অলোকুন (দেৱী)
| অলোকুন | |
|---|---|
| পানী, স্বাস্থ্য, ধন | |
| দেৱ-দেৱীওৰিছা-ৰ সদস্য | |
| অন্য নাম | অলোকুন |
| অঞ্চল | নাইজেৰিয়া, বেনিন, কিউবা, ব্ৰাজিল |
| Ethnic group | ইয়োৰুবা লোক, বিনি লোক |
অলোকুন (ইংৰাজী: Olokun) ইয়োৰুবা ধৰ্মৰ এটা ঐশ্বৰিক আত্মা। অলোকুনক বহু ধন-সম্পত্তিৰ আৰু সাগৰৰ তলৰ দেৱী(ওৰিছা) আজেৰ জন্মদাতা বুলি বিশ্বাস কৰা হয়। অলোকুনক সকলো জলভাগৰ শাসক হিচাপে আৰু অন্যান্য জলদেৱতাৰ ওপৰত কৰ্তৃত্বৰ বাবে শ্ৰদ্ধা কৰা হয়। তেওঁলোকৰ অনুগামীসকলক বৃহৎ ধন-সম্পত্তি, স্বাস্থ্য আৰু সমৃদ্ধি প্ৰদান কৰাৰ বাবে অলোকুনক অতিশয় প্ৰশংসা কৰা হয়। পশ্চিম আফ্ৰিকা আৰু আফ্ৰিকান প্ৰব্ৰজনকাৰী উভয়ৰে সম্প্ৰদায়সমূহে অলোকুনক নাৰী, পুৰুষ বা এণ্ড্ৰজিনাছ বুলি বিভিন্ন ধৰণেৰে ভাবে।[1][2][3]
পশ্চিম আফ্ৰিকাত
[সম্পাদনা কৰক]
জল দেৱতাসমূহ “দক্ষিণ নাইজেৰিয়াত সৰ্বব্যাপী আৰু অতি গুৰুত্বপূৰ্ণ’’;[4] অলোকুন পূজা বিশেষকৈ দক্ষিণ-পশ্চিম নাইজেৰিয়াৰ ইয়োৰুবা আৰু ইডো লোকসকলৰ চহৰসমূহত উল্লেখযোগ্য। উপকূলৰ সৈতে পোনপটীয়াকৈ সংলগ্ন পশ্চিম আফ্ৰিকাৰ অঞ্চলত অলোকুনে তেওঁৰ উপাসকসকলৰ মাজত পুৰুষৰ ৰূপ লয়, আনহাতে অন্তৰ্দেশত অলোকুন এগৰাকী নাৰী দেৱতা।[2]
তেওঁলোকৰ ঐশ্বৰিক বংশৰ বিষয়ে ইয়োৰুবা পৰম্পৰা অনুসৰি অলোকুন - তেওঁৰ নাৰী অৱতাৰত - সম্ৰাট অডুডুৱাৰ জ্যেষ্ঠ পত্নী আছিল। তেওঁৰ আন এগৰাকী পত্নীৰ সৈতে তেওঁৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে তেওঁ আটলাণ্টিক মহাসাগৰত প্ৰকাশ পোৱা বুলি কোৱা হয়।[5]
কেণ্ডোম্বলে
[সম্পাদনা কৰক]ব্ৰাজিলৰ কেণ্ডোম্বলে ধৰ্মত অলোকুনক ইয়েমোজাৰ মাতৃ আৰু সাগৰৰ মালিক হিচাপে পূজা কৰা হয়। কেণ্ডেম্বলে টেৰেইৰোচ(Candomblé terreiros)ত তেওঁক স্বীকৃতি দিয়া হয়, কিন্তু উদযাপনৰ সময়ত নহয়। এই ক্ষেত্ৰত অলোকুন অডুডুয়া আৰু অৰুনমিলাৰ সৈতে মিল আছে; পশ্চিম আফ্ৰিকাত তেওঁলোকৰ গুৰুত্ব আছিল যদিও আফ্ৰিকান-ব্ৰাজিলিয়ান ধৰ্মত তেওঁলোকৰ ভূমিকা সৰু। অন্যান্য orixas ৰ দৰে অলোকুনৰ বাবে কোনো xirê chant উৎসৰ্গা কৰা হোৱা নাই। কেণ্ডেমব্লেৰ দীক্ষিতসকলে অলোকুনৰ দেৱত্বক স্বীকাৰ কৰে যদিও তেওঁক ব্যক্তিগত দেৱতা হিচাপে নাভাবে। ২০ শতিকাৰ শেষৰ ফালে আৰু একবিংশ শতিকাৰ আৰম্ভণিতে পশ্চিম আফ্ৰিকাৰ পুৰোহিতসকলে ব্ৰাজিল ভ্ৰমণৰ জৰিয়তে অলোকুনৰ পূজা পুনৰুজ্জীৱিত হৈছে।[6]
ওলোকুন য়েমোজা উৎসৱ (ফেষ্টা ডি ইয়েমাঞ্জা)ৰ সময়ত উদযাপন কৰা হয়।
চেণ্টেৰিয়া
[সম্পাদনা কৰক]অলোকুন চেন্টেৰিয়া ধৰ্মৰ এগৰাকী দেৱী। অলোকুন হৈছে এণ্ড্ৰজিনাছ অৰিছা বা দেৱী, অৰ্থাৎ অলোকুন হৈছে একেলগে এজন পুৰুষ আৰু মহিলা, ই ইফাৰ অলোকুন নে অচাৰ অলোকুন হয় তাৰ ওপৰত নিৰ্ভৰ কৰে।[2][7]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Adeoye, C. L. (1989) (yo ভাষাত). Ìgbàgbọ́ àti ẹ̀sìn Yorùba. প্ৰকাশক Ibadan: Evans Bros. Nigeria Publishers. পৃষ্ঠা. 227–236. ISBN 9781675098.
- 1 2 3 Clark, Mary Ann (2007). Santería : correcting the myths and uncovering the realities of a growing religion. প্ৰকাশক Westport, Conn.: Praeger Publishers. পৃষ্ঠা. 62. ISBN 978-0-275-99079-4. https://archive.org/details/santeriacorrecti0000clar.
- ↑ Harvey, Marcus (2015). "Engaging the Orisa: An Exploration of the Yoruba Concepts of Ibeji and Olokun as Theoretical Principles in Black Theology". Black Theology খণ্ড 6 (1): 61–82. doi:10.1558/blth2008v6i1.61. ISSN 1476-9948.
- ↑ Murphy, Joseph (2001). Ọ̀ṣun across the waters: a Yoruba goddess in Africa and the Americas. প্ৰকাশক Bloomington: Indiana University Press. পৃষ্ঠা. 238. ISBN 9780253108630. https://archive.org/details/ounacrosswatersy0000unse.
- ↑ "Olokun, Osaara: The Making Of The Atlantic Ocean And The Lagos Lagoon". The Sun. https://www.sunnewsonline.com/olokun-osaara-the-making-of-atlantic-ocean-lagos-lagoon/.
- ↑ Silva, Marcel Franco da (2012). "A polissemia do sagrado em do amor e outros demônios de Gabriel García Márquez". INTERAÇÕES: Cultura e Comunidade খণ্ড 7 (12): 69–90.
- ↑ Babalawo, Santeria's High Priests: Fathers of the Secrets in Afro-Cuban Ifa, Por Frank Baba Eyiogbe, Olokun