সমললৈ যাওক

অশ্বমেধ দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অশ্বমেধ দেৱী
সাংসদৰ সদস্য
সমষ্টি উজিয়াৰপুৰ
বিহাৰ ৰাজ্যিক মহিলা আয়োগ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
জুলাই ২০২৩[1]
বিহাৰ বিধানসভাৰ সদস্যা
কাৰ্যকাল
২০০০  ২০০৫
বিহাৰ বিধানসভাৰ সদস্যা
কাৰ্যকাল
২০০৫  ২০০৯
ব্যক্তিগত তথ্য
জন্ম ১৮ ছেপ্টেম্বৰ, ১৯৬৭ (৫৮ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল জনতা দল ইউনাইটেড
দাম্পত্যসঙ্গী প্ৰয়াত প্ৰদীপ মাহতো
বাসস্থান মেয়ৰাঈ, সমস্তীপুৰ, বিহাৰ
জীৱিকা কৃষিবিদ, ৰাজনীতিবিদ

অশ্বমেধ দেৱী (ইংৰাজী: Ashwamedh Devi, জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৬৭) এগৰাকী ৰাজনীতিবিদ আৰু সংসদ সদস্য[2] ৷ ভাৰতৰ বিহাৰ ৰাজ্যৰ উজিয়াৰপুৰ সমষ্টিৰ পৰা জনতা দল (ইউনাইটেড)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল।[3]

তেওঁ সমস্তীপুৰ বিধানসভা সমষ্টিৰ কল্যাণপুৰৰ পৰাও বিহাৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২৩ চনত বিহাৰ চৰকাৰে তেওঁক বিহাৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৬৭ চনৰ ১৮ ছেপ্টেম্বৰত জিলা সমস্তীপুৰ (বিহাৰ)ৰ মেয়াৰীত তেওঁৰ জন্ম হৈছিল। ১৯৭৯ চনৰ ৭ মে'ত প্ৰদীপ মাহতোৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ চাৰিজন পুত্ৰ আছে।[3][4]

অশ্বমেধ দেৱী মেট্ৰিক ঊত্তীৰ্ণ৷ তেওঁ বাজিতপুৰ মেয়াৰী, চৰাই ৰঞ্জন, সমস্তীপুৰ, বিহাৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হৈছে।[[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০০ আৰু ২০০৫ চনত সমস্তীপুৰ বিধানসভা সমষ্টিৰ কল্যাণপুৰৰ পৰা বিহাৰ বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।[5]

২০০৯ চনলৈকে তেওঁ সদস্য হিচাপে থাকে। ২০০৯ চনত তেওঁ ১৫ নং লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।[3] ২০২৩ চনত বিহাৰ ৰাজ্যৰ বাবে মহিলা আয়োগৰ মুৰব্বী হিচাপে অশ্বমেধ দেৱীয়ে নিযুক্তি লাভ কৰে। তেওঁ ৰাজ্যৰ মহিলাৰ সৈতে জড়িত বিষয়সমূহ চোৱাচিতা কৰিবলৈ পুনৰ গঠন কৰা আয়োগত সাতগৰাকী সদস্যৰ এগৰাকী আছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Ashwamedh Devi take charges as Chairperson of State women commission". Hindustan Times. https://www.hindustantimes.com/cities/patna-news/ashwamedh-devi-takes-charge-as-chairperson-of-bihar-state-women-commission-to-address-pending-cases-of-violence-101690559747463.html আহৰণ কৰা হৈছে: 9 September 2023.
  2. "EX-MP Track - Lok Sabha". PRS. Archived from the original on 21 December 2019. https://web.archive.org/web/20191221154043/http://prsindia.org/mptrack/loksabha/list?gender=Female আহৰণ কৰা হৈছে: 15 March 2014.
  3. 1 2 3 4 "Biographical Sketch Member of Parliament 15th Lok Sabha". http://164.100.47.132/LssNew/members/former_Biography.aspx?mpsno=4464 আহৰণ কৰা হৈছে: 20 February 2014.
  4. "Ujiarpur grapples with new caste equations - Delimitation changes constituency's constitution, not its share of problems". The Telegraph. https://www.telegraphindia.com/bihar/ujiarpur-grapples-with-new-caste-equations-delimitation-changes-constituency-s-constitution-not-its-share-of-problems/cid/180458 আহৰণ কৰা হৈছে: 19 April 2023.
  5. "Ashwamedh Devi chairman of Bihar Women Commission". jagran.com. https://www.jagran.com/bihar/samastipur-ex-jdu-mp-ashwamedh-devi-became-chairperson-of-bihar-women-commission-notification-issued-23482833.html আহৰণ কৰা হৈছে: 9 September 2023.
  6. "Ashwamedh Devi to head state commission for women". Times of India. https://timesofindia.indiatimes.com/city/patna/ashwamedh-to-head-state-commission-for-women/articleshow/102155049.cms আহৰণ কৰা হৈছে: 9 September 2023.