অশ্বতী থিৰুনাল গৌৰী লক্ষ্মী বাঈ
| গৌৰী লক্ষ্মী বাঈ | |
|---|---|
| জন্ম | গৌৰী লক্ষ্মী বাঈ ১৯৪৫ ট্ৰাভাংকুৰ |
| ছদ্মনাম | গৌৰী লক্ষ্মী বাঈ |
| পেচা | লেখিকা |
| ভাষা | ইংৰাজী[1] |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰত |
| শিক্ষা | অৰ্থনীতিৰ স্নাতক |
| সময় | ১৯৯৪- |
| উল্লেখনীয় কৰ্মৰাজি |
|
| উল্লেখযোগ্য বঁটা | পদ্মশ্ৰী (২০২৪) |
| দাম্পত্যসংগী | শ্ৰী বিশাখাম নল সুকুমাৰন ৰাজা ৰাজা বৰ্মা (১৯৬৩–২০০৫) |
| সন্তান | ৩ |
| পিতৃ-মাতৃ |
|
অশ্বতী থিৰুনাল গৌৰী লক্ষ্মী বাঈ (ইংৰাজী: Aswathy Thirunal Gowri Lakshmi Bayi; জন্ম: ১৯৪৫) কেৰালাৰ এগৰাকী ভাৰতীয় লেখিকা আৰু ট্ৰাভাংকুৰ ৰাজপৰিয়ালৰ এগৰাকী সদস্য। তেওঁ ইতিমধ্যে দহখনকৈ গ্ৰন্থ ৰচনা কৰিছে।[1] অশ্বতী থিৰুনাল ট্ৰাভাংকুৰৰ অন্তিমজন ৰজা চিথিৰা থিৰুনাল বলৰাম বৰ্মাৰ ভাগিন।[2] ২০২৪ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]অশ্বতী থিৰুনালৰ জন্ম হৈছিল ১৯৪৫ চনৰ ৪ জুলাইত। তেওঁ ট্ৰাভাংকুৰ ৰাজপৰিয়ালৰ মহাৰাণী কাৰ্তিকা থিৰুনাল লক্ষ্মী বাঈ আৰু লেফটেনেণ্ট কৰ্ণেল জি. ভি. ৰাজাৰ তৃতীয় সন্তান আছিল। তেওঁৰ সহোদৰসকল হ’ল অৱিত্তম থিৰুনাল ৰাম বৰ্মা (১৯৩৮–১৯৪৪), পুয়ম থিৰুনাল গৌৰী পাৰ্বতী বাঈ (১৯৪২) আৰু ট্ৰাভাংকুৰৰ বৰ্তমানৰ বংশধৰ মুলাম থিৰুনাল ৰাম বৰ্মা (১৯৪৯)।[3][4] তেওঁক তেওঁৰ সহোদৰসকলৰ সৈতে ঘৰতে এংলো-ইণ্ডিয়ান শিক্ষকৰদ্বাৰা শিক্ষা প্ৰদান কৰা হৈছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ তিৰুৱনন্তপুৰমৰ চৰকাৰী মহিলা মহাবিদ্যালয়ত ভৰ্তি হয় আৰু ১৯৬৬ চনত অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[1]
বিবাহ
[সম্পাদনা কৰক]১৯৬৩ চনত ১৮ বছৰ বয়সত অশ্বতী থিৰুনালে থিৰুভাল্লাৰ পালিয়াক্কাৰা ৱেষ্ট পেলেচৰ সদস্য ২৬বছৰীয়া বিশাখাম নল সুকুমাৰন ৰাজা ৰাজা বৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীটোৰ দুজন পুত্ৰ আৰু এজনী তোলনীয়া কন্যা আছিল। ২০০৫ চনৰ ৩০ ডিচেম্বৰত এক মটৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ ৰাজা ৰাজা বৰ্মাৰ মৃত্যু হয়। তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰাজকুমাৰ পুৰুৰুত্ততী থিৰুনাল মাৰ্তাণ্ড বৰ্মা নৃত্যশিল্পী গোপিকা বৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়; দম্পতীটোৰ এজন পুত্ৰ আছে আৰু তেওঁলোক চেন্নাইত বাস কৰে। তেওঁৰ দ্বিতীয় পুত্ৰ ৰাজকুমাৰ অৱিত্তম থিৰুনাল আদিত্য বৰ্মাই ২০০০ চনত কোট্টায়ামৰ মাৰিয়াপল্লী পেলেচৰ শ্ৰীমতী ৰেশ্মী বৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ যমজ কন্যা সন্তান আছে।
সাহিত্যকৰ্ম
[সম্পাদনা কৰক]অশ্বতী থিৰুনালে ট্ৰাভাংকুৰৰ মন্দিৰ আৰু কেৰালাৰ স্থাপত্যৰ দৰে বিষয়ৰ লগতে তিনিখন ইংৰাজী কবিতা সংকলন, বাতৰি কাকতত অসংখ্য প্ৰবন্ধ আৰু ভাৰতৰ সংস্কৃতি তথা ঐতিহ্যৰ ওপৰত মুঠ ১৩খন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল: দ্য ডন (১৯৯৪), কেৰালা টেম্পল আৰ্কিটেক্সাৰ: চাম নোটেবল ফীচাৰ্ছ (১৯৯৭), শ্ৰী পদ্মনাভ স্বামী টেম্পল (১৯৯৮), তুলসী গাৰলেণ্ড (১৯৯৮), দ্য মাইটি ইণ্ডিয়ান এক্সপিৰিয়েন্স (২০০২), বুদ্ধদৰ্শনম: লেখনাঙ্গল (২০০৭), গ্লিম্পছেছ অৱ কেৰালা কালচাৰ (২০১১), ৰুদ্ৰাক্ষমালা (২০১৪) আৰু এন এমেচাৰ্ছ এটেম্পট এট পয়েট্ৰি (২০১৮)। সমালোচকসকলৰ মতে, ১৯৯৮ চনত প্ৰকাশিত তেওঁৰ শ্ৰী পদ্মনাভ স্বামী টেম্পল গ্ৰন্থখন প্ৰাচীন মন্দিৰটোৰ ওপৰত এক বিস্তৃত গৱেষণামূলক কাম। গ্ৰন্থখন অত্যন্ত জনপ্ৰিয় আৰু ইয়াৰ কেইবাটাও সংস্কৰণ প্ৰকাশ পাইছে। কে. শংকৰন নাম্বুথিৰী আৰু কে. জয়কুমাৰে এই গ্ৰন্থখন মালয়ালম ভাষালৈ অনুবাদ কৰিছে। তেওঁৰ শেহতীয়া গ্ৰন্থখন হ’ল 'হিষ্ট্ৰী লিবাৰেটেড - দ্য শ্ৰী চিত্ৰ সাগা'।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 Santhanam, Kausalya. "Writer with a royal lineage". The Hindu. http://www.thehindu.com/features/friday-review/history-and-culture/writer-with-a-royal-lineage/article2455596.ece. ""The books are all in English," she says. "I am more fluent in the language than in Malayalam.""
- 1 2 "New Book by Aswathi Thirunal". The New Indian Express. Express News Service. 25 February 2014. http://www.newindianexpress.com/cities/thiruvananthapuram/New-Book-by-Aswathi-Thirunal/2014/02/25/article2075780.ece#.UzwN7aiSzao.
- ↑ Maheshawari, Uma. "Maharani Karthika Thirunal:Witnessing History". Kerala 4u.in. Archived from the original on 31 December 2013. https://web.archive.org/web/20131231175747/http://kerala4u.in/307/personalities/maharani-karthika-thirunalwitnessing-history। আহৰণ কৰা হৈছে: 22 March 2026.
- ↑ "Moolam Thirunal Anointed Custodian of Temple". The New Indian Express. Express News Service. http://www.newindianexpress.com/cities/thiruvananthapuram/Moolam-Thirunal-Anointed-Custodian-of-Temple/2014/01/04/article1981976.ece.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Aswathi Thirunal Gowri Lakshmi Bayi সম্পৰ্কীয় মিডিয়া ফাইল আছে। |