সমললৈ যাওক

অল্গা প্লাম্বি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অল্গা প্লাম্বি
জন্ম অল্গা প্লাম্বি
১৮৯৮
লুপ্কে, ওট্ট’ম’ন সাম্ৰাজ্য
মৃত্যু ১৯৮৪
ছদ্মনাম স্প্ৰেছা
পেচা লেখক, ৰাজনীতিবিদ, নাৰীবাদী, সমাজকৰ্মী, শিক্ষয়িত্ৰী
ভাষা আলবেনিয়ান
নাগৰিকত্ব ওট্ট’ম’ন,আলবেনিয়ান

অলগা প্লাম্বি (ইংৰাজী: Ollga Plumbi), জন্ম: ১৮৯৮ চন আৰু মৃত্যু: ১৯৮৪ চন,[1] এগৰাকী আলবেনিয়ান নাৰীবাদী, কৰ্মী আৰু ৰাজনীতিবিদ আছিল। ১৯৪৫ চনত আলবেনিয়াৰ সংসদৰ ডেপুটি হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল আৰু আলবেনিয়াৰ প্ৰথম নাৰীবাদী দলৰ ভিতৰত অন্যতম হিচাপে পৰিচিত হৈছিল।

১৮৯৮ চনত পেৰমেটৰ লুপকে গাঁৱত জন্মগ্ৰহণ কৰিছিল অল্গা প্লাম্বিয়ে। তেওঁৰ লিখিত নাম শ্বপ্ৰেছা বুলি কোৱা হয়।[2] সৰুতে স্বামীৰ মৃত্যু হোৱাৰ বাবে পৰিয়ালৰ ভৰণ-পোষণ কৰাৰ উদ্দেশ্যে কাম কৰিবলৈ তেওঁ পশ্চিমলৈ প্ৰব্ৰজন কৰিছিল আৰু কাম কৰিছিল। পিছলৈ তেওঁ আলবেনিয়ালৈ উভতি যায় আৰু ১৯৩৬-১৯৩৭ চনৰ ভিতৰত মিগজেনি আৰু চেলিম শ্বপূজাৰ দৰে অন্যান্য প্ৰগতিশীল লেখকৰ সৈতে "বোটা ই ৰে" লিখি প্ৰকাশ কৰিছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ফেচিষ্ট বিৰোধী আন্দোলনৰ অংশীদাৰ হৈ পৰে আৰু পিছলৈ তেওঁ আলবেনিয়াৰ মহিলা ফেচিষ্ট বিৰোধী পৰিষদৰ মুৰব্বী হিচাপে নিৰ্বাচিত হয়। ১৯৪৫ চনৰ নিৰ্বাচনত তেওঁ জনসংসদৰ ডেপুটি নিৰ্বাচিত হয় আৰু কেৱল এনভাৰ হক্সাৰ পিছতে দ্বিতীয় সৰ্বাধিক ভোট পোৱা ডেপুটি হয়।[3]

কিন্তু অতি কম সময়ৰ পিছতেই তেওঁক সেই পদৰ পৰা আঁতৰোৱাৰ লগতে ৰাজনীতিৰ পৰাও আঁতৰাই ৰখা হয়, কিন্তু তথাপি তেওঁ নাৰীবাদ আৰু লিংগ সমতাৰ ওপৰত বিস্তৃতভাৱে লিখি আছিল।[4]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Mesila Doda: Enveri, ende Hero i Popullit. Kur të bëhem kryeministre ndryshoj ligjin - Gazeta Shqiptare Online". http://www.gsh.al/2017/03/30/mesila-doda-enveri-ende-hero-i-popullit-kur-te-behem-kryeministre-ndryshoj-ligjin/। আহৰণ কৰা হৈছে: 2018-02-08. 
  2. "Ollga Plumbi, gruaja e zhdukur nga vëmendja publike | OP". Archived from the original on 2017-05-08. https://web.archive.org/web/20170508145544/http://opolitike.org/analiza/ollga-plumbi-gruaja-e-zhdukur-nga-vemendja-publike/। আহৰণ কৰা হৈছে: 2017-05-03. 
  3. "Shqipëria, 68 vjet votime me presione, vjedhje, manipulime, dhunë, pranga e krime". Sot.com.al. Archived from the original on 3 February 2019. https://web.archive.org/web/20190203085004/https://sot.com.al/dossier/shqip%C3%ABria-68-vjet-votime-me-presione-vjedhje-manipulime-dhun%C3%AB-pranga-e-krime। আহৰণ কৰা হৈছে: 11 March 2019. 
  4. "Feministet e para shqiptare | Peshku pa ujë". Archived from the original on 2017-12-01. https://web.archive.org/web/20171201042707/http://arkivi.peshkupauje.com/2015/06/feministet-e-para-shqiptare। আহৰণ কৰা হৈছে: 2017-05-03.