিশ্ববিদ্যালয়[3]ৰ পৰা স্থানীয় চৰকাৰ আৰু উন্নয়ন অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাপত্ৰত লিংগ সমতা আৰু মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বাধ্যতামূলক ৰাষ্ট্ৰীয় যুৱ সেৱাৰ সময়ছোৱাত অছ’ৱবিয়ে ২০১১ চনৰ সাধাৰণ নিৰ্বাচনত স্বতন্ত্ৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগৰ বাবে কাম কৰিছিল। ইয়াৰ পিছত ২০১৩ চনত তেওঁ ষ্টেণ্ড টু এণ্ড ৰেপ (STER) প্ৰতিষ্ঠা কৰে।[5][6] এই পদক্ষেপে মহিলাৰ ওপৰত হোৱা হিংসাৰ সজাগতা বৃদ্ধি আৰু যৌন নিৰ্যাতনৰ বলি হোৱা লোকসকলক সহায় আগবঢ়াবলৈ চেষ্টা কৰে।[7] ২০১৯ চনত টাইমে অনুমান কৰিছিল যে এই সংস্থাটোৱে প্ৰায় ২ লাখ নাইজেৰিয়ান লোকৰ কাষ চাপিছে।[8][9]

২০১৭ চনত জন ডি আৰু কেথেৰিন টি মেকআৰ্থাৰ ফাউণ্ডেশ্যনৰ পৰা জিনিয়াছ গ্ৰাণ্ট লাভ কৰা হয়।[10] ২০১৯ চনত তেওঁ টাইম ১০০ নেক্সটৰ বছৰৰ অন্যতম ব্যক্তি হিচাপে নিৰ্বাচিত হয় আৰু এই তালিকাত স্থান লাভ কৰা নাইজেৰিয়াৰ দ্বিতীয়গৰাকী মহিলাৰ অন্তৰ্ভুক্ত হয়।[8] ২০১৯ চনৰ কমনৱেলথৰ বছৰৰ যুৱ ব্যক্তি হিচাপেও তেওঁক নিৰ্বাচিত কৰা হয়।[2]

২০২০ চনত যুক্তৰাজ্যৰ ৰাজধানীত থকাৰ সময়তে অছ’ৱবিয়ে ৯ মাৰ্চত কমনৱেলথ দিৱস সেৱাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে ক’ভিড-১৯ত আক্ৰান্ত হয়। তেওঁ সুস্থ হৈ উঠিল আৰু তেওঁৰ অভিজ্ঞতাৰ বিশদ বিৱৰণ সংবাদ মাধ্যমত প্ৰকাশ পায়।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Nigerian gender equality activist Ayodeji Osowobi named Time 100 most influential people in the world". STER.org. 13 November 2019. https://standtoendrape.org/nigerian-gender-equality-activist-ayodeji-osowobi-named-time-100-next-times-list-of-the-next-100-most-influential-people-in-the-world/. 
  2. 2.0 2.1 "Nigeria’s Osowobi emerges Commonwealth Youth Person of the Year 2019" (en-US ভাষাত). Punch Newspapers. https://punchng.com/nigerias-osowobi-emerges-commonwealth-youth-person-of-the-year-2019/। আহৰণ কৰা হৈছে: 2020-04-23. 
  3. 3.0 3.1 "Oluwaseun Ayodeji Osowobi". womendeliver.org. https://womendeliver.org/classmember/oluwaseun-ayodeji-osowobi/। আহৰণ কৰা হৈছে: December 27, 2020. 
  4. Donovan, Ben (March 28, 2018). "Swansea student wins prestigious Commonwealth Young Person of the Year award". 2018.swansea.ac.uk. https://www-2018.swansea.ac.uk/press-office/news-archive/2019/swanseastudentwinsprestigiouscommonwealthyoungpersonoftheyearaward.php। আহৰণ কৰা হৈছে: December 27, 2020. 
  5. "From Survivor to Advocate! #BellaNaijaWCW Oluwaseun Ayodeji Osowobi wants Everyone to "Stand to End Rape"". bellanaija.com. 14 March 2018. https://www.bellanaija.com/2018/03/survivor-advocate-bellanaijawcw-oluwaseun-ayodeji-osowobi-wants-everyone-stand-end-rape/। আহৰণ কৰা হৈছে: 27 December 2020. 
  6. Ijewere, Esther (27 June 2017). "Oluwaseun Ayodeji Osowobi – Rape survivor and founder, Stand To End Rape Initiative". Guardian. https://guardian.ng/guardian-woman/oluwaseun-ayodeji-osowobi-rape-survivor-and-founder-stand-to-end-rape-initiative/. 
  7. Dark, Shayera (November 6, 2018). "Day in the life: Oluwaseun Osowobi, founder, Stand to End Rape (STER) Initiative". The Africa Reporttheafricareport.com. https://www.theafricareport.com/467/day-in-the-life-oluwaseun-osowobi-founder-stand-to-end-rape-ster-initiative/। আহৰণ কৰা হৈছে: December 27, 2020. 
  8. 8.0 8.1 "TIME 100 Next 2019: Oluwaseun Ayodeji Osowobi" (en-us ভাষাত). Time. Archived from the original on 2020-04-13. https://web.archive.org/web/20200413062950/https://time.com/collection/time-100-next-2019/5718899/oluwaseun-ayodeji-osowobi/। আহৰণ কৰা হৈছে: 2020-04-23. 
  9. "The next generation of influential Africans". CNN. https://www.cnn.com/2019/11/14/africa/gallery/time-influential-africans/index.html। আহৰণ কৰা হৈছে: 2020-04-23. 
  10. Ojo, James (13 November 2019). "Njideka Crosby, Oluwaseun Osowobi… two Nigerians make 2019 ‘TIME 100 Next’ list". lifestyle.thecable.ng. https://lifestyle.thecable.ng/njideka-crosby-oluwaseun-osowobi-two-nigerians-make-2019-time-100-next-list/। আহৰণ কৰা হৈছে: 27 December 2020. 
  11. "Nigeria COVID-19 survivor: ‘An experience I don’t wish on anyone’". Al Jazeera Englishaljazeera.com. 7 April 2020. https://www.aljazeera.com/news/2020/4/7/nigeria-covid-19-survivor-an-experience-i-dont-wish-on-anyone। আহৰণ কৰা হৈছে: 27 December 2020.